ইলেকচনৰ বতৰত নেতা মতৰত
*********************************
‘বৰষুনৰ বতৰত মইনা নুঠে মতৰত’ - আপোন মনে বন্ধুৱে গান টাইপৰ কিবা গুণগুণাই আছিল। তাক দেখি মোৰ অলপ কামোৰ দিবৰ মন গ'ল। ইলেকচন যিমানে ওচৰ চাপি আহিছে তাৰ আলোচনা পৰ্যালোচনা কামোৰ কামোৰ লগা হৈছে। যতে ততে কেৱল ৰাজনীতিৰ বকলা। নৰেন্দ্ৰ মোডী, তৰুণ গগৈ, ৰাহুল, হিমন্ত, সৰ্বা আদি নাম শুনি শুনি কান পুৰা পকি গৈছে। কোনোবাই এজনক মহামানৱ সজাইছে আৰু আন কোনোবাই আক সেই একেজনকে দানৱ সজাইছে। কাৰ বকলা কিমান শুনিবা? সবেই একো একোজন
নিৰ্বাচনী বিশেষজ্ঞ (বিশেষ ভাৱে অজ্ঞ)। ইফালে বুদ্ধিজীৱিসকলৰ (বুদ্ধিৰে জীয়াই
থকাসকল) কথাই সুকীয়া, ৰাজনীতিকতকৈও এসোপ চৰা। কোনে কেতিয়া মোট সলাই ধৰাই টান। প্ৰেম যুগলবোৰেও চাগৈ এই নিৰ্বাচনী বতৰত ৰাজনীতিৰ কথাই পাতিছে। দুয়োৰে মন মিলিলেই হ'ল, নহলে দুয়ো দুয়োৰে গালৈ বোকা চতিয়াই বোকাময় কৰিব প্ৰণয়ৰ সম্পৰ্ক। ফলত নিৰ্বাচনে ব্ৰেক আপৰ কাৰক হৈ পৰিব।
‘কি কোৱা হে, আজিকালি মইনাহঁতে চাৰিচকীয়া নেদেখিলে প্ৰেম চেমত নপৰে বুজিছা? আজি আৰু সেই গৰুগাড়ীত উঠা দিন নাই। মইনাহঁতে আজিকালি বাইকৰ পাছত উঠি টাইটকৈ নধৰিলে প্ৰেম আধৰুৱা হৈ ৰয়।’- মই কামোৰ আৰম্ভ কৰিলোৱে, আগে জো হোগা দেখা জায়েগা।
‘আৰে ভাই, মই পুৰণি দিনৰ কথাই কৈছো। বৰষুণত তিতি তিতি গান গোৱা পুৰণি বোলছবিবোৰৰ কথা মনত পৰে অ - প্যাৰ হুৱা ইকৰাৰ হুৱা হে প্যাৰ চে ফিৰ কিউ দৰতা হে দিল।’ - সি বেহুদ্দা বেছি প্ৰেমাবেগিক হৈ আছে। ৰোমান্তিক ৰোমান্তিক হৈ
থাকিলে কামোৰ দিয়াৰ জুতিয়ে বেলেগ। ভাৱকচোন কোনোবাই এটা প্ৰেমৰ কবিতা লিখিছে আৰু
আপুনি তাৰ ওলোটা মতলব উলিয়াইছে, সি তাতেই লুটি খাই পৰিব বাপ্পেকে।
‘হেৰৌ সেইবোৰ বৰষুণ দেখি নোপোৱা ঠাইৰ মানুহে কল্পনা কৰা সপোন ৰাজ্যৰ গান। আমাৰ অসমত বাৰটা মাহৰ সাতোটাতে চোন বৰষুণে বৰষুণ। বৰষুণে আমাৰ ৰাজ্যখনত সৌ তাহানিৰে পৰা কি তাণ্ডৱ চলাই আছে দেখা নাই? কাৰোবাৰ কানসাৰ আছেনে? সমগ্ৰ অসমখনেই বানত চাৰি পাঁচ মাহলৈ দুবি থাকে আৰু ৰাইজে ককবকাই থাকে। আবতৰীয়া বৰষুণৰ কথাটো আছে। আমাৰ ইয়াত্ প্ৰেমযুগলে তিতি মেলি পিৰিতিৰ কৰাৰ সপোন নেদেখে অ ভাই।’- মইয়ো গৈ থৈ ৰাজনীতিৰ
ফালে টানিলোৱে আৰু।
‘তই নেতাৰ দৰে কি ভাষন দিব ধৰিলি অ? মই কৈছো আদৰ্শ প্ৰেম-পিৰিতিৰ কথা। তই কি বুজিবি?’- সি কলে।
‘অসমত বৰষুণত তিতি তিতি কৃষকে হাল বাই ধানৰ খেতি কৰে আৰু এই বৰষুণে কাল হৈ দানৱৰ ৰুপত আহি সেই খেতি বাতি উটুৱাই লৈ যায়। তাতে ক্ষান্ত
নাথাকি ঘৰ-বাৰি বুৰাই আমাৰ কৃষক-শ্ৰমিকক নিথৰুৱা কৰে। আমাৰ দুখীয়া-নিচলাই অহৰহ বৰষুণৰ সৈতে যুদ্ধ কৰে। উপায়হীন হৈ খেতিয়কে বৰুন দেৱতাক প্ৰাৰ্থনা কৰে। ‘দীঘলঠেঙীয়া নাহিবি ঐ’ বুলি কাকুতি মিনতি কৰে। ইফালে বৰষুন কিবা কাৰণত নাহিলেও ভেকুলিৰ বিয়া পাতে। জলসম্পদ উভৈনদী হলে কি হব জলসিঞ্চনৰ নামত কেৱল লুণ্ঠনহে চলিল অত বছৰে।’- মই নিজেই আৱেগিক হৈ গলো
চোন। ক্যা কৰে আদত চে মজবুৰ।
‘কামোৰ কামোৰ কিয় লাগে? তই নেতা হব পাৰিবি বুজিছ, যিহে ফটা লেকচাৰ তোৰ!’
‘এইবোৰ চিন্তা নেতাই কৰিলেটো ভালেই আছিল। তাহাঁতে এতিয়া ভোটৰ চিন্তাহে কৰে। ভোটৰ মুল্য আমাৰ খাতিখোৱা শ্ৰেণীটোৱে বুজিলেহে? দেখিছনে বানপানীৰ বতৰত
নিৰ্বাচন নাপাতে। আমাৰ ৰাইজে পাহৰি যায় বানপানীৰ ভয়বহতাকো। সুতা-কম্বলৰ সৈতে পাঁচশ-হেজাৰ টকা আৰু দেশী মালৰ বটল এটা দিলেই যদি ভোট পায় যেতিয়া নেতাই এইবোৰ চিন্তা থোৰি কৰিব? কোনোবাই গেৰুৱা বস্ত্ৰ পৰিধান কৰি দীঘল ফোট লগাই আৰু আন কোনোবাই দীঘল ডাড়ী তুপি মাৰি আহিলেই ঈশ্বৰৰ সন্তানবোৰক নিজৰ বহুমুলীয়া ভোটটো দি আহে। আমাৰ দৰে আদিম প্ৰবৃত্তি এৰিব নোৱাৰা দেশত গণতন্ত্ৰ কেনেকৈ সফল হ’ব?’
‘ভালেই কামুৰিছ দেই। এটা কথা কচোন এই ইলেকচনৰ বতৰত নেতাসকলে কিয় নুঠে মতৰত? হে হে হে মিছা কলে কিডাল হ’ব?’
‘হেলিকপ্তাৰত উঠি উৰি ফুৰিব পাৰিলে গাড়ী মতৰত কিয় উঠিব? কত দেখিলি তই? হেৰৌ আজিকালি ধামাধৰা, মাটিৰ দালাল, জেনেৰেল দালাল সবেই চোন দামী দামী গাড়ী-মতৰত সোনৰ চেইন টেইন পিন্ধি ঘুৰি ফুৰে। আমাৰ অসমত ঘৰ সজাৰ
আগেয়ে মানুহে গাড়ী কিনি দেখুৱাই। গাড়ী কিনিলেহে চাল বাঢ়ে। ইজি মানি কেৰিয়াৰৰ
প্ৰথম ঢাপত এখন বাইক আৰু তাৰ পাছতে জাপ মাৰি এখন চাৰিচকীয়া। বচ জীৱনত উন্নতি
কৰিলেই নহয়।
আৰু তই নেতা, ৰাজনেতাই গাড়ীত নুঠে বুলি কৈছ? দিমাগ খেৰাপ হ’ল নেকি তোৰ?’
‘মই ৰজা-মহাৰজা, সভাপতি-সম্পাদক, পণ্ডিত-মোল্লা, ষ্টাৰ কেমপাইনাৰ বোৰৰ কথা নাই কোৱা। তেওঁলোকৰ কথাই বেলেগ। মই মেইলে-চেইলে, টিকট প্ৰত্যশী, কেনদিদেট বোৰৰ কথা কৈছো। তেওঁলোকে কিয় গাড়ীত নুঠে? উঠিলেও বহু দুৰতে গাড়ী ৰখাই খোজ কাঢ়ি কাঢ়ি ঘুৰি ফুৰে। বেচেৰাহঁতৰ কম কষ্ট হয়নে?’
‘সিহঁত হ’ল ডাঙৰ ডাঙৰ অভিনেতা, বোলছবিত তিনিঘন্টা অভিনয় হয় আৰু এওঁলোকৰ তিনি-চাৰিমাহ। জনতাৰ মাজৰে এজন বুলি নিজকে প্ৰতিষ্ঠা কৰিব লাগে যে সেইবাবেই নাট্যকাৰে লিখি দিয়া নাটকৰ সংলাপ আৰু ভঙ্গীমা।’
‘নহয় অ, তেওঁলোকে জানে যে যোৱা সাতটা দশকত ৰাষ্টা-ঘাটৰ অৱস্থা তেনেই সোচনীয়, জহি খহি যোৱা অৱস্থা। বিৰাট বৃহৎ
বৃহৎ খলা বমাবোৰৰ বিষয়েও তেওঁলোক অৱগত। সেয়ে গাড়ীৰে গলে ঠেকেচাত অৱস্থা নাইকীয়া হ’ব বুলি ভাৱিয়ে গাড়ীত নুঠে চাগৈ। হে হে হে ডিচ
ইজ অলচো ইমপ’ৰটেন্ট মেটাৰ!’
‘মক্কেল নেকি? সেইখিনি কষ্ট তেওঁলোকে সহিব পাৰে। আগন্তুক পাঁচবছৰৰ ৰমৰমীয়া ব্যৱসায়, লুণ্ঠনৰাজ, ভোগ-বিলাস, শুখ-স্বাশ্চন্দৰ বাবে এইখিনি কষ্ট সহিবই লাগিব বুজিছ? নেকি কৱ? হে হে হে!’
‘এৰা যিসকলৰ চাইৰেনৰ কু-কুৱনিত বাট-পথ মুকলি হ’ব, সাধাৰণ জনতাই ভেবা লাগি চাই থাকিব লাগিব, বাট পথ মুকলি নহলে
বন্দুকৰ কুণ্ডা দেখুৱাই খাকি পোচাকধাৰীয়ে ধমক দিব, তেওঁলোকে এইখিনি কষ্ট সহিবই।’
No comments:
Post a Comment