Friday, 27 May 2016

ধৰ্মভিত্তিক ৰাজনীতি

ধৰ্মভিত্তিক ৰাজনীতি


ফেচবুকৰ এজন বন্ধুৰ এটা আপদেট দেখি আচৰিত আৰু অস্বস্তিত পৰাই নহয় ব্যথিত আৰু মৰ্মাহত হলো। আমাৰ সমাজখন বাৰু ইমানেই বিকৃত আৰু কলুসিত হ'ল নে? এজন পথভ্ৰষ্ট যুৱকৰ ধ্যান-ধাৰণা এনে নিকৃষ্ট হোৱা বুলি আত্মসন্তুষ্টি লভিব বিচাৰিও বিব্ৰত হলো। কাৰণ তেওঁৰ আপদেটত মন্তব্য দিয়াসকলৰ ভিতৰত আছিল শিক্ষক, লেখক, চিকিৎসক, অভিযন্তাকে ধৰি নানান উচ্চ ডিগ্ৰীধাৰি তথা মুধাফুটা ব্যক্তিবিশেষ। তেওঁলোকৰ মন্তব্যবোৰো তিক্ততাভৰা, অসংলগ্ন আৰু তেওঁৰ সৈতে ঐক্যমতত উপনিত হোৱা বিধৰে আছিল। তেওঁৰ অজানিতে কোনো প্ৰতিক্ৰিয়া নকৰাকৈয়ে ব্লক কৰাৰ আগেয়ে বিৰূপ মন্তব্য দিয়াসকলকো ব্লক কৰিলো। তেওঁ আপদেট দিছিল-'শঙ্কৰ-মাধৱৰ ঠাইত শঙ্কৰ-আজান কোন কুকুৰে কৰিলে? অসমীয়াৰ সমাজ জীৱনত আজানৰ কি অৱদান আছে?' তেওঁৰ বয়সৰ পম খেদি গম পালো, তথাকথিত নৱ প্ৰজন্মৰ! তেওঁ যে অধ্যয়ন শুন্য, ফোপোলা সি সহজে অনুমেয়। কিন্তু মন্তব্য দিয়াকেইজনৰ মন্তব্যই চিন্তাম্বিত কৰি তুলিলে। তেওঁলোকে এই যুৱকজনক উচতনি দিয়া যেন লাগিল। এজনী যুৱতীৰ মন্তব্যই অৱশ্যে হৃদয় চুই গ'ল। তেওঁ লিখিলে- ‘হিন্দু-মুছলমান হোৱাৰ আগতে মানুহ হবলৈ চেষ্টা কৰা।’ ফেচবুক এনেকুৱাই, যিয়ে যি বিচাৰে তাকেই বিনা দ্বিধাই দায়বদ্ধতাৰ সীমা চেৰাই বক্তব্য আৰু মন্তব্য প্ৰকাশ কৰিব পাৰে। তাৰ অৰ্থ এইটো নহয় যে আমি ফেচবুকৰ লগতে চচিয়েল নেটৱৰ্কিং চাইটবোৰক সমালোচনা কৰিব বিচাৰিছো। বাস্তৱ সমাজ এখনত গা কৰি উঠা মনোবৃত্তিবোৰকে ই প্ৰতিনিধিত্ব কৰিছে। কিন্তু বাস্তৱ সমাজ এখনত কাৰোবাৰ নেতিবাচক চিন্তাধাৰা এইদৰে মুকলিমুৰীয়াকৈ ব্যক্ত কৰিব নোৱাৰে। সন্তৰ্পনে, গুপ্তভাৱে ব্যক্ত কৰিলেও তেওঁৰ চিন্তাধাৰাৰ সৈতে ৰজিতা খোৱা ব্যক্তিৰ সন্ধান কৰা সহজসাধ্য নহয়। কিন্তু চচিয়েল নেটৱৰ্কিং চাইটবোৰে বিকৃত মানসিকতা সম্পন্ন মন-মগজুবোৰক একত্ৰিত কৰাত সুবিধা প্ৰদান কৰে। মানুহ অন্তঃকৰনেৰে শিক্ষিত আৰু সংস্কৃত নহ'লে কেৱল নামৰ পিছত ডিগ্ৰী এসোপা থাকিলেই শিক্ষিত নহয়। প্ৰকৃত শিক্ষিত মানুহৰ মন সদায়ে উদাৰ আৰু বিশাল হয়। সমূহীয়াকৈ দিয়া বক্তব্য প্ৰকাশ কৰোতে মানুহ কিমান সংযত হ'ব লাগে, সেইকথা এইসকল অল্প আৰু অৰ্ধ শিক্ষিত মানুহে বুজি নাপায়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যিমানেই আগুৱাই যাবলৈ লৈছে অন্ধবিশ্বাসৰ কলীয়া ডাৱৰে মানৱ সমাজখনক সিমানেই চানি ধৰিছে। মানুহৰ প্ৰকৃত আস্থা ক'ত বুলি কোৱাটো আজিৰ সময়ত একেবাৰেই অপ্ৰাসংগিক যেন বোধ হবলৈ ধৰিছে। তাত্বিক পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিঙে কৈছে- ‘মানুহক বিজ্ঞানৰ পৃথিৱী এখন লাগে মাথো এটা কাৰণতেই লাগে য'ত সুখ-সম্ভোগৰ সমল সমুহ সহজতে পাব পাৰি। সেইখিনি পোৱাৰ পাচত বিজ্ঞানৰ প্ৰয়োজনীয়তা অধিকাংশ মানুহৰ ওচৰতেই প্ৰায় শূন্য হৈ পৰে।’ আজিৰ পৰা প্ৰায় এক শতিকাৰ আগতে অন্ধবিশ্বাস বুলিলেই আমি অশিক্ষিত, পিচপৰা মানুহৰ মানসিক অৱস্থাৰ কথাহে বুজিছিলোঁ। আজি বিষয়টো প্ৰায় ওলোটা যেন লাগে, উচ্চ শিক্ষিত আৰু তথাকথিত আধুনিক চামটোহে আজি অন্ধবিশ্বাসৰ বাটকটিয়া। বিজ্ঞানৰ চৰম সাফল্য আৰু অন্ধবিশ্বাসৰ চৰম প্ৰসাৰতাই কোনো এক বিন্দুত মুখামুখি হ'বনে? এই মুখামুখিৰ ফলশ্ৰুতিত এক ভয়ংকৰ আদৰ্শগত বিষ্ফোৰণ হোৱাৰ সম্ভাৱনীয়তা প্ৰকৎ হৈ পৰাৰ আশংকা নুই কৰিব নোৱাৰি।

কোনো জাতি-ধৰ্ম-জনগোষ্ঠীৰ সৈতে কোনো ৰাজনৈতিক দল সাঙোৰ খাই যোৱাটো এক অশুভ পৰম্পৰা। পৰিতাপৰ বিষয় এয়ে যে ভাৰতবৰ্ষৰ দৰে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত ৰাজনীতি এই চাকনৈয়াৰ পৰা বাহিৰ হ’ব পৰাই নাই। জাতি-ধৰ্ম-জনগোষ্ঠীবোৰৰ সৈতে ৰাজনৈতিক দলবোৰ যেন মাৰ্কামৰা হৈ পৰিছে। অসমত বহু প্ৰত্যাশিত পৰিবৰ্তনৰ সুচনা হৈছে। এই পৰিবৰ্তন ইতিবাচক ৰাজনৈতিক তথা সামাজিক হোৱাটো নিত্যান্তই সময়ৰ আহ্বান। ৰাজনীতিৰ পৰা ধৰ্মক যিমানেই দূৰৈত ৰাখিব পৰা যাব, এখন ধৰ্মনিৰপেক্ষ প্ৰগতিশীল সমাজ গঠনৰ পৰিকল্পনা সিমানেই সহজলভ্য হ’ব। ধৰ্মক ৰাজনীতি তথা সমাজনীতিৰ পৰা আতঁৰাই ৰাখিব পাৰিলে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্বা সমুহে নিৰ্ভয়ে বৰ অসমৰ মূল সোতঁত নিজকে চামিল কৰাৰ সাহস কৰিব। কাৰণ, সৰু-বৰ জাতিসত্বা সমুহৰ একত্ৰিকৰণ অবিহনে বৰ অসম বা প্ৰগতিশীল আধুনিক অসমৰ ভেঁটি গঢ় দিয়া অসম্ভৱ। বৰ অসম বাদেই দিলো বৃহত্তৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ বাবে অতি জৰুৰী হ’ল ৰাজনীতিৰ পৰা জাতি-জনগোষ্ঠীয়ই হওক ধৰ্মীয়ই হওক তাক সমুলি পৃথক কৰাৰ প্ৰবনতা। সেয়ে, অসমৰ নতুন চৰকাৰ আৰু নেতা সকললৈ আমাৰ বিনম্ৰ অনুৰোধ ৰাজনীতিৰ সৈতে যাতে ধৰ্মৰ খিচিৰি নপগায়। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমুহৰ মাজত বিস্বাসৰ বাতাবৰণ এই চৰকাৰৰ এক মূখ্য আৰু গুৰুত্বপূৰ্ণ কাৰ্যসুচীৰুপে বিবেচিত হোৱা উচিত। কিন্তু মন্ত্ৰীসভাখন গঠন কৰিবৰ বাবেও জাতি-জনগোষ্ঠীয় যি ধাৰা চলি আছে তাকে অব্যাহত ৰখাৰ প্ৰবনতা পৰিলক্ষিত হ’ল। মেধা, দক্ষতা, যোগ্যতাৰ ভিত্তিত মন্ত্ৰীসভাখন গঠন হোৱা বুলি পোনচাতেই কৈ দিব নোৱাৰি। বহু জাতি-জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব নোপোৱাৰ পৰিপ্ৰেক্ষিতত আন্দোলন, অসম বন্ধৰ ভাবুকি দিয়া বুলিও বু বু বা বা চলিল। জাতি-জনগোষ্ঠী ভিত্তিক দল-সংগঠন সমুহেও বহল ভিত্তিত জাতীয় স্বাৰ্থত ইতিবাচক চিন্তাধাৰাৰে আগুৱাই যোৱাৰ সময় সমাগত। চৰকাৰে সহযোগিতা অবিহনে সমাজ ব্যৱস্থাৰ পৰিবৰ্তন সাধিব নোৱাৰে। অসমৰ ৰাজনৈতিক ইতিহাসত পোন প্ৰথম বাৰৰ বাবে মুছলমান মন্ত্ৰীবিহীন এখন মন্ত্ৰীসভাই কাৰ্যভাৰ গ্ৰহন কৰিলে। বহুতে এইক্ষেত্ৰত গভীৰ চিন্তাত মগ্ন হৈছে। তেওঁলোকৰ মতে বিজেপি মিত্ৰজোটে এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যে মুছলমান অবিহনেও অসমত চৰকাৰ গঠন সম্ভৱ হ’ব পাৰে আৰু মুছলমান ধৰ্মাৱলম্বীৰ বাবে ই দুঃসময়ৰ ইংগিত। কিন্তু এই চিন্তাশীল ব্যক্তিসকলে জৱাব দিব পাৰিবনে, ভোটাৰে কিয় মিত্ৰজোটৰ অধিকসংখ্যক মুছলিম প্ৰাৰ্থীক নিৰ্বাচনত জয়যুক্ত কৰি নপথালে? কিয় মুছলীম ভোটাৰ বিশেষ দল দুটাৰ সৈতে মাৰ্কামৰা হৈয়ে ৰৈ গ'ল? কিয় ষ্ট্ৰেটেজিকেলি নিৰ্দলীয় প্ৰাৰ্থীক বিজয়ী কৰি নপথালে? তাতকৈ গুৰুতৰ প্ৰশ্ন হ’ল সৌ সিদিনালৈ মুছলীম মন্ত্ৰী-বিধায়কেৰে গিজগিজাই থকা চৰকাৰবোৰে মুছলমানৰ কাৰণে কি বিশেষ কাম কৰিলে? আমাৰ দৃষ্টিত এই মন্ত্ৰী-বিধায়কসকল মুছলমানৰ দুৰৱস্থাৰ বাবে আটাইতকৈ অধিক দায়ী।

হীৰেন গোঁহাইদেৱে শেহতিয়া এটা লেখাৰ যোগেদি বদৰুদ্দিন আজমলৰ ৰাজনীতিক পাকে প্ৰকাৰে ‘ক্লিন চিত’ দিয়াৰ প্ৰয়াস কৰিলে। তেওঁৰ দৰে বিজ্ঞ, বৰেন্য, চিন্তাশীল প্ৰথিতযশা বুদ্ধিজীৱি এজনে কিদৰে এনে সাংঘাটিক বক্তব্য তেওঁৰ লিখনিৰ মাজেৰে প্ৰকাশ কৰিলে? সেইকথা অৱশ্যে আমাৰ লেখিয়া তুচ্চ মনুষ্যই ভাৱি পাৰ পোৱা নাই। ঠিক আছে, তেওঁ আজমল চাহাবৰ ৰাজনীতিত সাম্প্ৰদায়িকতাৰ গোন্ধ পোৱা নাই, মানি লৈছো। কিন্তু বিজেপি মিত্ৰজোটৰ ৰাজনীতিক সমালোচনা কৰাই নহয় নিৰ্বাচনত ভোট নিদিবলৈ ভোটাৰলৈ আহ্বান জনাবলৈ কুণ্ঠাবোধ নকৰিলে কিয়? ব্যক্তিগতভাৱে মানুহ এজন কেনেকুৱা তাক চালি জাৰি চোৱাৰ সমল সাধাৰণ মানুহৰ নাথাকে। তেওঁৰ অভিব্যক্তি তথা ৰাজহুৱা ৰাজনৈতিক কাণ্ড কাৰখানাই নিৰ্ধাৰণ কৰে তেখেতৰ ৰাজনৈতিক চৰিত্ৰ। আজমল চাহাবৰ দলটোৰ জন্মলগ্নৰে পৰা ইতিহাস মুল্যাঙ্কন কৰিলেই ওলাই পৰিব যে তেওঁ অভিভাষী মুছলমানৰ আবেগক লৈ কেৱল ৰাজনীতিহে কৰিলে। প্ৰথমতে তেওঁ ৰাজনৈতিক মুনাফা লাভৰ বাবে সম্পূৰ্ণভাৱে ধৰ্মীয় সংগঠন ’জমিয়ত’ৰ ৰাজ্যিক সভাপতিৰ নাম-ভুমিকাত পৰোক্ষ বা প্ৰত্যক্ষ সংগঠনটোক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি সংখ্যালঘু ভোটাৰৰ মাজত সোমাই পৰিল। সংখ্যালঘু ৰাইজক ধৰ্মৰ দোহাই দিবলৈ ধৰ্মীয় সংগঠনৰ ব্যৱহাৰ কিমান গ্ৰহনযোগ্য? সেই একে কাম বিজেপিৰ দৰে ৰাজনৈতিক দলে ব্যৱহাৰ কৰাৰ অভিযোগেৰে আপোনালোকে থকা সৰকা কৰে। আপোলোকৰ এনে দুমুখিয়া পৰিভাষাৰ বাবেই সংখ্যালঘুসকল প্ৰায়ে বিপথে পৰিচালিত হোৱা দেখা যায়। বদৰুদ্দিন চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাবেই অভিভাষী মুছলমানসকলৰ মুলসুতিৰ অসমীয়া জাতি-জনগোষ্ঠীৰ সৈতে আত্মীকৰণ প্ৰক্ৰিয়া ব্যাহত হ’ল। আজি এনে এক পৰ্যায় আহিল যে অভিভাষী চাৰি দশক আগলৈ পশ্চাদগতি কৰিবলৈ বাধ্য হ’ল। 

: হীৰেণ গোহাঁই ডাঙৰীয়াৰআজমল প্ৰসংগপঢ়ি দু-এষাৰ কথা লিখাটো অত্যন্ত জৰুৰী বুলি অনুভৱ কৰিছো| নিসন্দেহে গোহাঁই ডাঙৰীয়াৰ জ্ঞান-পান্ডিত্যৰ আগত আমি ধূলি-কণা, গতিকে গোহাঁই ডাঙৰীয়াৰ ভূল আঙুলীয়াই দিয়াৰ ধৃষ্টতা আমাৰ নাই| কিন্তু এজন গুনগ্ৰাহী হিচাপে গোহাঁই ডাঙৰীয়াৰ নিচিনা এজন পন্ডিতে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ৰাজনীতি আৰু ৰাজনৈতিক অভিপ্ৰায়ৰ মূল্যাংকন কৰাত ইমান ডাঙৰ ভূল কৰাত আমি আচৰিত হৈছো, হতাশ হৈছো| আপোনাৰদৰে আমিও বিশ্বাস কৰো যে, ব্যক্তি হিচাপে বদৰুদ্দিন আজমল ডাঙৰীয়া এজন সাম্প্ৰদায়িক ব্যক্তি নহয়, তেওঁৰ সমষ্টিৰ এজন সাধাৰণ নাগৰিক হিচাপে আন ধৰ্মীয় সম্প্ৰদায়ৰ প্ৰতি আক্ৰোশমূলক বা হিংসাক প্ৰশয় দিয়া ধৰণৰ কাম তেখেতেক কাহানিও কৰা আমিও দেখা বা শুনা নাই| কিন্তু তেওঁৰ ৰাজনীতিও যে সাম্প্ৰদায়িক নহয় এই কথা আমি কোনোপধ্যে মানি নলও| কেৱল আন ধৰ্মীয় সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসা-আক্ৰোশক প্ৰশ্ৰয়-উদগনি দিয়াটোয়ে সাম্প্ৰদায়িকতাক বুজায় বুলি আমি নেভাবো, সাম্প্ৰদায়িকতাৰ সংজ্ঞাৰ পৰিসৰ নিসন্দেহে বিস্তৃত আৰু বহু স্তৰীয়| বদৰুদ্দিন আজমলৰ ব্যক্তিগত দান-বদান্যতা তথা দাতব্য কৰ্ম আৰু তেওঁৰ ৰাজনৈতিক কৰ্মৰ মাজত প্ৰভেদ বুজি পোৱাত গোহাঁই ডাঙৰীয়াৰ নিচিনা এজন পন্ডিত ব্যৰ্থ হল, এই কথা ভাবিয়ে আমি আচৰিত হৈছো| সেয়ে বদৰুদ্দিন আজমললৈ আগবঢ়োৱা এইক্লিন-চিটসম্পৰ্কে সন্মানীত গোহাঁই ডাঙৰীয়ালৈ আমি অতি বিনম্ৰ ভাৱে কেইটামান প্ৰশ্ন আগবঢ়াইছো -
) গোহাঁই ডাঙৰীয়া, আপোনাৰ মতেসাম্প্ৰদায়িকতা সংজ্ঞা কি? আমাৰ পঢ়া-শুনা অতি সীমিত আৰু সেই সীমিত পঢ়া-শুনাৰ ওপৰত ভিত্তি কৰি ভাৰতীয় উপ-মহাদেশৰ প্ৰেক্ষাপটত আমি বিশ্বাস কৰা সাম্প্ৰদায়িকতাৰ সংজ্ঞা - কেৱল মাত্ৰ ধৰ্ম এ্কে বুলি কোনো এটা ধৰ্মীয় সম্প্ৰদায়ৰ মানুহৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক স্বাৰ্থও একে বুলি ধাৰণাৰ সৃষ্টি কৰা আৰু সেই ধাৰণাক ব্যৱহাৰ কৰি ৰাজনৈতিক ক্ষমতা লাভৰ বাবে উক্ত সম্প্ৰদায়ৰ মানুহক সংগঠিত কৰা চেষ্টা কৰা| আমি জানো, এইয়া অতি 'layman' সংজ্ঞা, আপোনাৰ দৰে বিদ্বানসকলৰ পাৰিভাষিক সংজ্ঞাৰ আগত হয়োতো বহু ত্ৰুটি সম্পন্নও| কিন্তু এই কথা দৃঢ়ভাবে কব পাৰো অসমৰ সৰহ ভাগ মানুহৰে সাম্প্ৰদায়িকতাৰ ওপৰত ধাৰণা আমাৰ ধাৰণাৰ সমগোত্ৰিয় বা আৰু সৰলকৃতহে হব| প্ৰখ্যাত ইতিহাসবিদ বিপান চন্দ্ৰা ডাঙৰীয়াই তেওঁৰ ’Communalism in India' নামক কিতাপত সাম্প্ৰদায়িকতা এখন সমাজত কিদৰে শিপায় তাৰ তিনিটা বৈশিষ্ট্যপূৰ্ণ স্তৰৰ কথা উল্লেখ কৰিছে - ) প্ৰথম স্তৰত এই ধাৰণাৰ সৃষ্টি কৰা হয় যে, যিসকল মানুহে কোনো এটা বিশেষ ধৰ্ম পালন কৰে, তেওঁলোকৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক স্বাৰ্থ একে| ) দ্বিতীয় স্তৰত এই ধাৰণাৰ সৃষ্টি কৰা হয় যে, ভাৰতৰ নিচিনা এক বহু-ধৰ্ম বিশিষ্ট সমাজত এটা ধৰ্মীয় সম্প্ৰদায়ৰ মানুহৰ সাধাৰণ স্বাৰ্থ আন ধৰ্মীয় সম্প্ৰদায়ৰ মানুহৰ স্বাৰ্থকৈ বিসদৃশ আৰু অপসাৰী (divergent)| ) তৃতীয় স্তৰত এই ধাৰণাৰ সৃষ্টি কৰা হয় যে, কোনো এক বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ স্বাৰ্থ আৰু আন ধৰ্ম বা সম্প্ৰদায়ৰ স্বাৰ্থ কেৱল পৰস্পৰ বিৰোধীয়ে নহয়, দ্বন্দমূলক আৰু শত্ৰুপৰায়ণ| গতিকে গোহাঁই ডাঙৰীয়ালৈ আমাৰ বিনম্ৰ জিজ্ঞাস এই যে, অসমৰ মুছলমান সকলক ধৰ্মৰ দোহাই দি সংগঠিত কৰি অসমৰ ৰাজনীতিৰ কিং-মেকাৰ হোৱাৰ সপোন ৰচা মাননীয় আজমল ডাঙৰীয়াৰ ৰাজনীতিক ওপৰত উল্লেখকৰা কোনো এটা স্তৰতে অন্তৰ্ভূক্ত কৰিব নোৱাৰি নেকি? যদি নোৱাৰি তেন্তে অনুগ্ৰহ কৰিসাম্প্ৰদায়িকতা সংজ্ঞা অসমৰ প্ৰেক্ষাপটত নিৰ্ধাৰণ কৰক, আপুনি সকলোৰে সন্মানিত চিন্তাবিদ, নিসন্দেহে আপোনাৰ সংজ্ঞাই আমাকসাম্প্ৰদায়িকতা ওপৰত নতুনকৈ ভাবিবলৈ বাধ্য কৰাব|
) আপোনাৰ সৈতে আমিও একমত যে, ইছলাম ধৰ্মীয় উলেমা অৰ্থাত পন্ডিতসকলৰ সংগঠনজমিয়ত উলেমা--হিন্দ দেশপ্ৰেম তথা ভাৰতীয় স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ কথা কোনোয়ে নুই কৰিব নোৱাৰিব| কিন্তু এই কথাও সঁচা যেজমিয়তসম্পূৰ্ণভাৱে এক ধৰ্মীয় সংগঠন | ধৰ্মীয় সংগঠন সমূহ ৰাজনীতিৰ পৰা যিমান দূৰত থাকে গনতন্ত্ৰৰ বাবে সিমানেই মংগল বুলি আমাৰ বিশ্বাস| আমাৰ বোধেৰে গোহাঁই ডাঙৰীয়া আপুনিও ধৰ্মীয় সংগঠন সমূহৰ ৰাজনৈতিক ক্ষেত্ৰত কৰা টিঘিল-ঘিলনি সহ্য নকৰে| সেয়ে আপুনিবিশ্ব হিন্দু পৰিষদঅথবাৰাষ্ট্ৰীয় সয়ং সেৱক সংঘআদি হিন্দুত্ববাদী হিন্দু ধৰ্মীয় সংগঠনক সততে সমালোচনা কৰা আমি প্ৰত্যক্ষ কৰো | কিন্তু এটা কথা আমাৰ বোধগম্য হোৱা নাই, প্ৰৱীন ভাই টোগাড়িয়া বা মোহন ভাগৱতৰ নিচিনা হিন্দু ধৰ্মীয় সংগঠনৰ নেতাসকলৰ ৰাজনৈতিক হস্তক্ষেপ যদি আপোনাৰ দৃষ্টিত নিন্দনীয়, তেন্তে জমিয়ত উলেমা--হিন্দ নিচিনা ইছলাম ধৰ্মীয় সংগঠনৰ নেতা সকলৰ ৰাজনৈতিক কাৰ্য-কলাপ নিন্দনীয় নহয় কিয়? সম্পূৰ্ণভাৱে ধৰ্মীয় সংগঠনজমিয়ত ৰাজ্যিক সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ দ্বাৰাজমিয়ত পৰোক্ষ বা প্ৰত্যক্ষ ৰাজনৈতিক ব্যৱহাৰ আপোনাৰ দৃষ্টিত কিয় নিন্দনীয় নহয়? এয়া সংখ্যালঘু ৰাইজক ধৰ্মৰ দোহাই দি ধৰ্মীয় সংগঠনক ব্যৱহাৰ কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰা সকলকক্লিন-চিটদিয়া নহ নেকি?
) অপোনাৰ দৰে অসমৰ সাধাৰণ ৰাইজেও য়োগী, সাধ্বী, সন্যাসী, বাবা আদি হিন্দু ধৰ্মৰ লগত জড়িত ব্যক্তি সকলৰ ৰাজনৈতিক কাৰ্যকলাপ কেতিয়াও ভাল দৃষ্টিৰে গ্ৰহন নকৰে| নকৰাই উচিত| কাৰণ ধৰ্ম-নেতা সকলে ৰাজনীতিৰ পৰা আতৰি থকায়ে গণতন্ত্ৰৰ বাবে শ্ৰেয়| কিন্তু মুছলমান ধৰ্ম-নেতা যেনে মৌলানা, হাফিজ, ক্বাৰী আদি ব্যক্তি সকলৰ সক্ৰিয় ৰাজনীতত অংশগ্ৰহন কৰা বিষয়টো লৈ আপুনি একো নকলে| মাননীয় আজমল ডাঙৰীয়া নিজে এজন মৌলানা, তেওঁৰ দলৰ সৰহ ভাগ নেতাও মৌলানা, হাফিজ আদি স্বীকৃত ইছলাম ধৰ্ম-নেতা| আপুনি নিজেও কৈছে যে আজমল ডাঙৰীয়ামৌলানা হোৱাৰ চেলুত জৰা-ফুকা কৰি মানুহক প্ৰভাৱিত কৰাৰ চেষ্টা কৰে’| গতিকে এই কথা নকলেও হৱ যে যোগী, সাধ্বী, বাবা আদি হিন্দু ধৰ্ম-নেতাসকলৰ দৰে আজমল ডাঙৰীয়াও ইছলাম ধৰ্ম-নেতা হোৱাৰ সামাজিক স্থিতিক নিজৰ ৰাজনৈতিক লাভা-লাভৰ কাৰণে ব্যৱহাৰ কৰে| আজমল ডাঙৰীয়া বা তেওঁৰ দলৰ প্ৰাৰ্থীক ভোট নিদিলে পাপ হৱ বুলি সাধাৰণ হোজা ভোটাৰৰ মাজত প্ৰতিটো নিৰ্বাচনৰ সময়ত উৰা-বাতৰি প্ৰচাৰ হয় বা কৰোৱা হয়| বহু নিৰ্বাচন কেন্দ্ৰত ভোটাৰে ভোট দিবলৈ জোতা-চেন্ডেল বাহিৰত খুলি থৈ আহে কাৰণ এইয়া এক পবিত্ৰ কৰ্তব্য বুলি ভাবে| কিয় ভাবে বা কিয় তেনেকৈ ভাবিবলৈ বাধ্য কৰোৱা হয় এই কথা গোহাঁই ডাঙৰীয়াৰ নিচিনা এজন পন্ডিতে নাজানে বুলি আমি কেতিয়াও বিশ্বাস নকৰো|
) এই বাৰ নিৰ্বাচনত হিন্দু ধৰ্মীয় অনুষ্ঠান সমূহ বিশেষকৈ সত্ৰ আৰু সত্ৰাধিকাৰ প্ৰভু সকলৰ ৰাজনৈতিক অপব্যৱহাৰ হোৱা বুলি অসমৰ বিভিন্ন বুদ্ধিজীৱিয়ে সমালোচনা কৰিছে| আমাৰ স্মৃতিশক্তিয়ে যদি প্ৰতাৰণা কৰা নাই, তেন্তে আপুনিও সত্ৰৰ ৰাজনৈতিক ব্যৱহাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে| কৰাও উচিত| ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ মজিয়া ৰাজনীতিৰ আবৰ্জনাৰে মলিন হোৱাটো সমাজৰ কাৰণে ক্ষতিকাৰক| কিন্তু আমি আচৰিত হওঁ, আজমল ডাঙৰীয়াৰ ৰাজনীতি সাম্প্ৰদায়িক নহয় বুলি ক্লিন-চিট দিয়াৰ আগত গোহাঁই ডাঙৰীয়াৰ নিচিনা এজন বিজ্ঞ চিন্তাবিদে এই কথা কেনেকৈ পাহৰি গল যে, অসমৰ খাৰেজি মাদ্ৰাছা সমূহৰ মূল নিয়ন্ত্ৰক সমিতি তাঞ্জিম বোৰ্ডআৰু এই তাঞ্জিম বৰ্ডৰ চ্যায়াৰমেন মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া| নকলেও হৱ যে, আজমল ডাঙৰীয়াৰ দলৰ তৃণমূল কৰ্মী-কৰ্মকৰ্তাৰ এক বুজন অংশ মাদ্ৰাছাৰ সৈতে জড়িত| সত্ৰৰ দৰে মাদ্ৰাছাও এক ধৰ্মীয় অনুষ্ঠান, তাক কোনো দলৰ ৰাজনৈতিক সুবিধাৰ কাৰণে ব্যৱহাৰ কৰাটো উচিত জানো?
) গোহাঁই ডাঙৰীয়া আমাৰ চিৰ নমস্য ব্যক্তি| কিন্তু তেখেতৰ এটা কথাত আমি ব্যক্তিগত ভাৱে মৰ্মাহত হৈছো| সংখ্যালঘু ৰাইজৰ প্ৰতি মানুহৰ পূৰ্ব-ধাৰণা (pre-occupied notion) কেনেকুৱা তাৰ স্পষ্ট আভাষ পাব পাৰি যেতিয়া গোহাঁই ডাঙৰীয়াই এনেকুৱা এক মাৰাত্মক অতি সৰলীকৰণ সমীকৰণ আৱিস্কাৰ কৰিলে যে- যিহেতু সংখ্যাগৰিষ্ঠ মুছলমান ভোটাৰৰ সমষ্টি দক্ষিণ শালমাৰাৰ পৰা আজমল ডাঙৰীয়া পৰাজিত হৈছে গতিকে নিসন্দেহে তেওঁ সাম্প্ৰদায়িক নহয়, কাৰণ যদি তেঁও সাম্প্ৰদায়িক হলহেতেন তেন্তে মুছলমান ভোটাৰে তেওঁক কাহানিও হাৰিব নিদিলেহেতেন| অৰ্থাত অসমৰ মুছলমান ভোটাৰ মানেই সাম্প্ৰদায়িক, শিক্ষা-স্বাস্থ্য-নিয়োগ বা সমষ্টিৰ উন্নয়ন আদি আশা-আকাংক্ষা তেওঁলোকৰ ৰাজনৈতিক বিবেচনাৰ উৰ্দ্ধত, বিবেচনা কেৱল ধৰ্ম| গতিকে, আজমল ডাঙৰীয়া সাম্প্ৰদায়িক ৰাজনীতি নকৰিলে কাৰণে মানুহে তেওঁক ভোট নিদিলে আৰু তেওঁ পৰাজিত | দক্ষিণ শালমাৰাৰ এজন সাধাৰণ ভোটাৰ হিচাপে গোহাঁই ডাঙৰীয়াক কৱ মন গৈছে -ইউ টু ব্ৰুটাছ? আজমল ডাঙৰীয়াৰ পৰাজিত হোৱাটোয়ে যদি তেওঁৰ ৰাজনীতি সাম্প্ৰদায়িক নহয় বুলি প্ৰমাণিত কৰে তেন্তে মুছলিম লীগৰ ৰাজনীতিও সাম্প্ৰদায়িক নাছিল কাৰণ ১৯৩৭ চনৰ নিৰ্বাচনত মুছলিম লীগ সমগ্ৰ ভাৰতবৰ্ষত পৰাস্ত হৈছিল| বিনম্ৰ্ভাৱে আপোনাৰ জ্ঞাতাৰ্থে জনাও যে, আজমল ডাঙৰীয়া ৰাজনৈতিক ক্ষেত্ৰত পদাৰ্পন কৰা কিছু বছৰ আগত অসমৰ সংখ্যালঘুৰ সয়ম্ভু নেতা হিচাপে আবিৰ্ভাৱ হৈছিল দেওবন্দৰ ধৰ্মীয় নেতা আছাদ মাদানিৰ| জমিয়ত উলেমাৰ সৰ্ব-ভাৰতীয় সভাপতি আছাদ মাদানিৰ পুত্ৰ তথা দেওবন্দ মাদ্ৰাছাৰ ধৰ্ম-গুৰু মেহমুদ মাদানি সৰ্বাধিক মুছলমা্ন ভোটাৰসম্পন্ন ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অবৰ্তীৰ্ণ হৈ শোচনীয় ভাবে পৰাস্ত হৈছিল, তেওঁৰ জামানতৰ ধনলৈকে জব্দ হৈছিল| কিন্তু সেই একে ধুবুৰী লোকসভা সমষ্টিৰ পৰা পৰবৰ্তীকালত মৌলানা বদৰুদ্দিন আজমল বিপুল ভোটত জয়ী হৈছে| গতিকে প্ৰাৰ্থী পৰাজিত বা জয়ী হোৱাটো ভোটাৰ ৰাইজ সাম্প্ৰদায়িক বুলি গণ্য কৰাৰ লিটমাচ টেষ্ট হব নোৱাৰে| ভোটাৰ কেতিয়াও সাম্প্ৰদায়িক নহয়, ৰাজনীতি সাম্প্ৰদায়িক| সাম্প্ৰদায়িক ৰাজনীতিৰ উদ্দেশ্য ভোটাৰ ৰাইজক ধৰ্মৰ দোহাই দি একত্ৰিত কৰা আৰু ভোট আদায় কৰা| কেতিয়াবা ভোটাৰ ৰাইজে সেই প্ৰলোভন-ভয়-শংকা-ঘৃণাৰ ৰাজনীতিত বিশ্বাস কৰি সাম্প্ৰদায়িক ৰাজনীতিক শক্তিশালী কৰে, কিন্তু টেঙা আম বজাৰত বাৰে বাৰে বিক্ৰি কৰিব নোৱাৰে কাৰণে সাম্প্ৰদায়িক ৰাজনীতিও বেছিদিন অসমৰ নিচিনা সমাজত তিষ্ঠিব নোৱাৰে- সেয়া যি দল বা সম্প্ৰদায়ে নহওক কিয়|
আপোনাক বুজোৱা বা জ্ঞান দিয়াৰ ক্ষমতা বা ধৃষ্টতা আমাৰ নাই| আজমল ডাঙৰীয়াৰ প্ৰতিও ব্যক্তিগত ভাবে আমাৰ কোনো বেয়া ভাৱ নাই, কিন্তু আদৰ্শগত বিভেদ সদায় আছিল আৰু আগলৈও থাকিব| গতিকে গোহাঁই ডাঙৰীয়ৰ নিচিনা অসমৰ বৌদ্ধিক জগতৰলাইট-হাউছস্বৰুপ ব্যক্তি এজনে যেতিয়া ইমান সহজতে আজমল ডাঙৰীয়াৰ সাম্প্ৰদায়িক ৰাজনীতিক ক্লিন-চিট দিলে, তেতিয়া আমাৰ মনত বহু প্ৰশ্নৰ উদয় যাৰ ফলত এই লিখনিৰ অৱতাৰণা| আশা কৰো আমি উত্থাপিত প্ৰশ্ন সমূহৰ উত্তৰ দি আমাৰ মনৰ খু-দোৱনি শেষ কৰিব| ধন্যবাদ|

‪#‎বদরুদ্দিন_আজমল সাহেবের উদ্দেশ্যে শর্টকাট কিছু কথা--
এই ‪#‎অপ্রিয় কথাগুলো অনেক আগেই বলতে চেয়েছিলাম। কিন্তু...! এই 'কিন্তু'টা আর আপনার অন্ধ সমর্থকরা বিষেদগার আরম্ভ করবে, বলে বলি নি। তাছাড়া ইলেকশনের আগে বললে ভোট নষ্টের আশংকা, তাই ক্ষতি করার ইচ্ছে ছিল না। আপনি আম মুসলমানদের উল্লু বানালেন, বানালেন শিক্ষিতদেরও। আতর ব্যবসাটা টিকিয়ে রাখা এতটা জরুরী ছিল বলে আসামের সংখ্যালঘুদের নিয়ে তাস খেললেন, তরুণ গগৈকে গদিচ্যুত করে বিজেপির আচ্ছে দিন এনে দিতে সাহায্য করলেন!
*
আপনি গত বিধানসভা নির্বাচনে কংগ্রেস সরকারের তীব্র বিরোধিতা করলেন, অথচ দিল্লিতে গিয়ে মনমোহন সরকারের ঢালাও প্রশংসা করে প্রাক্তন প্রধানমন্ত্রীর সাথে হাত মেলালেন। আসামে বিরোধিতা আর দিল্লিতে কংগ্রেসের কাজের প্রশংসায় পঞ্চমুখ হলেন। সোনিয়ার বাড়িতে গিয়ে ডিনারপার্টিও সারলেন!
*আপনি MP ইলেকশনে বিজেপির বিরুদ্ধে যা তা বললেন। অথচ দিল্লিতে গিয়ে পুরো মোদিভক্ত হয়ে গেলেন। ইউটিউবে আমরা দেখলাম এমপি নির্বাচিত হওয়ার পর পার্লামেন্টে দেওয়া আপনার প্রথম ভাষণ। এতে মোদিকে সূর্যের সাথে তুলনা করলেন, ঢালাও প্রশংসায় ভাসিয়ে দিলেন। গোপনে সুব্রহ্মনিয়ম স্বামীর সাথে একান্ত মিত্রতা বজায় রাখলেন, ছবিও তুললেন, অথচ অসমে এসেই তার সম্পর্কে বিপরীতটা বললেন!
*আপনার ১৮জন বিধায়কদের কাজকর্ম নিয়ে কোনোদিন একটা টু শব্দও করলেন না। আমরা হাইলাকান্দিতে ইউডিএফ MLA নির্বাচিত করলাম। পঞ্চায়েত নির্বাচনে আমার পৈতৃক গ্রামে ZPC, AP, GP সভাপতি সবকিছুই ইউডিএফ থেকে বানালাম। আপনি গ্রামে গিয়ে ভোটের আগে তাদের হাত ধরে আল্লাহর নামে কসম খাইয়ে শপথ করালেন, "দূর্নীতি করব না, জনগণের অর্থ আত্মসাৎ করলে পায়খানা খাবো, সুখে দুঃখে পাশে থাকব" ইত্যাদি ইত্যাদি। কিন্তু ভোটে জেতার পাঁচ বছরের মধ্যে একটা দিন এসে খবর নেবার প্রয়োজন মনে করলেন না। একেবারে আসেন নি সেটা কিন্তু নয়, আসলেন, তবে সেটা পাঁচ বছর পর। তাই আপনার যে প্রাপ্যটা পেয়েছেন, তাতে অবাক হবার কিছু দেখছি না
* দক্ষিণ শালমারায় উন্নয়ন কতটুকু হয়েছে যিনি একবার এলাকাটায় যাবেন, দেখলে মন ভরে যাবে আশা করি! তাই জনতা এবার আপনাকে জবাব দিয়েছেন, তাও ওয়াজেদ আলিকে বিপুল ভোটে জিতিয়ে। মিথ্যে বললে মাপ করবেন, আপনার নিজের পায়ের তলার মাটি যাচাই না করে দাম্ভিকতার সুরে নিজেকে একটা দলের সুপ্রিমো দাবি করাটাই ছিল একটা মস্ত বড় ভুল
*আপনাকে কোনোদিন দলের কর্মীদের পাত্তা দিতে দেখিনি। মাটিজুরীর সভায় আপনার দেওয়া ভাষণের ভিডিও দেখলাম। জনৈক দলীয় কর্মী পেছন দিক থেকে কিছু বলায় আপনি মাইকে ভাষণরত অবস্থায় তাকে শাসানি দিলেন। বড়খলায় দলীয় প্রচারে গিয়ে আপনার দলের প্রার্থীকেই চড় মেরে বসলেন!
*আপনি নিজেকে একাই একশো মনে করেন। আপনার মতের উপর ভিত্তি করেই সারা আসামের সংখ্যালঘুদের চালাতে চেয়েছিলেন। আপনার কাছ থেকে বেশীগুণ বিজ্ঞ হাফিজ রশিদ আহমদ, শেরমান আলি, গুল আখতারা বেগম, আতাউর রহমান মাঝারভূইয়া, আব্দুল মালিক চৌধুরী- এদেরকে দলে ঢুকিয়ে পুতুলনাচ নাচালেন। এদের কোনো পরামর্শের যখন প্রয়োজন নেই, তখন তাদের দলে নেওয়াটা কি আপনার ভুল ছিল না..??
*মানলাম আতাউর মিথ্যেবাদী। দুর্নীতিবাজ, দালাল... আমরা দেখলাম এবারের নির্বাচনে আপনি ধনকুবের প্রার্থীদের টিকিট বণ্ঠন করলেন। বরাক ব্রহ্মপুত্রে অভিযোগ উঠল আপনি নাকি কোটি কোটি টাকার বিনিময়ে প্রার্থীদের টিকিট দিয়েছেন? আপনি যদি সেটা করেন নি, কিংবা এত সত্যবাদী,তবে নির্বাচনী প্রচারে একটা বার 'টাকা নেন নি' বলে একটা শব্দ উচ্চারণ করলেন না কেন ?? নির্বাচনে বরাকে কম করেও তো আপনি কয়েকশ বার মাইক্রোফোন হাতে নিয়েছেন, সেটার স্পষ্টীকরণ দেওয়ার কি কোনো সুযোগ ছিল না আপনার কাছে..??
*আপনি সংখ্যালঘুদের স্বঘোষিত ত্রাতা। সংখ্যালঘুদের জন্য আপনি করলেনটা কি? চশমা লাগিয়েও চোখে তেমন কিছু দেখছি না সংখ্যালঘুদের রক্ষাকবচ আইএমডিটি আইন বাতিলের দাবিতে একটা শব্দ উচ্চারণ করেছিলেন আপনি??? এন আর সি নবায়নের নামে লক্ষ লক্ষ সংখ্যালঘুদের তাড়ানোর চক্রান্ত চলছে, এদের ভবিষ্যত প্রশ্নচিহ্নের মুখে। অথচ একটা দিন সরব হয়েছিলেন এসব ব্যাপারে..? বরং আতাউর রহমানের মতো প্রতিবাদী কণ্ঠকে দমিয়ে অমরচাঁদ জৈনের মতো বিজেপির কয়েক ডজন প্রার্থীকে জিতিয়ে আপনি এখন বেশ শান্তিতে ঘুমোচ্ছেন আশা করি
*জানি আপনার ব্যবসাটা বেশ বিস্তৃত। যে সরকারই আসুক না কেন, আপনার উচিত তাকে মালিশ করে ম্যানেজ করে রাখা। কেননা, উল্টোপাল্টা করলে আতরের লাইসেন্স বাতিল করে দেবে সরকার। তাছাড়া তরুণ গগৈকে আপনি জাত চেনাতে চেয়েছিলেন। মূখ্যমন্ত্রীর গদি থেকে এখন গগৈও নেমে এসেছেন। আপনার স্বপ্ন পূরণ হয়ে গেছে আশা করি। এবারে আপনার উচিত, সংখ্যালঘুদের কাছে ক্ষমা চেয়ে রাজনীতি ছেড়ে ব্যবসায় মন দেওয়া। প্রতিশ্রুতি ভঙ্গকারীকে আল্লাহ পছন্দ করেন না, তাই এমন পরিস্থিতিতে আপনি জনতার দরবারে এসে ভোটভিক্ষা চাইলে সেটা ভুল না শুদ্ধ হবে আপনিই যাচাই করেবন।
‪#‎কিংমেকার 
হিসেবে আপনি বেশ গর্ব করতেন। আপনাকে নিয়ে আমাদেরও গর্বের সীমা ছিল না। দুহাত উজাড় করে ভোটও দিয়েছিলাম। ভেবেছিলাম সংখ্যালঘুরা একটা আশ্রয়স্থল পেয়েছে হয়তো। কিন্তু আপনি ভাড়া ভাতে ছাই ফেললেন। সোস্যাল মিডিয়ায় লোকে আপনাকে কিং মেকারের পরিবর্তে ‪#‎সাইকেল_মেকার উপাধি প্রদান করছে। এটা দেখে বেশ দুঃখ হচ্ছে। রাজনীতি আর ব্যবসা এক নয়, আশা করি আগামীতে ব্যাপারগুলো ভেবে দেখবেন