Thursday, 26 May 2016

ইতিহাসৰ পুণৰাবৃত্তি হয়

কেকেআৰ আৰু আৰচিবিৰ মাজত সংঘটিত আইপিএল ক্ৰিকেট মেটচ এখনৰ প্ৰিভিউ চাই আছিলো। বহু কেইজন প্ৰাক্তন খেলুৱৈয়ে নিজৰ সম্পূৰ্ণ অভিজ্ঞতাৰে খেলখনৰ বিষয়ে শুদ্ধ বিশ্লেষণ আৰু পুৰ্বানুমান দিয়াৰ প্ৰয়াস কৰিছে। ইদেন গাৰ্দেনত হ'ব লগা খেলখনক লৈ আমিও বৰ উৎসাহিত হৈ আছিলো। আজিকালি নিৰ্বাচন, চৰকাৰ ভঙা পতাৰ খবৰ বাতৰিবোৰ নোচোৱা হলো। যি বিচাৰিছিলো তাকে হ’ল, কংগ্ৰেছ অপশাসনৰ পটনেৰে পৰিবৰ্তনৰ সুচনা হ'ল আৰু এতিয়া নতুন চৰকাৰখনে পৰিবৰ্তন কৰক। বচ ইমানেই! সি যি কি নহওক আৰচিবিৰ শেহতীয়া দুৰ্দান্ত ফৰ্মে বহু ক্ৰিকেটপ্ৰেমীক সচকিত কৰি তুলিছে। ভাৰতীয় ক্ৰিকেটৰ উজ্জল ভোটা তৰা বিৰাট কোহলীয়ে গৌৰৱোজ্জল ভৱিষ্যতৰ ফালে দেশৰ সমগ্ৰ ক্ৰিকেটপ্ৰেমিক ধাবমান কৰিছে।এবি ডি ভিলিয়াৰ্চৰ সৈতে কোহলীয়ে যিদৰে বেটিং কৰিছে, এই যুটিয়ে আইপিএলৰ লগতে টি২০ৰ সকলো অভিলেখ ভংগ কৰাৰ পথত অগ্ৰসৰ হৈছে। অভুতপুৰ্বভাৱে আশ্বৰ্যজনক প্ৰদৰ্শন কৰিছে দুয়োজনে। ইফালে তাৰকা বেটচমেন ক্ৰীচ গেইলো স্বদেশৰ উভতি আহিছে। এলান ডোনাল্ড আৰু দেনিয়েল ভিট্টোৰীৰ দৰে পুৰোধা ষ্ট্ৰেটেজিষ্ট বহি আছে দাগ আউটত। তাৰ পাছতো বিশেষজ্ঞ সকলে শংকা প্ৰকাশ কৰিছিল, তেওঁলোকৰ সফলতা বিফলতাৰ পুৰ্বানুমান কৰাত ব্যস্ত হৈ পৰিছিল। হবনে সফল এই যুটি? ইদেন গাৰ্দেনত আৰচিবিৰ ট্ৰেক ৰেকৰ্ড বৰ এটা ভাল নহয়। আৰচিবিৰ বলিং বিভাগতোও সিমান শক্তিশালী নহয় ইত্যাদি ইত্যাদি। যেন খেলখনত অৱতীৰ্ণ হোৱাৰ কোনো প্ৰয়োজনীয়তাই নাই। বিশেষজ্ঞ সকল ভৱিষ্যৎ দ্ৰষ্টা, সৰবজান, সৰ্বজ্ঞানী। আৰে ভাই খেলখন অনুস্থিত হবলৈ দিয়ক, অনুৰাগী সকলৰ দিমাগ খাৰাব কৰে কিয়? দিমৰেলাইজ কৰাৰ কাৰণ কি? ভাগ্যে কোহলী বা ভিলিয়াৰ্চে এওঁলোকৰ আবোল তাবোল বিশ্লেষণবোৰ নুশুনে, নহলে খেলিবলৈ ফিল্ডত নামিবই সাহস গোটাব নোৱাৰিব! সি যি কি নহওঁক বাস্তৱত অনুস্থিত হোৱা খেলখনৰ প্ৰথমভাগত সঁচাকৈয়ে আউল লাগিল। বৰষুণে বিধি পঠালি দিলে। বিশ্লেষকবোৰৰ শাওঁপাত লাগিল যেন পাওঁ। তেওঁলোকেও ভালেই পালে চাগে, পুণৰ কিছু সময় পণ্ডিতালি কৰাৰ সুবিধা পাব। তেওঁলোকে বিচৰাই নাছিল চাগে আৰচিবি জিকাটো? কিন্তু অৱশেষত খেলখন অনুস্থিত হ'ল। বিশ্লেষক সকলৰ সকলো বিশ্লেষণ অসাৰ কৰি কোহলীহঁতে দুৰ্দান্ত খেল প্ৰদৰ্শনেৰে খেলখন অনাসায়ে জিকিল। বিশ্লেষক সকলে মাজে মাজে কেৱল ফ'ৰ, চিক্স বুলি চিঞৰি থাকিল আৰু কোহলীৰ প্ৰসংখ্যাত পঞ্চমুখ হ’ল। অৰ্থাৎ আগতীয়া প্ৰিভিউ পঢ়ি বা চাই একো লাভ নাই! ফিল্ডত খেলিবলৈ এৰি দিয়ক, পিটচ চাই খেলুৱৈয়ে নিজে নীতি নিৰ্ধাৰণ কৰি খেলিবই নহয়।

ৰাজ্যৰ বহু বিশ্লেষকে এতিয়াও পৰিবৰ্তনৰ ঢৌত উতি ভাঁহি যাবলৈ অস্বীকাৰ কৰিছে। নতুন চৰকাৰখনকলৈ তেওঁলোক আনকি আশাবাদীও নহয়, বৰং চৰকাৰখনে ভুল সিদ্ধান্ত লোৱালৈকে যেন ৰৈ আছে। নতুন চৰকাৰখনে কেনেকৈ চৰকাৰ চলাব তাকলৈ ভৱিষ্যবানী কৰাত ব্যস্ত হৈ আছে। তেওঁলোকৰ মতে অসমত অ-কংগ্ৰেছী শাসনৰ ট্ৰেক-ৰেকৰ্ড বৰ এটা সন্তোষজনক নহয়। ইতিহাসেও তাকেই দোহাৰে, ১৯৭৮ চনত ষষ্ঠ বিধানসভা নিৰ্বাচনত অসমত প্ৰথমবাৰৰ বাবে এখন অ-কংগ্ৰেছী চৰকাৰ গঠনৰ বাবে জনসাধাৰণে ৰায়দান দিয়ে। পিছে জনতা দলৰ গোলাপ বৰবৰাৰ নেতৃত্বত বাঁওপন্থীৰ সহযোগত গঠন হোৱা চৰকাৰখনৰ এবছৰ পুৰ নৌহওঁতেই বাঁওপন্থীৰ অসহযোগৰ পাছত ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰবৰ্তন হয়। ৰাষ্ট্ৰপতি শাসনৰ অন্তত ষষ্ঠ বিধানসভাতেই পুণৰ বাঁওপন্থীৰ সহযোগত কংগ্ৰেছৰ আনোৱাৰা টাইমূৰ চৰকাৰ গঠন হয়। পিছলৈ পুণৰ কংগ্ৰেছৰ কেশৱ চন্দ্ৰ গগৈয়ে চৰকাৰ গঠন কৰে যদিও ষষ্ঠ বিধানসভাত জনতা দলেই আছিল একক সংখ্যাগৰিষ্ঠ দল। মুঠতে ৰাজনীতিত অন্তহীন অস্থিৰতা, নৈৰাজ্যৰ মাজেৰেই পাৰ হৈছিল ষষ্ঠ বিধানসভাৰ কাৰ্যকাল। কিন্তু তেওঁলোকৰ জ্ঞাতাৰ্থে জনোৱা এইবাৰ ৰাইজে তেনে কোনো ভগ্ন জনাদেশ দিয়া নাই। কংগ্ৰেছে ৰচিব পৰা কোনো কু-অভিসন্ধিৰ স্থান নাই এইবাৰ। বিজেপি দল একক সংখ্যাগৰিষ্ঠ হবৰ বাবে মাত্ৰ তিনিখন আসনৰ প্ৰয়োজন। সহযোগীসকলে বিচাৰিলেও চৰকাৰৰ বিৰুদ্ধে গৈ কোনো অঘটন সংঘটিত কৰাৰ সুযোগ সুবিধা নেপাব। বিশেষজ্ঞ সকলে পুৰ্বৰ অগপ শাসনকালৰ ইতিহাসো অৱতাৰণা কৰিছে। অসম আন্দোলনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে জোৰকৈ জুইয়ে পোৰা ৮৩ৰ নিৰ্বাচন অনুষ্ঠিত কৰে আৰু আন্দোলন কাৰীয়ে নিৰ্ব্বাচন বৰ্জন কৰাত কংগ্ৰেছৰ  হিতেশ্বৰ শইকীয়াই প্ৰায় বিনা প্ৰতিদ্বন্দিতাৰে এখন বিৰোধিবিহীন চৰকাৰ গঠন কৰে। পিছলৈ অসম চুক্তিৰ ঠিক পাছতেই ১৯৮৫ত বিপুল জনপ্ৰিয়তাৰে অসমৰ ৰাইজে অনভিজ্ঞ প্ৰফুল্ল কুমাৰ মহন্ত আৰু ৰাজনীতিৰ সৈতে কোনো সম্পৰ্ক নথকা এটা নতুন দল অগপক ঐতিহাসিক চৰকাৰ গঠন কৰিবলৈ জনাদেশ দিয়ে। সেই চৰকাৰৰ সময়ত অসমত অন্তহীন অস্থিৰতা, উগ্ৰপন্থীৰ টিঘিলঘিলনি, অৰ্থনীতিত প্ৰৱল খহনীয়াৰ ফলত ৫ বছৰতেই গণ পৰিষদৰ প্ৰতি ৰাইজৰ মোহভংগ হয়। ১৯৯১ চনত পুণৰবাৰ হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্ৰেছে গাদি দখল কৰে। ৰাইজলৈ পূৰ্ব্বৰ ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনাৰে ১৯৯৬ত মহন্তৰ নেতৃত্বতে গণ পৰিষদে চৰকাৰ গঠন কৰে আৰু পূণৰবাৰ সীমাহীন অৰাজকতাৰ পৰিৱেশ, বিয়াগোম বিয়াগোম কেলেংকাৰি, অস্থিৰতা, কৰ্মচাৰীৰ দৰমহা বন্ধ, গুপ্ত-মুক্ত হত্যা ইত্যাদিৰে কলীয়া দশম বিধানসভা পাৰ হয়। মুঠতে এয়াই হ'ল এতিয়ালৈকে অসমত অ-কংগ্ৰেছী বিৰোধী শাসনৰ চমু ইতিহাস। স্বাধীনোত্তৰ  কংগ্ৰেছ বিৰোধী শাসনৰ কবলত থকা ১২ বছৰৰ ইতিহাস অসমত মসৃণ নহয়। ইয়াত নানানটা ৰাজনৈতিক কাৰণো আছে, কেৱল যে অ-কংগ্ৰেছী হোৱা বাবেই তেওঁলোক মাজত শাসনৰ যোগ্য নেতৃত্বৰ অভাৱ আছিল তেনে নহয়। কিন্তু বিৰোধী শাসনৰ সময়খিনিত কংগ্ৰেছে বাহিৰৰ পৰা সকলো সময়তে পুনৰ ৰাজনৈতিক ক্ষমতা দখলৰ বাবে এই অস্থিৰতাত পাৰ্যমানে সাৰ পানী যোগাইছিল।

এনে ইতিহাসকলৈ এইখন চৰকাৰে মুৰ ঘমোৱাৰ কি কাৰণ আছে আমি হলে বুজি নাপাওঁ। যদি অ-কংগ্ৰেছি চৰকাৰৰ ইতিহাস খুচৰে তেন্তে কংগ্ৰেছি অপশাসনৰ ইতিহাস নুখচৰে কিয়? বৰ্তমান কংগ্ৰেছ দলটোত তেনে অস্থিৰতা সৃষ্টি কৰিব পৰা নেতা নাই বুলিলেও ভুল কৰা নহ’ব। তেনে কৰিবলৈ কংগ্ৰেছৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰো নাই আৰু দলটোৰ কেন্দ্ৰীয় নেতৃত্বও সবল নহয়। দলটো বৰ্তমান অস্তিত্ব ৰক্ষাৰ যুজত মগ্ন হবলগীয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছে। এখন এখনকৈ দেশৰ প্ৰায় কেইখন ৰাজ্য হেৰুৱাব লগা হৈছে। দলটো লাহে লাহে ইতিহাস হোৱাৰ পথত অগ্ৰসৰ হৈছে। সবল, বিচক্ষন, দক্ষ নেতাক দলৰ সৈতে ধৰি ৰখাত বৰ্তমানৰ নেতৃত্ব সমুলি ব্যৰ্থ হৈছে। অসমটো তেওঁলোকৰ অৱস্থা তথৈবচ। বিজেপিৰ নেতৃত্ব অনভিজ্ঞ যদিও দলটোত আন আন দলৰ যোগদান কৰা নেতাসকল তেওঁলোকৰ বাবে সমল হৈ পৰিছে। বিশেষকৈ অগপৰ পৰা আহি যোগদান কৰা নেতাসকল সময়ৰ হাতোৰাত অধিক অভিজ্ঞ হৈ পৰিছে। ইয়াৰ উপৰি আটাইতকৈ যোগ্য, দক্ষ, বিচক্ষন নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই তেনে কোনো বিৰোপ পৰিস্থিতি সৃষ্টি হবলৈ নিদিব। তেওঁ ইয়াৰ আগেয়েও বিপিএফৰ দৰে দলৰ সৈতে চৰকাৰ চলাই সাতোটা বছৰ সুকলমে অতিক্ৰম কৰিছে। তেওঁক সেয়ে মিত্ৰযোটৰ সমন্বয়কৰ দায়িত্বও অৰ্পন কৰা হৈছে। ‘ইতিহাসৰ পুণৰাবৃত্তি ঘটে’- সকলোৱে জনা কথা। নতুনকৈ ইতিহাসো লিখা হয়। অসমত নতুন ইতিহাসৰ সৃষ্টি হ’ল। আমি ইতিহাস খুচৰিব বেয়া পাওঁ যদিও বৰ্তমান যি প্ৰবনতা তাৰ পৰা নিজকে এলাগি কৰি ৰাখিবও নোৱাৰো। এটা মিথ আছিল যে অসমৰ দৰে বৈচিত্ৰময় জনগাঠনিপুৰ্ণ ৰাজ্য এখনত ভাৰতীয় জনতা পাৰ্টিৰ দৰে দল এটাই চৰকাৰ গঠন কৰিব নোৱাৰে। এই আহুকলীয়া ধাৰণা অসাৰ প্ৰতিপন্ন কৰি সদ্য সমাপিত নিৰ্বাচনত অভুতপুৰ্ব সফলতাৰে বিজেপি দলে শাসনৰ গাদীত বহিব সক্ষম হ'ল। সেই অৱধাৰণাৰো অন্ত পৰিল। কিয় নোৱাৰে বুলি ভাৱিছিল আমি হলে ধৰিব পৰা নাছিলো। কংগ্ৰেছৰ দৰে দল এটাই যদি পাৰে বিজেপিয়ে কিয় নোৱাৰে? এনে অৱধাৰণা এটা আছিল যে আলী-কুলিৰ ভোট কোনোদিনে আন দলে ভেদ কৰিব নোৱাৰিব। কাৰণ এই দুটা জনগোষ্ঠীৰ লোকে আটাইতকৈ অশিক্ষিত, অনুন্নত আৰু অৱহেলিত। কিন্তু পঞ্চাশ-ষাঠি দশকৰ ৰাজনীতি আজিৰ দিনত চলিব বুলি ভৱাটো মুৰ্খামীৰ পৰিচায়ক। কোনো দলৰে ভোট কোনো দলৰ মাৰ্কা মৰা নহয়। কথাষাৰ বুজাত কিছুমান দলৰ পলম হ’ল। কিছু সময়ত দাম্ভীকতা কিম্বা প্ৰৰোচনাত আমি কিছুমান কথা পৰি পাহৰি যাওঁ। আজি অসমত ইতিহাসে পুনৰ নিজকে প্ৰমাণ কৰিলে যে সত্য সবাতোকৈ পৰাক্ৰমী, সভ্যতাৰ পৰিবৰ্তন হ'য় কিন্তু সত্যৰ নহয়। ৰোমান সভ্যতা, ৰোমান ইতিহাস, সম্ৰাট জুলিয়াচ চিজাৰ আৰু নিৰ' নিশ্চয় মনত আছে। কলা, সাহিত্য, বিজ্ঞান, দৰ্শন, ৰাজনীতি, অৰ্থনীতি, সমাজনীতি আদি সকলোতে চমকপ্ৰদ সাফল্য, দখল আৰু বিস্তাৰেৰে ৰোমান সাম্ৰাজ্যই কেৱল নিজকেই প্ৰতিষ্ঠা কৰি যোৱা নাই, তেওঁলোকে মানৱ জাতি আৰু মানৱ সভ্যতাৰ বুনিয়াদী ভেঁটি গঢ়ি দি থৈ গৈছে। ৰোমান সাম্ৰাজ্যৰ এই বিশালতা, প্ৰাচ্যুৰ্য্যতা আৰু মহানতা এজন বিশেষ মানুহৰ বিচক্ষণতা, জ্ঞান আৰু দূৰদৰ্শীতাৰ ফল বুলি আজিও সকলোৱে কব বিচাৰে আৰু সেই মহান, প্ৰখ্যাত ৰোমান জনেই হৈছে আমি সকলোৱে জনা সম্ৰাট জুলিয়াচ চিজাৰ। তেওঁৰ নেতৃত্বত ৰোমান সাম্ৰাজ্যই কেৱল বৌদ্ধিক প্ৰসাৰতাই লাভ কৰা নাছিল, লাভ কৰিছিল ৰাজনৈতিক বিশালতা আৰু দ্বিগ্বীজয়ী মানসিকতা। এইজন ৰোমান সম্ৰাটেই ৰোমান সত্বা, ৰোমান জাতি আৰু ৰোমান ঐতিহ্যক বিকাশ আৰু অগ্ৰগতিৰ এক চূড়ান্ত বিন্দুত উপনিত কৰোৱাইছিল যাক আজিও মানৱ ইতিহাসে নতশিৰে স্বীকাৰ কৰে। সময়ৰ কি বিড়ম্বনা ! সেই বিখ্যাত সাম্ৰাজ্য, প্ৰভাৱশালী সভ্যতা, মানৱ জাতিক পদে-পদে মাৰ্গদৰ্শন কৰা ঐতিহ্যৰে ভৰা ৰোমান সাম্ৰাজ্য জুইৰ লেলিহান শিখাত জ্বলি এদিন শেষ হৈ গ'ল। জুলিয়াচ চিজাৰে দূৰদৰ্শীতাৰে গঢ় দিয়া এই সাম্ৰাজ্য আন এজন অদূৰদৰ্শী, অকৰ্মন্য আৰু অবিবেচক, চৈৰাচাৰি সম্ৰাট নিৰ'ৰ হাতত জ্বলি চাৰখাৰ হৈ গ'ল, ৰোমান সাম্ৰাজ্য আৰু সভ্যতা ইতিহাস হৈ গ'ল।

অসমখনৰ কথা ভাৱিলেই আচৰিত হৈ যোৱা বিধৰ আছিল। অসমৰ মানুহ হেনো খুঊব ঈশ্বৰ বিস্বাসী। অসমলৈ বিদেশৰ মানুহ এজন আহিলে আচম্বিত হয়। সকলোফালেই অৰাজকতা, পক্ষপাতিত্ব, স্বজনপ্ৰীতি, সুবিধাবাদী, দূৰ্নীতি, অনিয়ম, স্বেচ্চাচাৰিতা, অনৈতিকতা, অমানৱীয়তা গা কৰি উঠিছিল। আজিৰ দিনত এনে এখন ৰাজ্য ঈশ্বৰৰ কৃপা নেথাকিলে এইদৰে চলিব কেনেকৈ? এখন চৰকাৰ আছিল আৰু সেইখনো চলি আছিল ‘ৰাম ভৰোচে’। যোৱাটো কালত অসমীয়া জাতিয়ে যেন অভিধানৰ বহুতো শব্দৰ সৈতে বাস্তৱ ৰুপায়ন দেখিলে। জ্ঞান-শিক্ষা ধোৱাচাঙত উঠিল, শিক্ষিত ডেকা ল'ৰা-ছোৱালীৰ কৰ্মসংস্থাপনৰ চাকিত তেল নপৰিল, সাধাৰণৰ স্বাস্থ্য আৰু চিকিৎসাৰ সুবিধা আকাশ পালেগৈ, দূৰ্নীতিত সকলো দিশ ডুব গ'ল-তাৰ পাচতো সকলোফালেই নিতাল-নিস্তব্ধতা। মাথো শাসন, বহিবলৈ গাদী- এইবোৰলৈয়েই তেওঁলোক ব্যস্ত থাকিল। জনসাধাৰণৰ অসম চাৰিওফালে জ্বলি গ'ল থিক সম্ৰাট নিৰ'ৰ শাসনত দপদপকৈ জ্বলি উঠা ৰোমান সাম্ৰাজ্যৰ দৰে। এই জুয়ে কিন্তু কাকো নেৰিলে। সম্ৰাট নিৰ'ৰ দৰে নিজৰ ঘৰৰ জুয়ে আজি তেওঁলোকৰ দম্ভালি জ্বলাই পেলালে। এই সুযোগতে মই নতু আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়া ৰাইজ আজি অতিষ্ঠ, তিক্ততাৰে ভৰা সকলোৰে জীৱন আৰু মানসিকতা। সেয়ে ৰাইজে পৰিবৰ্তন বিচাৰিছিল - পৰিবৰ্তন সমাজৰ, পৰিবৰ্তন চিন্তাৰ, পৰিবৰ্তন কামৰ আৰু পৰিবৰ্তন জাতীয় চেতনাৰ। আশাকৰোঁ, ৰাইজৰ এই চিন্তা-চৰ্চাক নতুনকৈ চৰকাৰে শ্ৰদ্ধা আৰু আন্তৰিকতাৰে গ্ৰহণ কৰি নিজৰ পথত অগ্ৰসৰ হ'ব। এইখন আমাৰ অসম, আমিবোৰ একেলগে আগুৱাই যাৱ লাগিব। গোটেই বৰ অসমখন - আমি সকলো আগুৱাই যাব লাগিব। সমস্যাবোৰ আমাৰ, সেয়ে সমাধানো আমিয়েই উলিয়াব লাগিব। আজি অসমীয়াই আন্তৰিকতাৰে পৰিবৰ্তন বিচাৰিছে আৰু চৰকাৰখনৰ হাতত গধুৰ দায়িত্ব অৰ্পন কৰিছে। এই সাধাৰণ মানুহখিনিয়ে যাতে ঠগ নেখায়, পৰিবৰ্তনৰ সপোনবোৰ নেভাঙে। এটা কথা পাহৰা উচিত নহয় যে যিখিনি মানুহে আজি পৰিবৰ্তনৰ ঢৌ বোৱাব পাৰিছে প্ৰয়োজন হ'লে তেওঁলোকে পুণৰ পৰিবৰ্তনৰ ঢৌ আনিব পাৰিব। কাৰণ এই মানুহখিনি সাধাৰণ হ'লেও এটা কথা ভালকৈ জানে- "History repeats itself"।

No comments:

Post a Comment