১৯ বছৰীয়া তাৰিচি জৈনে সপোনতো কল্পনা কৰা নাছিল যে বাংলাদেশৰ গুলচানৰ হলি আৰ্টিজান ৰেষ্টুৰেণ্টত শেষবাৰৰ বাবে সোমাইছিল আৰু কাহানিও ওলাই নাহে। সাধাৰণ লৰা-ছোৱালীৰ দৰে তাৰিচিয়েও হয়তো ভাৱিছিল বিশ্বৰ বুকুৰ পৰা সন্ত্ৰাসবাদ এদিন নিশেষ হৈ যাব। সন্ত্ৰাসবাদৰ বিষয়ে হয়তো শুনিছিল, কিন্তু এইদৰে সন্ত্ৰাসৰ বলী খোদ নিজেই হ’ব বুলি হয়তো কাহানিও কল্পনা কৰা নাছিল। তেওঁ চুটি কটাবলৈ নিজ ঘৰলৈ সুদূৰ আমেৰিকাৰ পৰা ঢাকাহৈ ভাৰতলৈ অহাৰ পৰিকল্পনা কৰিছিল। কিন্তু নিষ্ঠুৰ ৰক্তপিপাসু কেইজনে মৰণফাণ্ড পাতি চোপলৈ তেনেকৈ যে ৰৈ থাকিব তেওঁ অনুভৱেই কৰা নাছিল। এই নৰপিশাষ কেইটাই তাৰিচিৰ লগতে বৰ্বৰোচিত ভাৱে ডিঙি ৰেপি হত্যা কৰিছিল ২০ জন নিষ্পাপ, নিৰীহ বিদেশী নাগৰিকক। দুই বাংলাদেশী বন্ধু ফাৰাজ হোছেন আৰু ইচৰাত আখণ্ডে সন্ত্ৰাসবাদীৰ ওচৰত নতি স্বীকাৰ নকৰি বন্ধুত্ব, ভাতৃত্ববোধ আৰু মানৱতাৰ পৰিচয়ৰে নিজৰ জীৱনকো উচৰ্গা কৰিলে। ইচ্ছা কৰিলে তেওঁলোকে নিজৰ জীৱনটো বচাব পাৰিলে হয়। ই জঘন্য কাণ্ডটোৰ এক ইতিবাচক দিশ। কেৱল কোৰৱান পাঠ কৰিব নোৱাৰা বাবেই এইদৰে হত্যাকাণ্ড সংঘটিত কৰাৰ যথাৰ্থতা ক'ত? বাংলাদেশৰ যিকেইজন মনুষ্যত্বহীন সন্ত্ৰাসবাদীয়ে নৃশংস হত্যালিলা চলালে তাৰ আটাইকেইজনে অভিজাত শ্ৰেনীৰ উচ্চ শিক্ষিত বুলি অনুসন্ধানত প্ৰকাশ পাইছে। আটাইকেইজনেই মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰাৰ পৰিবৰ্তে ইংৰাজী মাধ্যমতহে পঢ়া শুনা কৰিছিল। কি উচ্চ শিক্ষাৰে শিক্ষিত হৈছিল নাজানো। সিহঁতে কি কোৰৱানৰ বাণী পঢ়িছিল তাকলৈও সন্দেহ ওপজে। সন্দেহ নহয় সিহঁত সম্পূৰ্ণৰুপে বিপথগামী। আমি ভুলকৈ পঢ়িছো নেকি? ইয়াৰ দ্বাৰা প্ৰতীয়মান হয় যে সন্ত্ৰাসবাদ আজি এটা পেচা বা ফেশ্বনত পৰিণত হৈছে। অলৌকিক অন্ধবিস্বাসৰ বলি হৈ পৰকালত বেহেস্ত বা স্বৰ্গ লাভ লাভৰ বাঞ্চনা আৰু ৭২ গৰাকী কুৱৰী যুৱতী পোৱাৰ আশাত বন্দীসকলে নিজৰ জীৱনকো নেওচি নিৰ্বিচাৰে মানুহক হত্যা কৰিছে। কিন্তু সিহঁতে পাহৰি গৈছে যে ইচলামত দুই মহাপাপ হৈছে - হত্যা আৰু আত্মহত্যা। সিহঁতে এই দুই মহাপাপৰে অংশীদাৰ হৈছে আৰু সেয়ে সিহঁতৰ দোজোখ বা নৰক নিশ্চিত। সিহঁতৰ হাঁহি থকা মুখবোৰ দেখি হয়তো বহুতে থুৱাইছে। সিহঁতৰ পিন্ধন উৰণ দেখি সিহঁতৰ লগতে সাধাৰণ মুছলমানৰ ওপৰতো বহুতৰ ঘৃণা ওপজিছে। ওপজাই স্বাভাৱিক। এইসকলে যে সৰ্বসাধাৰণ মুছলমানৰ জীৱন ধাৰণ দুৰুহ কৰি তুলিছে। ঘৃণা বিদ্বেষৰ পাত্ৰ কৰি তুলিছে। এই নৰাধমবোৰে হত্যাযজ্ঞ চলাই কি পৈশাচিক সুখ আৰু আনন্দ পায় তাকে ভাৱিহে আচৰিত হৈছো। কিন্তু ভাৰতীয় মুছলমানৰ এই দুৰ্বিত্ত সকলৰ প্ৰতি কোনো সহমৰ্মিতা নাই আৰু কাহানিও নাথাকে বুলি আমাৰ দৃঢ়বিস্বাস। বৰং ভাৰতীয় যুৱতী তাৰিচি জৈনৰ হত্যাকাণ্ডত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালৰ সৈতে তেওঁলোকো মৃয়মান। নৰপিশাচ হত্যাকাৰী এই কাফেৰহঁত নিপাত যাওক।
সন্ত্ৰাসবাদ শব্দটো শুনিলেই সমগ্ৰ বিশ্ববাসীৰ মনত চৰম বিতৃঞ্চা, ঘৃনা ওপজে। এই মানৱতাবিৰোধী, অবিবেচক, নৰসংহাৰী কাণ্ড কাৰখানাবোৰে বাৰে বাৰে লজ্জানত কৰে মানৱজাতিক। কিহৰ তাড়নাত এনে ঘটনাৰ পুণৰাবৃত্তি ঘটিবলৈ ধৰিছে? ই এক অবোধ সাথৰ। এইডছতকৈও অধিক ভয়াবহভাৱে পুলি পোখালিৰে শিপাই যোৱা এই ৰোগৰ প্ৰতিশেধক সমগ্ৰ বিশ্বতে কোনো চিকিৎসকে উলিয়াব পৰা নাই। একৈশ শতিকাৰ আৰম্ভনিৰে পৰা বিশ্বত্ৰাস হৈ পৰা সন্ত্ৰাসবাদে বৰ্তমান চৰম পৰ্যায় পাইছে। ধৰ্মৰক্ষাৰ নামত আৰম্ভ কৰা তথাকথিত এই জিহাদ অথবা ধৰ্মযুদ্ধই সমগ্ৰ মানৱজাতিৰ সম্মুখত কেৱল ধৰ্মকে তুলাচনিত তুলিছে। মুছলীম বিদ্বেষেৰে বিশ্বত ঘৃণাৰ বাতাবৰণে বিৰাজ কৰিছে। মুছলীম বুলিলেই জাঙুৰ খাই উঠা হৈছে বিশ্বৰ এক বুজন সংখ্যক লোক। ভয়াবহভাৱে সৃষ্টি হৈছে ইচলাম ফোবিয়া। হোৱাৰ যুক্তিযুক্ততাও নথকা নহয়। কোৰাণ, হাদিছৰ হাৱালা দি এই ৰক্তপিপাসু সকলে চলোৱা নিৰ্বিচাৰ কৰ্মকাণ্ডৰ ফলশ্ৰুতিতে সৃষ্টি হৈছে এনে অকৃত্ৰিম ফোবিয়া। সাধাৰণ মুছলমান সম্মুখিন হবলগা হৈছে সীমাহীন মানসিক নিৰ্যাতনৰ। কিন্তু যিমানেই সমূখত বিপদে আগভেটি নধৰক কিয়, যিমানে মানৱতা বিৰোধী অপশক্তিয়ে মাধমাৰ নোসোধাওক কিয়, আমি আমাৰ ভাতৃত্ববোধৰ আদৰ্শক জলাঞ্জলি নিদিয়াৰ অঙ্গিকাৰ লোৱাৰ সময় সমাগত। আমি সকলো একে ঈশ্বৰৰ সন্তান। পৃথিৱীৰ সকলো অশান্তি, বেমেজালিৰ অন্তৰালত আছে আইচিচৰ দৰে মৌলবাদী, সন্ত্ৰাসবাদী সংগঠন। আইচিচ আজি অবিবেচক বিশ্বত্ৰাস আৰু বিশ্বৰ আটাইতকৈ ঘৃণীত সংগঠন।
এই ঘটনাবোৰে সন্ত্ৰাসবাদ আৰু ইচলাম যে ওতপ্ৰোতভাৱে জড়িত তাকে প্ৰমানিত কৰি থাকিব। নিৰীহ মুছলমান পুণৰ লজ্জিত হ’ব, ঘৃণা-বিদ্বেষৰ পাত্ৰ হ’ব। স্বাভাৱিক প্ৰশ্ন হ’ল- ইচলামে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়ে নেকি? সন্ত্ৰাসবাদ ইচলামে সৃষ্টি কৰা ব্যাধি নেকি? প্ৰত্যেকজন মুছলমানে জিহাদী নেকি? দৰাচলতে জিহাদ শব্দটো ইচলাম ধৰ্মতে যে বিদ্যমান তেনেও নহয়। ইয়াক হিন্দু ধৰ্মত ‘ধৰ্মযুদ্ধ’ আৰু খ্ৰীষ্টান ধৰ্মত ‘ক্ৰছেদ’ আখ্যা দিয়া হৈছে। অৱশ্যে শব্দটোৰ বহুল অপব্যৱহাৰৰ বাবে এককভাৱে দায়ী সন্ত্ৰাসবাদী সংগঠনসমুহ- অল-কায়দা, তালিবান, আইচিচ আৰু অসংখ্য মৌলবাদী সংগঠন। কিন্তু ইছলামৰ প্ৰচাৰক হজৰত মহম্মদে (ছ:) ইচলাম প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ বাবে কেৱল আত্মৰক্ষাৰ স্বাৰ্থত কৰা যুদ্ধসমূহক ‘জিহাদ’ আখ্যা দিছিল আৰু তেতিয়াৰ পৰিস্থিতি সম্পূৰ্ণৰুপে পৃথক আছিল। তাক আজি কেৱল স্বাৰ্থপুৰণৰ বাবে ব্যৱহাৰ কৰাটো বুৰ্বকৰহে পৰিচায়ক। জিহাদৰ প্ৰকৃত অৰ্থ হ’ল আত্মাক কলূসিত নকৰাকৈ স্বনিয়ন্ত্ৰণৰ বাবে কৰা আত্মশুদ্ধিৰ নিজস্ব ব্যক্তিগত যুজ। ১৪০০ বছৰে কলুসিত নোহোৱাকৈ থকা কোৰৱানৰ বাণীসমূহ যোৱা তিনি-চাৰি দশকত এইদৰে ভ্ৰমিত হোৱাৰ অন্তৰালত কি শক্তিয়ে উদগণি যোগাইছে তাক জুকিয়াই চোৱাৰ সময় সমাগত। ইয়াৰ অন্তৰালত ৱাহাবীবাদৰ দৰে চৰমপন্থা মুলতঃ দায়ী বুলি বহু বিশেষজ্ঞই ক'ব বিচাৰে। ৱাহাবীবাদ চৰমপন্থাৰ মুল পৃষ্ঠপোষক চৌদী আৰব আৰু তাৰ শাসকগোষ্ঠীৰ দ্বাৰা ই পৌষ্য, সংৰক্ষিত আৰু সুৰক্ষিত। স্মৰ্তব্য যে এই ৱাহাবীবাদৰ লক্ষ্য আৰু প্ৰসাৰৰ সৈতে "জিহাদ"ৰ পোনপটিয়া কোনো সম্পৰ্ক নাছিল যদিও সময়ৰ পৰিৱৰ্তনৰ সৈতে কোনো পধ্যেই নিমিলা ইছলামৰ এই ৱাহাবীবাদ যি ধাৰ্মিক (দীনি) শিক্ষা দিয়ে সি একাংশ মুছলমানক জিহাদ ধাৰণাৰ দিশে ক'ব নোৱাৰাকৈ অগ্ৰসৰ হ'বলৈ সাঁকোৰ দৰে কাম কৰে। ফলত জিহাদ আৰু ৱাহাবীবাদৰ মাজত কাৰ্য-কাৰণৰ এক সুন্দৰ সেতুবন্ধন দেখিবলৈ পোৱা যায়।
এচাম মুছলমান লোক উগ্ৰ হ'বলৈ ধৰাটো সুৰ্যৰ পোহৰৰ দৰে সঁচা। ই নতুনকৈ আৰম্ভ হোৱা কোনো বিষয় নহয়। মুলতঃ ৱাহাবীবাদৰ দৰে প্ৰথাই এইক্ষেত্ৰত অগ্ৰনি ভূমিকা লৈ আহিছে। আন্তৰ্জাতিক প্ৰেক্ষাপটত বহু আগতেই আৰম্ভ হৈছিল এই নতুন ইচলামীয় ধাৰা। ওঠৰশ শতিকাৰ মাজভাগৰ পৰা মহম্মদ বিন আব্দুল ৱাহাবে এই সংস্কাৰমুখী চিন্তাৰ খোৰাক যোগাইছিল। তেওঁ আৰম্ভ কৰিছিল ৱাহাবী আন্দোলন যি আধুনিকত্বৰ বিপৰীতে আছিল পশ্চাদমুখী। তেওঁ আছিল বাদচাহ আব্দুল আজিজ আচ চাউদৰ আধ্যাত্মিক গুৰু। এই বাদচাহ আছিল সাম্ৰাজ্যবাদী। তেওঁ মধ্যযুগীয় উদাৰবাদী, সমন্বয়ধৰ্মী চুফীবাদ বা আধ্যাত্মিকতাক সমুলি নস্যাৎ কৰি সপ্তম-অষ্টমযুগীয় ইচলাম প্ৰৱৰ্তনৰ পোশকতা কৰিছিল। সকলো ক্ষেত্ৰতে কোৰৱানৰ অপবাখ্যাৰে বিশুদ্ধতা বিচৰাত উঠি পৰি লাগিছিল। সেই সময়ত হেনো আৰৱ উপকুলীয় অঞ্চলসমূহত বিভিন্ন অনা ইচলামীয় কাৰ্য্য যেনে কবৰ-মাজাৰ আৰাধণা, কবৰত চিজদা কৰা আদি চলিছিল। এনে প্ৰথাসমুহক ইচলামবিৰোধী আখ্যা দি শক্তি প্ৰায়োগৰে হলেও বন্ধ কৰাত উদগনি যোগাইছিল। আজি এনে এক পৰ্যায় পালে যে সন্ত্ৰাসবাদী আত্মাঘাটী বোমাৰুয়ে হজৰত মহম্মদৰ কবৰৰ কিৰ্ত্তিচিহ্নকো নিশেষ কৰাৰ প্ৰয়াস কৰিলে। তাতোকৈ ডাঙৰ কথা হ’ল সিহঁতে ক্বাবা শ্বাৰিফকে উৰাই দিয়াৰ হুংকাৰ দিলে। ইচলামৰ পাঁচ স্তম্ভৰ ভিতৰত হজো এটা। ইয়াকো যদি সিহঁতে অনা ইচলামীয় আখ্যা দিয়ে তেন্তে সিহঁত কিহৰ মুছলমান? সিহঁতে বুজি নাপায় যে কোনেও কবৰ বা মাজাৰ আৰাধনা কৰিবলৈ নাযায় বৰং আল্লাহ বা ঈশ্বৰকহে বিচাৰি ফুৰে। তেওঁলোকে প্ৰতিজন মুছলমানৰ চাল-চলন, পিন্ধন-উৰণ, চিন্তাধাৰা সপ্তম-অষ্টম শতিকাৰ আৰৱ দেশৰ স্থানীয় লোক সকলৰ দৰে হোৱাটো উগ্ৰভাৱে বিচাৰে। তেওঁলোকৰ কথা হ'ল হজৰত মহম্মদ আৰু তেওঁৰ অনুগতসকলৰ সেই সময়ত যি চাল-চলন, পিন্ধন-উৰণ আছিল সেই ধাৰাই বৰ্তমানেও চলিব লাগে। নচলাসকল ইচলাম ধৰ্মীয় নহয়। পাছলৈ আৰৱ উপকুলীয় দেশৰ বহু শাসকে ৱাহাবীবাদকে ৰাজনৈতিক অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰি শাসনভাৰ চলাই যায়। গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ সমাজ ব্যৱস্থাৰ প্ৰতি অনিহা অথবা ইয়াক অনা ইচলামীয় বুলি তেওঁলোকে দাবী কৰে। সেয়ে ইৰাণ বা টুৰ্কীৰ লেখিয়া দেশৰ শাসক এইসকলৰ শত্ৰু। বৰ্তমান গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ সৈতে ইচলামে সামঞ্জস্য ৰক্ষা কৰিব নোৱাৰাৰ মুলতে আছে ৱাহাবীবাদ বা মৌলবাদ। তেওঁলোকৰ মতে সপ্তম-অষ্টম শতিকাৰ আৰব দেশৰ ইছলামেই হৈছে একমাত্ৰ পৰিশুদ্ধ ইছলাম! ইছলামক এইধৰণে ঘূৰাই পাব বিচৰা অতীতমূখী, পুনৰুত্থানবাদী ধাৰাটোৱে 'জিহাদ' শব্দৰ পৰিভাষা সলনি কৰিছে। এই চৰম পন্থাত বিস্বাসী যাক অশুদ্ধ বুলি ভাৱে তাকে শক্তি ব্যৱহাৰ কৰি হলেও ধ্বংস কৰাৰ পক্ষ্যপাতি। তেওঁলোকে ভাৱে পূজা ৰ্অচনা অনা ইচলামী, সেয়ে পূজাস্থলীয়ে ধ্বংস কৰি পেলাই। তালিবানে সেইবাবেই বুদ্ধৰ বামীয়ান মুৰ্তি ধ্বংস কৰি পেলাইছিল।
ভাৰত উপমহাদেশতো ৱাহাবীবাদ পুলি পোখাৰে শিপাইছে আৰু কব নোৱাৰাকৈ বুজন সংখ্যাক মুছলমানৰ কট্টাৰপন্থী হৈ পৰিছে। বৃহৎ সংখ্যক মুছলমানে যি তবলিগ জামাতৰ সৈতে জড়িত তেওঁলোকে ইছলামক সপ্তম-অষ্টম শতিকালৈ পুনৰ ঘূৰাই লৈ যাব বিচাৰে। পাকে-প্ৰকাৰে ভাৰতীয় মুছলমানৰ স্মৃতিৰ পৰা আঁতৰাই দিব বিচাৰে চুফী সাধকসকলক। চুফী আন্দোলনে সমগ্ৰ বিশ্বতে উদাৰবাদী, শ্ৰেনীহীন, সাম্যবাদী, ধৰ্মনিৰপেক্ষ ইচলামৰ আধ্যাৎমিকতাৰ বাৰ্তাবাহক আছিল। তেওঁলোকৰ সুবাদতে ইচলামে সমগ্ৰ বিশ্বতে শোপনি পুতিব সক্ষম হৈছে। ৱাহাবীবাদৰ দৰে কট্টৰ ইচলাম যদি প্ৰচাৰ কৰা হ’লহেঁতেন তেন্তে ইচলাম কেৱল আৰৱতে সীমাবদ্ধ থাকিলহেঁতেন। ভাৰত উপমহাদেশত সৰ্বধৰ্ম পুজ্য চুফীসাধক মইনুদ্দিন চিস্তি, নিজামুদ্দিন আউলিয়া, আমিৰ খুচৰু, শ্বাহ জালাল আদিৰ দৰে সম্প্ৰীতিৰ দোলেৰে স্থাপন কৰা প্ৰেম আৰু শান্তি বিয়পোৱা ইছলামক সিহঁতে নিশ্চহ্ন কৰিব বিচাৰে। ইহঁতে পাহৰাই পেলাব খোজে আজান ফকিৰ, গিয়াছুদ্দিন আউলিয়া প্ৰভৃতি সন্ত সকলৰ সৰ্বজন-গ্ৰহনীয় উদাৰ ইছলামক। এইক্ষেত্ৰত বহুলাংখে এইসকল সক্ষমো হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পোৱা কৌটি-কৌটি দান-বৰঙনি তেওঁলোকে এইবোৰ কাম-কাজ চলাই নিবলৈ ঢালি-বাকি খৰচ কৰে। পাকিস্তানৰ দৰে ৱাহাবীবাদ এইদৰে শিপাইছে যে মৌলবাদে সমগ্ৰ সমাজখনকে গ্ৰাস কৰি পেলাইছে। সেয়ে পাকিস্তান সন্ত্ৰাসবাদৰ মুল ঘাটিত পৰিণত। সেই মৌলবাদে বাংলাদেশতো শোপনি পুতিছে। সেইবাবেই আইচিচ আহি আমাৰ নিচেই কাষতে কুটাঘাট কৰিবলৈ সক্ষম হ'ল। ভাৰতবৰ্ষটো এইসকলে শোপনি পুতিবলৈ কিছু হলেও সক্ষম হৈছে। আমি যিমানে অস্বীকাৰ নকৰো সমগ্ৰ বিশ্বতে ইচলাম ধৰ্মাৱলম্বী আজি স্পষ্টভাৱে দুই ভিন্ন মেৰুত অৱস্থান কৰিছে - কট্টৰবাদী আৰু উদাৰবাদী। কট্টৰবাদী সংখ্যা তাকৰ হলেও সিহঁতৰ হিংস্ৰ কাৰ্যকলাপৰ বাবে সমগ্ৰ ধৰ্মাৱলম্বীয়ে কলুসিত হৈছে। সেয়ে কট্টৰবাদী ধাৰাটোক প্ৰতিহত কৰিবলৈ উদাৰবাদী সকল আগুৱাই আহিব লাগিব। কেৱল গৰিহনা দিলেই বা নিন্দা কৰি এৰাই চলিলে নহ'ব। হাতে কামে লাগিব লাগিব আৰু সেই সময় সমাগত। এইক্ষেত্ৰত তবলিগ জামাতে এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিব পাৰে। তেওঁলোকৰ নেটৱৰ্ক সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ সৰু বৰ নগৰ চহৰ, গাওঁ-ভুই সকলোতে বিদ্যমান। তেওঁলোকে মুছলমানৰ সম্মূখত উদাৰবাদী ইচলামৰ বাণী প্ৰচাৰ কৰা উচিত আৰু তেতিয়াই প্ৰতিহত হ'ব মৌলবাদী। মাদ্ৰাছা সমুহেও এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক ইচলামৰ উদাৰবাদী শিক্ষা প্ৰদানত গুৰুত্ব আৰোপ কৰিব লাগে। এইসকলেই পিছলৈ গৈ মছজিদৰ ইমাম, মুফটি বা ধৰ্মৰ ধ্বজাবাহক হ'ব। তেওঁলোকৰ গুৰুদায়িত্ব হ'ল ইচলাম ধৰ্মীক শুদ্ধ বাৰ্তা প্ৰেৰণ কৰা। তেতিয়াই প্ৰতিহত হ'ব ধৰ্মৰ বেহা মেলা প্ৰচাৰকসকল আৰু কট্টৰ ৰাজনৈতিক নেতাসকল।