Thursday, 17 December 2015

ভাওৰীয়াক তুপী

ভাওৰীয়াক তুপী
My Satire মন ফকিৰা in Gana Adhikar http://www.ganaadhikar.com/20122015/page_7.html

'আৰে ভাইয়া, কাহেকা ৰাজকুমাৰ! জব লেডী ডন কি গদ্দি হি নেহি ৰহি ফিৰ!'
'নেহি ৰে বাবুমশাই, উসকা নাম হী ৰাজকুমাৰ হে।'
'আচ্ছা ৱহিচ্! মেভি চোচ ৰিয়া থা!'
মৰমতে মানুহে ৰাজকুমাৰ চাৰক 'পাপ্পু' বুলিও মাতে। বিশেষকৈ ফেকুচাহাবৰ ভক্তসকলে। আমাৰ আসামৰ বিজ্ঞ, বুদ্ধিজীৱিসকলে অৱশ্যে নতুন এক তথ্য উদঘাটন কৰিলে। ৰাজকুমাৰ হেনো পৰিপক্ক মানে বহুত মেচিঊৰ্ড হৈছে। অসমত অন্ততঃ পাপ্পু পাচ হো গয়া। কিন্তু আমাৰ যুৱৰাজটো জন্মতে মেচিউৰ্ড! ৰিমেমবাৰ মতা মাছ, মাইকী মাছ! ৰাজকুমাৰ দিল্লীৰ পৰা অহাৰ খবৰ পায়ে মহাৰাজে গাবলৈ ধৰিলে- ‘গাত নাই এতিয়া ততে মোৰ চেনাই অ, ততে নাই এতিয়া গাত।’ মিছা কলে কিডাল হ'ব? মানুহজনে also তামাম জোচ পাইছে। সমগ্ৰ চৰকাৰী শাসন যন্ত্ৰটোকে লগাই দিলে সকলো ধৰণৰ ইন্টেজাম কৰিবলৈ। বৰপেটাত পদযাত্ৰা কৰিবলৈ মহাআড়ম্বৰ, মহা যোজা চলালে। দিল্লীৰ পৰা উৰা মাৰি আহি গুৱাহাটী পোৱাৰ পাছতে বৰপেটালৈ উৰা মাৰি কেই কিলোমিটাৰমান পদব্ৰজে যাত্ৰা কৰিব। কেনেধৰণৰ তুপী এইটো? ঠাণ্ডাৰ শীতৰ শেমেকা ৰাতিৰ বাবে ওলোটাকৈ পিন্ধা বান্দৰতুপী। আমি ভাবিছিলো চাৰ চাগে পদব্ৰজে লগ পাবলৈ যাব সৰ্থেবাৰীৰ সেই কংগ্ৰেছ কৰ্মীজনৰ ঘৰলৈ। সেইযে কৰ্মীজনে আৰ্থিক দৈন্যতাৰ বাবে সপৰিয়ালে আত্মহননৰ পথ বাচি লৈছিল।
ৰাজীৱ ভৱনত উথপথপ পৰিবেশ। ৰাজকুমাৰ আহিব যেতিয়া কথাই নাই, ইমপ্ৰেচ কৰিবই লাগিব, গদ্দী বচাবই লাগিব। ৰাজকুমাৰ আহিল আৰু পোনে পোনে গুচি গ’ল মীয়া ইলাকাত ঘুচপেথ কৰিবলৈ। বহুতে চোন কোৱা কুই কৰিছিল মহাৰাজ আৰু মৌলানা চাহাবৰ মাজত বোলে ইলু ইলু চলিছে। ‘ইলু ইলু ক্যা হে য়ে ইলু ইলু?’ শৰ্মাচাৰৰ মতে দুয়োজন এতিয়া হেনো ‘জিগ্ৰি দোস্ত’। অপেনলি দোস্তি কৰা নাই যদিও তেওঁলোকৰ মাজত ‘চিক্ৰেট দিল’ বোলে হৈ গৈছে। এই ‘চিক্ৰেট দিল’ লেডী ডনৰ দিল্লী স্থিত হাৱেলীতে হেনো হৈছে। ইফালে ৰকীচাৰৰ মতে মৌলানা চাহাবে ফেকু চাৰহঁতৰ পৰা বহুত কোটি টকা লৈ মিতিৰালি কৰিছে। বলটো ইফালৰ পৰা সিফালে দলিওয়া দলি কৰিবলৈ ধৰিছে- Catch it if you can, the ball is in your court, BTW who is ball?
যি হওক, ৰাজকুমাৰ আহিয়ে গুচি গ’ল বাৰপেটালৈ। তাত ৰাজকুমাৰে খোজ কাঢ়ি কাঢ়ি গালে-
‘আনে ৱালে জানে ৱালে
জৰা হুচিয়াৰ খবৰদাৰ
ইহাকে হাম হে ৰাজকুমাৰ
আগে পিছে হামাৰি চৰকাৰ ইহাকে
হাম হে ৰাজকুমাৰ, হোয়ে হোয়ে...’
আগে পিছে ‘হামাৰি চৰকাৰ’? কাৰ চৰকাৰ? জনতাৰ হয়নে? পদযাত্ৰা কৰা পথচোৱাত হেনো গাড়ী মটৰ চলাৰ উপায়ো নাই! হয় নেকি? মহাৰাজ, ৰথী-মহাৰথী ষ্টেজত উঠি দেখে লেদিচবোৰে তেওঁলোককটো পাত্তা দিয়া নাই নাইয়ে ৰাজকুমাৰকো পাত্তা নিদিয়াকৈ, কথা-বতৰা নুশুনাকৈ গুচি যাবলৈ উদ্যত হৈছে। এনে অবজ্ঞা, অবমাননা! সহ্য নহয়। অলপ টেমা গৰম হৈ গ’ল। আৰে ভাই এই শীতৰ শেমেকা ৰাতিবোৰত বস্ত্ৰবিহীন খেতিয়কক কম্বল আৰু খাদ্যবিহীন দিন মজুৰ মহিলাক সুতা দিম বুলি ৱাদা কৰিছে। সেয়ে তেওঁলোকক উদ্দেশ্যি কলে- ‘জানেৱালো ৰুক যায়ো, অগৰ কুছ চাহিয়ে তো ৰুক যায়ো। দেখা নেহি ৰাজকুমাৰ চাৰ আয়া হে? অগৰ কুচ চাহিয়ে তো ৰুক যায়ো। নেহি চাহিয়ে তো যা চকতে হো।’ ইহঁতক এনে ধৰণৰ লোভ দিলেহে কথা শুনে। ভিক্ষাৰী চব! এনেই তাহাঁতক কোনেনো পাত্তা দিয়ে? পাঁচ বছৰৰ মুৰে মুৰেহে কিবা এটা দিম বুলি কোৱা যায়। আনকালে তাহাঁতৰ কথা ভবাৰ সময়ো নাথাকে। ইফালে মতা মানুহবোৰক মাল দি পেল খুৱাই থৈ দিয়াৰ প্ৰগ্ৰাম আছিল। কিন্তু প্ৰগ্ৰেমটো দিনত হ'ল যে! অপেনলি মাল-পানী দিব নোৱাৰি বাবেই এইবাৰ গুটখা, বিৰি, চাধা, চিগাৰেট দি মানুহবোৰক সভাস্থলীত উপস্থিত থাকিবলৈ কোৱা হৈছে। তাকে মক্কেলবোৰে পাবলৈ হেতা-ওপৰা লগালে। হেৰৌ অমৃত খাবি ৰ, কেনচাৰ নহয় ৰ! স্বাস্থ্যৰ কিডাল ক্ষতি হবহে?
ইফালে শৰ্মা চাৰ, মৌলানা চাহাবহঁতৰ টেমা গৰম। বেছি মাইলেজ পাই গ’ল নেকি ইহঁতে? ৰাজকুমাৰে হেনো সত্ৰত নোসোমাল, মুৰ নোদোৱালে। অসমীয়া জাতি বোলা টোক হেনো অপমান কৰিলে। কেনে অপৰাধ ভাবকচোন! যিসময়ত সমগ্ৰ দেশতে মন্দিৰ-মছজিদৰ ৰাজনীতি পুৰাদমে চলিছে সেইসময়ত এনে অসাধ্য সাধন! ইফালে মহাৰাজ, ৰাজকুমাৰহঁতৰো তামাম গিলটি ফিলিং হ'ল। ঈশ্বৰ নাৰাজ হয় বুলি নহয়, মাইলেজ কমিব বুলিহে। সেয়ে কোনোবাই কলে বোলে গা ধোৱা নাছিল, আন কোনোবাই আক কলে বোলে ধুতি পিন্ধা নাছিল! এক্সকিউজ মি প্লিজ! ৰাজকুমাৰে দিল্লী পায়ে কলে তেওঁক সত্ৰত সোমোৱাত বাধা প্ৰদান কৰা হৈছিল। সত্ৰত আই মাতৃৰ বেশত আছিল আৰএচএচ এজেন্ট। কাকনো বুলিম ককা? দাইৰেক্ট ধপ মাৰিছে দেই। হেৰৌ চৰকাৰৰ চৰম অবজ্ঞাৰ বাবে সেই অঞ্চলবোৰত যে কোনো উন্নয়ন হোৱা নাই সেইবোৰ চকুত নপৰে? অন্তত সপৰিয়ালে আত্মহত্যা কৰা পৰিয়ালকেইটাৰ খবৰ ৰাজকুমাৰে কিয় নললে সেই প্ৰশ্ন এবাৰো মনলৈ আহিলনে? নাই সেইবোৰলৈ কিয় মুৰ ঘমাব? পাৰিলে অলপ মানসিকতা সলনি কৰক। এনেবোৰ কথাটো চেপা উত্তেজনাই বিৰাজ কৰক, উদ্বিগ্ন হওক, তীব্ৰ ভাষাৰে গৰিহণা বা সকিয়াই দিয়ক, বিতৰ্কৰ সৃষ্টি কৰক। যিবোৰ আলটু ফালটু ইছ্যুকলৈ ভাওৰীয়াসকলে কৰে।
ইফালে ৰাজকুমাৰ আৰু মহাৰাজে মীয়া ইলাকাত গৈ মীয়া গামোচা পিন্ধিলে। শৰ্মাচাৰৰ মতে ৰাজকুমাৰে অসমীয়া গামোচাখন খুলি মীয়া গামোচা পিন্ধি মীয়া প্ৰীতি দেখুৱাইছে। গামোচাৰ আচলত পদুমৰ চপা ৰাজকুমাৰে কিয় নলবহে? অসমীয়া জাতিৰ পৰিচয়! ৰাভাসকলৰ যৰেন বা ‘খোপং’, ‘ফালি’, ‘ৰিকং’, ‘পহ’, ‘ছই’, কাৰ্বি সকলৰ ‘গলৰ উলন’ বা দমাৰ, ডিমাচা সকলৰ ‘ৰিচা’, তিৱা সকলৰ ‘টাগল’, ‘ফাগা’, বড়োসকলৰ ‘আৰনাই’, কোচঁ ৰাজবংশী সকলৰ ‘আংচা’ আদি গলত ললেও ভুল হব নেকি? পশ্চিম অসমত এই পখৰা গামোচাখনক ‘তিনিহেতে’ বা ‘মোকচা’ বুলি কোৱাও শুনিছো। ইফালে বহুতে কৈছে সেইখন ‘গাৰো গামোচা’ বুলি! এইবাৰ তাৰ ওপৰত ৰিচাৰ্চ কৰিলে হ’ল, চিবিআইৰ তদন্ত দিলে হ’ল। শৰ্মাচাৰে ‘ডিজিটেল ইন্দিয়া’ৰ ধাৰণাৰে আইফোনত ফটো দেখুৱাৰ পাছত ৰকীচাৰেও দেখুৱালে বোলে শৰ্মাচাৰে এসময়ত তথাকথিত ‘মীয়া গামচা’ লোৱাই নহয় তুপীও পিন্ধিছিল। আৰে ভাই মীয়াৰ চিনাকী হ’ল তুপী আৰু লুঙ্গী। কিয় মীয়াৰ সংজ্ঞা সলনি কৰাৰ ষড়যন্ত্ৰ কৰিছে? তেওঁ পিন্ধিলে একো নাই, ধোৱা তুলসীৰ পাত? মহাৰাজে পিন্ধিলেহে জগৰ লাগে? ৰাষ্ট্ৰীয়তাবাদী জাতীয়তাবাদৰ ধ্বজাবাহকৰ এয়া কেনে কাণ্ড কাৰখানা? জোখতকৈ বেছি সকলো ক্ষেত্ৰতে বেয়া? মীয়া বা মুছলিম বিদ্বেষী এনে দুষ্প্ৰচাৰে কাৰ কি হিতসাধন কৰিবহে? নিজকে হিন্দুত্ববাদৰ মহানায়ক সজাই অসম গঢ়িব! নিজৰ জ্ঞানশুন্যতাৰ পৰিচয় দিয়ে কিয়? মিছামিছি হাঁহিয়াতৰ পাত্ৰ হয় কিয়?
কিন্তু পতে কি বাত ক্যা হে মালুম? কোনেও মুল ইছ্যুবোৰক পাত্তা দিয়া নাই। আলটু ফালটু ইছ্যুকলৈ মুৰ ঘমোৱাই কাম। চৰকাৰৰ বিফলতা খিনি তুলি ধৰিব পৰা নাই। ৰাইজ কম মক্কেল নেকি? জাতি-ধৰ্মৰ কথা কলেহে ৰাজনীতিকৰ কথা শুনে। নহলে ব’ৰ ব’ৰ বুলি বোলে চিঞৰে। আৰে ভাই বোপা ককাৰ সচ কেনেকৈ এৰিব? ৰাইজে বিছাৰে কু-শাসন, লেৰেলি যোৱা জৰাজীৰ্ণ বাট-পথ, আকাশলঙ্ঘি মুল্যবৃদ্ধি। উন্নয়ন, উত্তৰণৰ কথাই নাই, ৰাইজে আধুনিকতা নিবিছাৰে নহয়। অশিক্ষিত হৈয়ে থাকিব বিছাৰে, শিক্ষিত সোপাই কিনো ফালিছে? উন্নত চিকিৎসা ব্যৱস্থাৰো দৰকাৰ নাই, নহলে বেজালি নচলিব। দাইনীবোৰকো যে হত্যা কৰিব পৰা নাযাব। কামচোৰ, কানিয়াসকলে নিবনুৱা হৈ বহি বহি খাই বৈ থাকিব বিছাৰে। আৰু এটা কথা নহয় এই আন্দোলন চান্দোলন নহলে গুৱাহাটী, দিচপুৰ দেখাই পোৱা নাযাব চোন। সকলো সমস্যা সমাধান হলে অসম বন্ধ কেনেকৈ দিব? অসম বন্ধ নহলে বহুত কাম কৰিব লাগিব! ৰাইজ আজি ভাৱৰীয়া, আসামেই নাটঘৰ! সময় যে তাকৰ নহয় আৰু দেই, সময়ে সময়, সময়ে সময়!

Wednesday, 16 December 2015

জৰু কা গুলাম

জৰু কা গুলাম:

কেলিফোৰ্নিয়াৰৰ এহাল দম্পতিৰ এক অজীব কাহিনী ফেচবুকত পঢ়িবলৈ পালো। সঁচা ঘটনা হিচাবে প্ৰকাশিত যদিও কাহিনী বুলিয়ে ধৰি ললো আৰু। বহুতো ভদ্ৰলোক-ভদ্ৰমহিলাৰ সৈতে আলোচনাৰ অন্তত মই এই শেষ সিদ্ধান্তত উপনীত হবলৈ বাধ্য হলো। মুঠৰ ওপৰত কোনেও বিস্বাস নকৰে। তাতে ফেচবুকত ওলোৱা কথা! কোনে বা সজায় পৰাই কাহিনীটো প'ষ্ট কৰিছে! আজিৰ ডিজিটেল ফটোশ্বপৰ জামানাত কাকনো বিস্বাস কৰিবহে? এনেকুৱা সঁচা ঘটনা হেনো থাকিবই নোৱাৰে। এনে তেলিয়া স্বভাৱৰ মতা মানুহ এজন এইখন পৃথিৱীতে থাকিব নোৱাৰে। হে বোলো হয় হয়। দম্পতি চিনিয়ৰ চিটিজেন। ষাঠি বছৰীয়া লিয়োনাৰ গিৰিয়েক ৬৮ বছৰীয়া কেৰ’লে পত্নীক কোনোদিনে ব্ৰেকফাষ্ট কফি বনাব নিদিয়ে, নিজে বনাই পত্নীক খুৱাই, কাপোৰ ধোৱা, ইস্ত্ৰি কৰা, বাচন-বৰ্তন ধোৱা-পোখলা কৰিবলৈও নিদিয়ে। পত্নীৰ হাত জ্বলিব বুলি জাপ মাৰি আহি অভেনৰ পৰা নিজে খোৱা বস্তুবোৰ উলিয়াই। শোৱাৰ পৰত বিছনা পাতিও নিজেই ঠিক ঠাক কৰি লয়। দুয়োৰে বিয়া ১৮ মাহ হও হও। প্ৰথমে পত্নীৰ কথাবোৰ ভালেই লাগিছিল, কিন্তু লাহে লাহে নিজকে সৰু ‘কেচুৱা টাইপ ত্ৰিট’ কৰা যেন বোধ কৰিবলৈ ধৰিলে আৰু বিবাহ বিচ্ছেদৰ বাবে আদালতৰ দ্বাৰস্থ হ’ল। লিয়োনাই ন্যায়াধীষৰ আগত কলে- ‘মই এনে মানসিক নিৰ্যাতন জীৱনত কেতিয়াও পোৱা নাছিলো। এক্কেবাৰে সহ্যৰ বাহিৰ হৈ গৈছে, মোক দিভোৰ্চ লাগে।’
‘ইমানো জৰু কা গুলাম হ’ব নাপায় দেই। এই পাৰ্টিকুলাৰ হাচবেণ্ডজন মেনটেল হয় বে।’- এজন বন্ধুৰ দৃঢ়মত। 'এনেকুৱা মক্কেল হাচবেণ্ড থাকে নেকি? সব বস্তুৰে এটা সীমা থাকেটো, বেহুদ্দাই জোখতকৈ বেছি ভাল হবলৈ যোৱা বাবেই তাৰ এই অৱস্থা হ’ল। আৰে ইমানকৈ ভালৰি কোবাবলৈ কিহে পাইছিল তাক?'
‘আব্বে মই নিজে প’ষ্ট কৰা নহয় দেই, শ্বেয়াৰহে কৰিছো।’- মই ততাতৈয়াকৈ জৱাব দিলো। মোৰ আত্মসন্মানত লগা যেন লগা বাবেই জিকাৰ খাই উঠিলো। তাহাঁতে মই মক্কেলটোক চাপ’ৰ্ট কৰা বুলিও ভাবিব পাৰে। মোৰ লগৰকেইটা যিহে, খাব নোপোৱা ঢেকুৰা কুকুৰবোৰৰ দৰে কামোৰো কামোৰোকৈ থাকে।

মোৰ পত্নীৰ কথাই বেলেগ। প’ষ্টটো দেখাৰ পাছতে মন্তব্য কৰিলে- ‘দেখিছা কি...মা...ন ভাল পায় পত্নীক!’ এটা দীঘল হুমুনিয়াহ! ‘মই যদি এনেকুৱা হাচবেণ্ড পালো হয়! মই কেতিয়াও এনে মৰমীয়াল হাচবেণ্ডক নেৰিলো হয় দেই।’
‘তাৰমানে সব কাম-বন বাদ দি এইসোপা কৰি থাকিলেহে ভাল পাবা ন? তেতিয়াহে তোমাক অকৃত্ৰিমভাৱে ভাল পোৱা বুজাব! হাৱা খাই বাছি থকাৰ মন আছে যদি কোৱা!’- মই কলো।
‘নাই, সেইটো কোৱা নাই। বাদ দিয়া তুমি তেনেকুৱা হবও নোৱাৰা।’
‘অ মোৰ বাহিৰে সব মতাবোৰেই পত্নীবোৰক ভাল পায়, কেয়াৰ লয়, ভাত বনাই খুৱাই।’- মোৰ যিমান বন্ধু আছে সকলোৰে ওপৰত এটাই মন্তব্য-‘দেখিছা আজি নবদাক? কবিতাক কি...মা...ন ভাল পায়!’ ‘দেখিছা মৃন্ময়দাক বাচ্ছাটো ৰশ্মীক লবই নিদিলে।’
‘তুমিটো কেতিয়াবা চাহ একাপ বনাই খুৱাব পাৰা।’
‘খুৱাইছিলো দেখোন এবাৰ, পাহৰিলা নেকি?’
‘যিহে চাহ বনাই খুৱাইছিলা! আচৰিত পত্নী দেই সেইজনী, ইমান ভাল হাচবেণ্ড পোৱাৰ পাছতো শান্তি নাই, দিভোৰ্চ বিছাৰে?’- এইবাৰ গালে মুখে হাত দিলে।
‘পত্নী বোলা জন্তুটোক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি দিয়া, ভালপোৱা ঢালি বাকি দিলেও কোনো লাভ নাই।’
'তুমিটো লাওপাট-কচুপাট।'

এইবাৰ পুণৰ Whatsappত উটি ভাহি অহা এটা মেচেজ আমাৰ কলেজিয়া গ্ৰুপ গ্লোবেল আদ্দাত প্ৰকাশ পালে। টুৰিয়া পিট নামৰ মডেল এজনিৰ কাহিনী। প্ৰায় ৬৪% পুৰি যোৱাৰ পাছতো জীয়াই আছে আৰু কেমেৰাৰ সম্মুখতো ধৰা দিছে। কিন্তু বেছেৰীৰ অৱস্থা এতিয়া একেবাৰে বেয়ালগা, পুণৰ মডেলিং কৰাৰ প্ৰশ্নই নুঠে, ইমানেই দহি খহি গৈছে। কিন্তু আচৰিত কথা হ’ল বয়ফ্ৰেণ্ড জনে তাইক কেতিয়াও নেৰিলে। খোদ নিজৰ চাকৰি এৰি তেওঁক শুশ্ৰষা কৰি এনে অৱস্থালৈ আনিছে। মেচেজটো পঠিয়াইছে এজন লৰা বন্ধুই (লৰা মানে এতিয়া চল্লিছৰ উৰ্ধৰ আদহীয়া হলেও লগৰবোৰৰ মাজত লৰা)। লগে লগে গ্ৰুপৰ ছোৱালীকেইজনীয়ে মতপোষন কৰিলে:
’৯৯.৯৯% মতা এনেকুৱা হবই নোৱাৰে।’
‘মতাবোৰে চাকৰি বাদ দি তিৰোতাক শুশ্ৰষা কৰিব? পাৰিলে তিৰোতাজনিকে বাদ দিব’
‘মতা মানুহজনৰ নিশ্চয় কিবা স্বাৰ্থ আছিল, নহলে এনেকুৱা কৰিব জানো?’ এইজনিতকৈ আনজনি বিজ্ঞ।
কিযে হ’ব? সকলো মহিলাৰ চিন্তাধাৰা এনেকুৱাই নেকি বাৰু? এনে সঁচা কাহিনীটোকো যদি সন্দেহৰ চকুৰে চায় আমি কোন খেৰ কুটা? তেওঁলোকে কোনোপধ্যেই বিস্বাস কৰিব পৰা নাই। মই বোলো হেৰৌ ভাৰতত হে থাকিব নোৱাৰে, বিদেশত পাৰে। মুখ খুলি নকও আৰু নহলে দেশদ্ৰোহী বুলি পাকিস্তানলৈ যাবলৈ কব।

পিছে মোৰ মিচেচ জানো পিছুৱাই থাকিব? মই গ্ৰুপৰ মেচেজবোৰ চোৱাৰ আগেয়ে তেখেতেই চাই নহয়। তেওঁ চেন্সৰ কৰি পাছ কৰাৰ পাছতহে মই চাব পাৰো। বিছনাৰ পৰা উঠাৰ লগে লগে তেওঁ মোক কলে- ‘চোৱাচোন মানুহজনীৰ অৱস্থা, বেয়াই লাগে। কিন্তু তথাপিও মতা মানুহজনে তাইক এৰি দিয়া নাছিল। মোৰটো এনে কিবা বেমাৰ এজাৰ হলে তুমি ফিৰিয়ে নাচাবা।’
‘এই ৰাতিপুৱাতে তোমাৰ হৈছে কি? কি কথা কি বতৰা একো নাজানোয়ে, মাৰিলাই নহয় কাট! আৰু কি কোৱা হে? বিয়াৰ পাছৰে পৰা তোমাৰ AMC লোৱা নাই জানো? এনুয়েল ৰিপেয়াৰ এণ্ড মেনটেনেন্সে কৰি আছো চোন! কোনটো বছৰ তোমাৰ বেমাৰ নোহোৱাকৈ গৈছে কোৱাচোন?’- এনেকৈ ফিটিং ৰিপ্লাই দি মুখ বন্ধ নকৰিলে উপায় নাই। এই পাইৰেটেড mp3 চিডিখন এবাৰ অন হলে বন্ধ নহয়। সেইদিনা মই মিচেচক ৰাতিপুৱা শোৱাপাতিৰ পৰা উঠাই কলো- ‘হেৰা উঠাহে, বলা যোগাসন কৰি আহোগৈ।’
‘কি হ’ল তোমাৰ? মই অলপ দেৰিকৈ শুলে তোমাৰ সহ্য নহয় হা? বাচ্ছাকেইটাৰ পৰীক্ষা শেষ হৈছেহে, কেইদিনমানটো দেৰিলৈ শুবলৈ দিয়া, ইহঁতকেইটাৰ স্কুল খুলিলে সেই একেই ঘিচা-পিটা ৰুটিন!’
‘নাই মই যোগাসনৰ বাবে যাবলৈহে লগ ধৰিছো!’
‘তাৰমানে এতিয়া কি মই মোটি হৈ গৈছো ন? মোক ভাল নলগা হৈছে!’
‘নাই অ, জানাই নহয় যোগা শৰীৰৰ বাবে কিমান উপকাৰি।’
‘তাৰমানে মই কি বেমাৰি?’
‘নাই নাই, হে বাদ দিয়া হে, যদি উঠিবলৈ মন নাই শুই থাকা দেই সোনজনী।’
‘অ মই এলেহুৱা তাৰমানে? গোটেই ঘৰখন কোনে চলাই আছে হা?’
‘কিনো কৈ আছা, মোক তুমি ভুল বুজিছা। মোৰ সেইটো মতলব নাছিল।’
‘অ মই তোমাক নুবুজো নহয় নে?’
‘চোৱা কিন্তু মই তেনেকৈ কোৱা নাই।’
‘অ মই মিছা কৈছো, মইটো মিছলীয়া নহয়নে?’
‘বাদ দিয়া হে, এই ৰাতিপুৱাই পুৱাই কথাবোৰ টানি আছা কিয়?’
‘অ মই কাজিয়াখোৰ তিৰোতা নহয় নে?’
‘এহ বাদ দিয়া, মইয়ো নাযাও দিয়া যোগা চোগা কৰিবলৈ।’
‘তুমি আচলতে যাবই বিছৰা নাছিলা, মোৰ ওপৰত দোখ জাপি দিবৰ বাবেই এই নাটকখন ৰচিলা।’
‘ঠিক আছে মই অকলেই যাও দিয়া, হলতো?’
‘তুমিটো অকলেই সকলোতে যাবলৈ বিছৰা, মোক কেতিয়াবা কৰোবালৈ লগ ধৰিছানে?’
‘চোৱা ভাই, মোৰ অস্বস্তি অনুভৱ হৈছে।’
‘চোৱা, তুমি কেৱল নিজৰ কথাই ভাৱা। মোৰ স্বাস্থ্যৰ কথা কোনোদিনেই নাভাবা, কতদিনৰ পৰা কৈ আছো মোৰ বেমাৰবোৰৰ কথা, কিন্তু তোমাৰ কানসাৰ নাই।’

Who says women came out of man’s rib? In reality women came out man’s funny bones.


কনভাৰ্ট ৰুপী টু পাইচা

কনভাৰ্ট ৰুপী টু পাইচা
ডাঙৰজনী মাইনাক কষ্টেৰে, বহুতো বাধা নেওচি ইংৰাজী মাধ্যমত পঢ়ুৱাই আছো। কিন্তু মোৰ জাতীয়তাবাদী (উগ্ৰ নহয়) বন্ধু মৃন্ময়ৰ সৈতে হোৱা অন্তৰঙ্গ আলাপৰ পাছত গা-মন বেজবেজাই গ’ল।
‘কি কৰি আছ বে, এই ৰাতিখন শোৱা নাই যে’- মৃন্ময়ে ৰাতি দুপৰত মাল খাই ফোন কৰিলে। প্ৰায়ে ৰাতি দুপৰত ফোন কৰি মোক বৈদ্য ব’ৰ কৰে সি।
‘নকবি আৰু! মাইনাহঁতৰ ইউনিফ’ৰ্ম ইস্ত্ৰী কৰি আছো বে।’- মই কলো।
‘হা হা হা, ঠিকে আছে দোস্ত, অলপ চলপ হেল্প কৰিবও লাগে বুজিছ, মোৰো সময় আহি আছে ৰ, আমাৰ কুহিকো স্কুলত দিয়াৰ সময় আহিল নহয়।’
‘গম পাবি ৰ, এই জলাকলাবোৰ খালেহে বুজিবি দিল্লী কা লাড্ডু কি কত কিয় বিখ্যাত।’
‘মই হলে তাইৰ ওপৰত অতিৰিক্ত প্ৰেচাৰ নিদিও, পাৰিলে জাতীয় বিদ্যালয়তে দিম। ভাল হলে অসমীয়া মাধ্যমত পঢ়িও ভাল মানুহ হ’ব বুজিছ?’
‘কিন্তু আজিৰ এই প্ৰতিযোগিতাৰ দিনত তিষ্ঠি থাকিব পাৰিব জানো?’
‘কিয় নোৱাৰিব? আমি কি অসমীয়া মাধ্যমত পঢ়া নাছিলো? আমাৰ লগৰবোৰে চোন এতিয়া গৈ আমেৰিকা-ইউৰোপত কমপিত কৰি তিস্থি আছে।’
‘আৰে ভাই সেই দিন আৰু নাই, আমাক মা-দেউতাই কোনো টেনচন নোলোৱাকৈ পঢ়ুওৱাইছিল, গমকে নাপালে কিনো পঢ়িছিলো। কিন্তু আজিৰ প্ৰতিযোগিতাৰ দৌৰত তিষ্ঠি থাকিবলৈ হলে নিজেও টেনশ্বন লব লাগিব আৰু লৰা-ছোৱালীকো অত্যধিক প্ৰেছাৰ দিব লাগিব। উপায় নাই, সময়ৰ সৈতে খোজ মিলাই চলিবই লাগিব।’
‘আই দ’ন্ট কেৱাৰ, বাই, গুড নাইট!’- সি মোৰ যুক্তিযুক্ততাত আস্বস্ত নহ’ল।
আমাক মা-দেউতাই কেনেকৈ পঢ়ুৱাছিল বিশেষকৈ মাহঁতে যে ভুকে নাপালে। কেতিয়া কুহিপাঠলৈ গছৰ আগৰ কুহিপাত পালোগৈ আমি নিজেও গমকে নাপালো। দিনৰ দিনটো খেলা-ধুলা, ৰং ৰহইচ কৰিয়ে কটাইছিলো। কিন্তু আজি আৰু সেই দিন নাই। লৰা-ছোৱালীক স্কুলত নামভৰ্তি কৰোৱাৰ আগৰে পৰা যিডালহে টেনশ্বন! তাহানিত মানুহে দুৰ দুৰনিলৈ বাট কুৰি বাই পঢ়িবলগীয়া হোৱা বাবে শিক্ষাগ্ৰহন সহজলভ্য নাছিল। কেৱল ধনিক শ্ৰেনীয়েহে কলিকতালৈ পঠিয়াই লৰা পঢ়ুৱাই ডাঙৰ মানুহ কৰিব পাৰিছিল। ছোৱালীক অৱশ্যে ধনীক শ্ৰেনীটোৱেও  পাৰিলেও পঢ়ুওৱাব বিছৰা নাছিল যেন বোধ হয়। সময় সলনি হ’ল যদিও আজিও লৰা-ছোৱালীক পঢ়ুওৱাবৰ বাবে গেবাৰি খাটিব লাগে। প্ৰপত্ৰখন লবলৈও লানি নিচিগা ভীৰত গোটেই ৰাতি বোন্দাপৰ দিব লাগে স্কুলগেটৰ সম্মুখত। ইখনতকৈ সেইখন স্কুলৰ চৰা মাচুল। পঢ়ুওৱাব কেনেকৈ? স্কুল-কলেজ গণ্ডাই গণ্ডাই গঢ়ি উঠিলে হ’ব কি? আজিও শিক্ষাব্যৱস্থা ধনীক শ্ৰেনীৰ বাবেহে সহজলভ্য হৈ আছে যেন লাগে। অৱশ্যে সহজসাধ্য নহলেও, নাখাই নবৈ হলেও লৰা-ছোৱালীক শিক্ষা দিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰিবই লাগিব। আমি যিমানে অসমীয়া মাধ্যমৰ সপক্ষে জাতীয়তাবাদী লেকচাৰ নামাৰো কিয় শেষত ইংৰাজী মাধ্যমৰ বিদ্যালয়ে বাছি লবলগীয়া হয়। মইয়ো লগ-বন্ধুৰ সৈতে আগতে মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাগ্ৰহন কৰিব লাগে বুলি লেকচাৰ মাৰিছিলো। কিন্তু পৰিবেশ পৰিস্থিতিয়ে আমাকো বাধ্য কৰিলে। প্ৰতিযোগিতাৰ উভতগোৰে নচা কলিকালত উপায় নাই। অৱশ্যে মই ঘৰুৱা পৰিস্থিতিৰ বশবৰ্তি হৈহে তেনে কৰিবলৈ বাধ্য হলো।
আবেগিক হৈ পত্নীক এদিন কৈ পেলালো- ‘ডাঙৰ মাইনাৰ ক্ষেত্ৰত যি ভুল কৰিলো, সৰুজনীৰ ক্ষেত্ৰত সেই ভুল নকৰো, মই জাতীয় বিদ্যালয়তে দিম। ইমান প্ৰেছাৰাইজ কৰিব নোৱাৰি আৰু!’
‘দিবলৈ মন আছে দিয়া, কিন্তু মইটো অসমীয়া পঢ়ুওৱাব নোৱাৰিম। ডাঙৰ মাইনাই কোনটো ৰাইমচ জানে সেইটোৱে চোন তুমি নাজানা। কোনোদিনে তাইৰ পঢ়া-শুনা চকু ফুৰাই চাইছানে?’- পত্নীৰ খাৰাংখাচ জৱাব। কথাষাৰ মই পাহৰিয়ে গৈছিলো। তেওঁ ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰা, অসমীয়া পঢ়ুৱাব কেনেকৈ? ডাঙৰ মাইনাৰ অ, আ, ক, খ খিনি পঢ়ুৱাওতে যিহে কষ্ট পায়! তেওঁ অসমীয়াত সঁচাকৈ দুৰ্বল। এপোৱা, দুপোৱা আদিও বুজি নাপায়। শাক-পাচলি বজাৰ কৰিবলৈ গৈ এবাৰ যিখনহে কৰিলে!
‘বিলাহি কিমানকৈ দিছ?’- বজাৰলৈ গৈ পাচলি বেপাৰিক মিচেচে সুধিলে।
‘পোৱা পোন্ধৰ বাইদো...’
‘টুৱেন্টি ফাইভ ৰুপিজতকৈ বেছি নিদিও, দিঅ যদি দে...’
‘লওক বাইদেউ... কিমান দিম আধা কিলো?’
‘বাইদেউ আপুনি কি কৈছে, এক পোৱাত ফিফটিন ৰুপিজ, কেজিত নহয়।’- লগত যোৱা আমাৰ ড্ৰাইভাৰজনে ভুল সুধৰাই দিলে।
‘এহ হয় নেকি? তাৰমানে ই বেছি কৈছে, বাদ দে ব’ল তেতিয়াহলে।’
তাৰপাছত ৰিক্সাত উঠি ঘৰলৈ বুলি ৰাওনা। ‘ভাইয়া থোৰা আগে লেনা’- গন্তব্যস্থানৰ যি নাম কৈছিল সেই স্থান পোৱাৰ পাছত ৰিক্সাৱালাক কলে।
‘অভি নেহি অউৰ থোৰা আগে’- অলপদুৰ আগুৱাই গৈ পুণৰ কলে।
‘এ বাইদো, আৰো কিমেন জাবা লাগবু ভালকে নকাই কে?’- ৰিক্সাৱালাই অধৈৰ্য্য হৈ কলে।
‘তই অসমীয়া বুলি আগতে কোৱা নাই কিয়, এনেই হিন্দী খোপা কৈ মৰিছো মই! হবদে ৰাখ ইয়াতে।’
‘কিমান দিব লাগিব?’
‘বাইদো আপনাৰ পাই আৰো কি খুধিম, ত্ৰিচ টকা দিলি হবো দক।’
‘ইংলিচত ক।’
‘বাইদো কি কয় হা, ইংলিচ জানলি ৰিক্সা চলাবা লাগা হয়!’
উপায় নাই সৰু মাইনাকো ইংৰাজী মাধ্যমতে দিব লগা হ’ল। কিন্তু দুয়োজনীকে একেলগে পঢ়ুওৱা যে অসম্ভৱ হৈ পৰিছে। দুজনীৰে মাজত যিহে কাজিয়া! হিচাব নোহোৱা চাবজেক্ট, হ’মৱৰ্ক, তৃমাষিক পৰীক্ষাবোৰৰ মাজত সোমাই মাকজনী ককবকাই মৰে। মাজে মাজে প্ৰজেক্টবোৰতো থাকেই। বেছিভাগ মাকেই কৰি দিব লাগে। এই প্ৰজেক্টবোৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ কি উপকাৰ হয় নাজানো দেই। তাৰ মাজতে আজি বোলে খ্ৰীষ্টমাচৰ ড্ৰেচ, কালি বোলে এনুৱেল দেৰ ফাংচনৰ ড্ৰেচ, শিশু দিৱস আৰু কতযে নতুন নতুন নাটক আৰু টকাৰ খেল! মাকজনীয়ে বেলেগ কোনো কথা চিন্তাই কৰিব নোৱাৰা হৈছে। খিংখিঙিয়া হৈ পৰিছে মানুহজনী। সেইটো তেখেতৰ দিপাৰ্টমেন্ট বুলি কৈয়েই মই হাত সাৰি আছো। কিন্তু কেইমাহমানৰ পৰা মোৰ ওপৰতো কিছু দায়িত্বভাৰ অৰ্পন কৰিছে। ডাঙৰ মাইনাক অসমীয়া, হিন্দী, চাইন্স, মেথ্চ মাজে মাজে দেখুওৱাই দিবলগীয়া হয়। বৰ ভাষ্ট ক’ৰ্চ। আমি এইট-নাইনত পোৱা বিষয়বোৰ ইহঁতৰ বাবে ক্লাচ ফ’ৰতে অন্তৰ্ভুক্ত কৰিছে।
‘এৰা এই চেপটাৰটো মাইনাক বুজাই দিয়া।’- মিচেচৰ নিৰ্দেশ।
‘হ’ল দিয়া আৰু, তুমি নাজানা নেকি?’- মই মোবাইলত ফেচবুক টিপি টিপি খঙতে কলো।
‘নাজানো বুলি ভাৱিয়ে পঢ়ুওৱা চোন, মইটো কোনো কাম-কাজে নলগা...’
‘অ বেটা চাও কি?’
‘কনভাৰ্ট ৰুপিজ ইনটু পাইচা...’
‘শুনা ওৱান ৰুপিত ১০০ পাইচা বুজিলা’
‘ওকে পাপা, ওৱান ৰুপিত ১০০ পাইচা, বাপৰে ইমান বেছি? কিন্তু সেই দোকানীটোয়ে ওৱান ৰুপিত একো নাপায় বুলি কয় যে! সি একো নাজানে, তাক মই কম ওৱান ৰুপিত ১০০ পাইচা’- মাইনাই কলে।
‘হ’ব দিয়া, চো ৭.৫ ৰুপিজত কিমান পাইচা হ’ব?’
‘পাপা পাইচা কেনেকুৱা? কইনবোৰ নেকি?’
‘অ পাইচা কইনচ হয় আৰু ৰুপিজবোৰ পেপাৰৰ, ওকে!’
‘ওৱান ৰুপি, ফাইভ ৰুপি কইনবোৰ কি পাইচা?’
‘নহয় সেইবোৰ ৰুপিজে হয়।’
‘তেতিয়াহলে পাইচা কোনবোৰ? ক’ত আছে ওৱান, টু পাইচা...’
মাইনাক কেনেকৈ বুজাও এতিয়া? এপইচা, পাঁচ পইচা, দহ পইচা, চাৰি অনা, আঠ অনা যে আজিকালি নচলে। এটকা-দুটকাৰে মুল্য নোহোৱা হৈছে। ক’ৰ পৰা আনি দেখুৱাম সেইবোৰ? আমি সৰুতে পাঁচ পইচাতে লজেন্স খাইছিলো, দহ পইচাত চানাচুৰ, কেচা বুট খাইছিলো, চাৰি অনাৰে বাছ ভাৰা দিছিলো। আমাৰ পকেট খৰচ আছিল আঠ অনা। সেইবাবে আমি বুজিও পাইছিলো টকা-পইচা কি? কিন্তু আজিকালি টকাৰ মুল্য আছে জানো? আজি বজাৰলৈ পাঁচশ টকা লৈ গলেও মোনাটো ভৰ্তি নহয়। মুল্যবৃদ্ধি! মুদ্ৰাস্ফিতি!

তিৰি তিৰি ভাটৌ

তিৰি তিৰি ভাটৌ

'তোৰ যে তাইৰ প্ৰতি ইমান দৰাদ, তই কি তাইৰ মৰাদ?'- ৰুমীৰ খং উঠলি মুখোত যি আহে তাকে কয়। মোক 'তই' বুলি মাতলিয়ে গম পাওঁ মানহুজেনীৰ খং উঠচি।
'কিনো কইছোৱা হা, এই কাম কৰা তিৰটোৰ লগোত যোৰে দিছোৱাহ, যা তা কথা নকপা, বুটছা? ধুইনা ধুইনা আপি-তিৰি কাকো বিছৰি নাপলাহ আৰো, কাম কৰা তিৰটোকহে বিছৰি পালাহ মোৰ লগোত যোৰে দিবে?'- মোৰো মাথা গৰাম হৈ গেইছি। সেনকে কবা নালগেতো। কাম কৰা তিৰিৰ লগোত সেনকে ভাববে লাগেনা কউচুন? ইমেন গেয়া গুজৰো বুলি ভাবছি!
'কে, মই যিয়ে নকলো তাইক, যেনকে নচলও তাইক আপনি কে মাত দিবে লাগে? সেইকাৰাণে তাই মোক পাত্তা নেদা হইচি! আপনি তাইৰ ওচৰোতে মোক হাকা-বাধা কে কৰে? আপনাৰ ওচৰোততো তাই লাডডু, যি কইৰবা কয় দাউৰ মাৰি তাকে কইৰবু। আপনাক মনে মনে তাই কিমেন চাই, কেনকে চাই থাকে মইহে জানো। আপনি কত বুজবো? মই গাৰ্ড দিবাই লাইগবু। মতা মানহুৰ কোনো বিস্বেস নাই, তিৰি-আপি কিবে এটা হলিয়ে হল।' কাম কৰা তিৰটোক যিতাই তিতাই গালি পাৰলি মই পাতা দেওঁ কাৰাণেই খং উঠচি এখেতোৰ তাৰমানে। 'তিৰটোক মই শাসন কইৰলি আপনি ৰবা নৰা হয় কে? মোৰ কামখিনি মই কৰে লবাই লাইগবু। আপনি এগলাখান কথাত মাত নেদবোচোন। সেনধে লাই পায় বুতছিনে।'
'সেহাত মেচিন নহায়টো, মানহুই হয়। এইবাৰ পলেলি বা নাহা হলি মোক নকপা কিন্তু। মই মানহুৰ ওচৰোত সৰু হৈ হৈ কাম কৰা আপি, তিৰি বিছৰি ফুৰবা নৰো।'- মানহুজেনীৰ এই স্বভাৱটোৰ কাৰাণে কোনো কামকৰা তিৰি/ আপি তিনিমাহোৰ বেছি নিতকে।
'হবো ইতা লেকচাৰ মাইৰবা নাঙ্গে, আৰো গেলিও কোনোদিনে নকাও আপনাক। নিজে কৰিম চ'ব। কিনো কৰি দিছি তাই?'- নকবো! নাহা হৱাৰ লগে লগে মোৰ মাথা খাই মাইৰবু।
'হবো দা, পাক্কা নকপা কিন্তু। মই এনাকে আপি বিছৰি ফুৰবে নৰো, নৰো, নৰো।'
কামকৰা তিৰতোই মোক পাত্তা দেই, সেটো হয়। মিছা কলি কিডেল হবো? কিন্তু সেগলা কথা সেনকে ভাববা নালগে নহায়। আৰো মই তাইক সেনকে চামনা? কিবা চিন্তেত মৰো, দুনিয়াখানোৰ টেনচন আৰো মানহুজেনী এগলাখানোতে বেস্তো।
সেইদনা অবুশ্যে মই কামকৰা তিৰটোক ফোনোত কথা পাতি থাকা শুনচু- 'এই গৰেৰ বাইদোতাৰে বাল লাগেনা ৰে বাই, যহন তহন খালি খি...চ খি...চ পিট পিট কৰতে থাহে, একদম বাল লাগেনা।’ ‘হ ৰে চাইৰা দিতাম গৰটা, আঙগোৰ কাজ গৰেৰ খমতি আছে? কিন্তু গৰেৰ মালিক দাদাটা খুব বাল’ৰে। বাইদোৰে খিচু কইতে দেইনা, বৰ’ বালো মানচি। আমাৰে খম্পুটাৰ থেইকা এনআৰচি খাগজ-তাগজ বাইৰ খইৰা দিছে, ফৰম ফুৰাইয়া দিছে। খিৰুম খইৰা গৰতা চাৰি কওৰে বাই।' আজি মোৰ মানুহজেনীৰ গালি শুনি তিৰটোৰ এই কথাগিলান মোৰ বেকগ্ৰাউণ্ডোত বাইজবা ধৰচি। মোৰ মানহুজেনীৰ যিহে মাথাখাৰাব! কিবে তেৰিবেৰি কইৰলি তাই দাইৰেক্ট মোৰ ইজ্জাত নিলাম কইৰ দিবা পাৰে। কথাই কথাই কয়- 'আপনাৰ এই দমিনেটিং নেচাৰটো মোৰ এক্কাবাৰে ভাল নালগে। আপনাৰ কথামতে নাচা তিৰি যেদি বিছৰিছিল গাৱঁ’ৰ কোনবা আনপঢ় গাৱাঁৰ এটা উঠে আইনবা লাইগছিল। আমাৰ নিচনা পঢ়া-শুনা আপি কে বিছিৰছিল?'
বাপ্পা অই সাৱধান ইন্দিয়া, ক্ৰাইম পেট্ৰ'ল চাই চাই চ'ব ব'য়া কথা গিলানে শিকচি। নিজোৰ আত্মসন্মানোক লৈ ইমানেই বেছি গা উঠচি যি মতাটোক মানহু বুলি নামনাই হৈছি। তিৰিৰ গাত তামচাতে হাত দিবা লাগলিও হাজাৰবাৰ ভাববে লাইগবু আপনি, তিৰিহে উল্টে মতাক চৰাবো, মাইৰবু। সেনধোক জোকে ললি যিমেন জোৰে পাৰে পিঠিত থাপ্পাৰ মাৰি দিবো। আমি মাইৰবে হাত তুললিও কবো- ‘আপনি মোৰ গাত হাত তুলচি, মাই অই বাপ্পা অই, আপনি ইতা মোক মাইৰবাও পাৰা হ’ল! আপনি মোক এক্কাবাৰে ভাল নাপাৱা হৈছি। আপনি মোক নামেতবু আৰো।’ তাৰ পিছোত কাইন্দবে ধইৰবু।
‘অ মই মাইৰবে হাত ডাঙচু হে, তুমি দেখো মাৰিয়ে দিয়া, তিতাটো একবাৰো ভাবি নাচোৱাহ।’
‘আপনি কি কয় হা, মই হলো গোলাপোৰ পাহি আৰু আপনাৰ গড়োৰ ছাল। আপনি মোৰ লগোত তুলনা কইৰচি। আৰো আপনাক মই মৰমোতহে মাৰো।’
'হইচি ডা, মৰমোতে মাৰাহনা খঙোত মাৰা আমাৰ জানা আছে।'
সেইকাৰাণেই বেছি তেৰি বেৰি কইৰলি ‘সাৱধান ইন্দিয়া’ত দেখোৱাৰ নিচনাকে থানাত যায় কবো তাই - ‘মোৰ মানহুটোই মোৰ ওপৰত বৰ অত্যাচাৰ চলেচি, কাম কৰা তিৰিৰ পাল্লাত পইৰচি মোৰ মানহুটো। মোৰ ঘৰখান আপনি বাচোও।’
‘কাৰ কথা কইচি হা আপনি, নাম নকাইকে? কোনে আপনাৰ ওপৰত অত্যাচাৰ কইৰচি?’
‘মোৰ মানহুটোই কইৰচি!’
‘কোন মানহু হা, নাম নকাইকে?’
‘নাম কবা নৰো, মইৰলিও নকাও, পাপ লাইগবু।’- বাপ্পা অই নামটো মুখুত নলাই বুলিহি বাচিছো দক। অন্ধবিস্বেসটোই বাছালাক আৰো অলাপ চলাপ থাইকপেও লাগে।

Saturday, 12 December 2015

মোৰ চেন্টি বন্ধু

মোৰ চেন্টি বন্ধু


‘হেল্লো’- ৰাতিদুপৰত মৃদুলৰ ফোন পায় অনিচ্ছাস্বত্বেও ধৰিলো। নহলে সি চেন্টি ফালি পাঁচটামান এছএমএছ পঠিয়াব। এতিয়া ফুল মুডত আছে সি।
‘হে... হেল... হেল্লো, শুন...।’- কোনো কথা বতৰা নাই, গাড়ীৰ চিডি প্লেয়াৰত চলি থকা গানটো মোকো শুনিবলৈ লগাই দিলে। ‘দিনৰ পোহৰ ৰংচঙীয়া! ভাল মানুহৰ সঙ্গ...’- উপায় নাই আৰু। এতিয়া এটাৰ পাছত আনটো ফেভাৰিট গান শুনাই থাকিব আৰু তাৰ সৈতে জড়িত স্মৃতি ৰোমন্থন কৰিব। যিটো কলি ভাল লাগে সেইটো সি নিজেই চিঞৰি চিঞৰি ৰিপিট কৰি থাকিব। এটা কথাকে কেইবাৰ ক’ব ঠিকনা নাই!
‘মই মদাহী! মই মদাহী! মই নদাহী! থাকো হাঁহি, থাকো হাঁহি, নাই মোৰ সঙ্গ... শুনিছ নে তই? কি গান বনাইছিল বে! মোক লৈয়ে লিখিছিল নেকি বে?’- তাৰ ভাল লগাখিনি যিমান পাৰে বাৰে বাৰে আওৰাই আছে আৰু চেন্টিত আত্মহাৰা হৈছে। মই ফোনটো হেণ্ডচফ্ৰি কৰি ওচৰতে থৈ শুনি আছো আৰু মাজে মাজে আওৰাই আছো – ‘অ’... ‘অ’... ‘অ’। হয়ভাৰ নিদিলেও বিপদ, তাৰ তেতিয়া চেন্টিত লাগিব। ‘মই মদ খাই আছো ন, তই ভাল মানুহ! পৰিয়ালক টাইম দিছ। তোৰ কথা কোৱাৰ মন নাই, সময় নাই। ক’ত পাত্তা দিবি? ভাল মানুহৰ সঙ্গ... ভাল মানুহৰ সঙ্গ! হা হা হা...।’ তাৰ পাছত ফোন ডিচকানেক্ট কৰি দিব আৰু তাক ফোন মাৰি থাকিলেও পোৱা নাযাব। তাৰ পাছত চেন্টি ফালি আৰু দুপেকমান বেছিকৈ গিলিব। তাৰপাছত ক’ত কি কৰে ঠিক নাই। মুড উঠিলে ঘৰৰ তললৈ আহি জকি মেলি ফোন মাৰি থাকিব আৰু মোকো তললৈ মাতিব। নহলে পল্টন বজাৰৰ ৰেলৱে ষ্টেচনলৈ গুচি যাব আৰু কোনোবা এখন বেন্সত বহি ট্ৰেজেডি ফালি থাকিব।
‘গানটো শুনাবৰ মন আছে যদি Whatsappত পঠিয়াই নিদিৱ’ কিয় বে? এনেকৈ কি শুনিম?’- গানটো শেষ হোৱাৰ পাছতে মই কলো। নহলে সিয়ে কৈ থাকিব, মোক কবলৈ নিদিয়ে। এতিয়া তাৰ ফেভাৰিট অইন এটা গান বিছৰাত ব্যস্ত।
‘আব্বে Whatsapp, Facebookৰ নৌতঙ্কিবোৰ মই কৰিব নোৱাৰো দেই। এইবোৰত তইয়ে লাগি থাক। মোৰ Facebook একাউন্টও নিজে খোলা নাই, তইয়ে খুলি দিছিলি। পাচৱ’ৰ্ডও নাজানো। আব্বে নিজৰ ফটোখন পঠিয়াবি তাৰ পাছত কোনে কি কমেন্ট দিছে চায় থাকিবি! বাচ্ছামী বুজিছ? এইবোৰ দেখিলে মোৰ হাঁহি উঠে। আমাৰ সেইবোৰ কৰাৰ বয়স নাই বুজিছ? দিনৰ পোহৰ ৰংচঙীয়া... ৰাতিৰ আন্ধাৰ গুমগুমীয়া...’- সি ফে’চবুক, হোটাচএপ একোৱে নকৰে, বৈদ্দ ব’ৰ পায়।
‘তই জাননে মই এতিয়া ক’ত? ক মই ক’ত আছো? তই কউ, কউ কউ, তই কউ’- তাৰ গতানুগতিক প্ৰশ্ন। এনেকুৱা প্ৰশ্ন কৰিবই সি।
‘নাজানো কেনেকৈ জানিম বে?’
‘শুন মই ফাৰ্ষ্ট এটা হাফ কিনিলো, লগতে এটা পানীবটল, কেচাবুট আৰু তাৰ পাছত গাড়ী চলাই চিধা পামহি পাৰ হৈ এতিয়া দ্বীপৰ বিলত, চাৰিওফালে হালধীয়া লাইট জ্বলি আছে। এতিয়া এজাক হাতী আহিব, মই তাকে চাবলৈ ৰৈ আছো। আহ কিযে মনোমোহা দৃশ্য! আহিবি নেকি ক? এইবোৰ নেচাৰেল চিন তহঁতে কত দেখা পাবি? তই বুলি নহয় আমাৰ কলেজৰ কোনেও দেখা নাই। হয় নে নহয় ক? কত গম পাইছনে তই আৰু মই যে মাছ কিনিছিলো, সেই পথাৰখনতে। পাৰিবি তই ৰাতি পথাৰত আহিবলৈ? তোৰ কলিজাই নাই। গাটচ লাগিব বুজিছ?’
‘তই নেচাৰেল চিনবোৰ উপভোগ কৰিবলৈ নিজে আননেচাৰেল হৈ আছ যে?’- মই কওঁ বুলি ভাবিও নকলো। তাৰ চেন্টিত লাগিব পাৰে, জোকাই লৈ লাভ নাই।
‘আব্বে আমাৰ কলেজৰ বেছিভাগেইটো ৰেডিমেড কুঁৱাৰ পানী খায় আছে। আমাৰ দৰে কুৱা খান্দি পানী খাওকচোন চাও, কেইটাই পাৰিছে? আব্বে বেলেগে খুন্দা কুঁৱাৰ পানী খাই খাই কি বুজিব হিহঁতে? আমাৰ দৰে নিজে কুঁৱা খান্দকচোন। ইয়াত বোলে কুঁৱা খান্দিছ পানী নোলাই, তাত খান্দিছ বোলে আইৰণ থকা পানী, কৰোবাত পানী ওলালেও খান্দিয়েই থাকিব লাগিব, খান্দিয়েই থাকিব লাগিব।’- সি যে বিজনেছ কৰি কিমান জ্বলাকলা খাইছে তাকে বুজাই আছে।
‘হয় দে বে, কি কৰিবি উপায় নাই।’
‘আমি হলো বংশৰ প্ৰথম কুঁৱা খন্দা মানুহ! কোনদিনা যে এই কুঁৱাৰ পৰা নিৰ্মল পানী ওলাব নাজানো আৰু।’- এতিয়া চেন্টি ফালিব আৰু।
তাৰ এই চেন্টি ফলা কাৰবাৰটোৰ বাবে কত যে লঘু লাঞ্চনা হৈছে তাৰ! সি সদায় প্ৰাকৃতিক ভাৱে থাকি ভাল পায়। ডাউন টু আৰ্থ মানুহ সি। সদায় হাৱাই চপ্পল পিন্ধিয়ে গোটেই গুৱাহাটী চলাথ কৰি ফুৰে। গুৱাহাটীৰ প্ৰতিখন ঠাই, প্ৰতিটো পথ-উপপথ চিনাকি তাৰ। কৃতিমতা বেয়া পায় সি। দুবছৰমান আগেয়ে এখন মাৰুটি ৮০০ লৈছে। তাৰ আগতে স্কুটাৰ লৈয়ে ঘুৰি ফুৰিছল। তেনেকুৱাই এটি সন্ধিয়া। এটা হাফ, পানীবটল, বুটলৈ উঠিলগৈ গুৱাহাটী মেডিকেল কলেজৰ পাহাৰৰ ওপৰৰ পথটোত। অলপ নিৰিবিলি ঠাইত সি স্কুটাৰখন ৰখাই, বটল খুলি বাটৰ দাতিতে বহিল আৰু বটল খুলি পেগ গিলিবলৈ ধৰিলে। তাৰ পাছত মোলৈ ফোন কৰি চেন্টি ফালি আছে- ‘তই জাননে, মোৰ দেউতাই কোনোদিনে এপইচাও কাৰো পৰা নাখালে। সদায় সত্য পথত চলিছিল। মোক চাকৰি কৰিবলৈ ইমানকৈ কলে, মই পাত্তাই নিদিলো। মইয়ে চব জানো বুলি ভাবিছিলো যে! জামচেডপুৰৰ পৰা চাকৰি এৰি গুচি আহিলো। এতিয়া কি? হেৰি লাল!’
‘মোৰো একেই অৱস্থা বুজিছ। আমি চাকৰি নকৰি বহুত ভুল কৰিছো।’
‘আব্বে আজি মোৰ হেৰি লাল বুজিছ, বৈদ্য পেৰিলে বে? ব’ম চুতিয়া বে মানুহবোৰ।’- কোনোবা কাষ্টমাৰে আজি তাক কিবা শুনাইছে আৰু সেইবাবেই চেন্টি।
‘আব্বে আব্বে আব্বে মৰিলো অই, অ মা...মা... টোত টোত টোত!’- তাৰ প্ৰচণ্ড চিঞৰ আৰু ফোন দিচকানেক্ট। মোৰ টেনশ্বন হ’ল। কিবা হ’ল তাৰ? মই বাৰে বাৰে ফোন কৰি আছো, কিন্তু সি নুঠাই। আধাঘন্টামানৰ মুৰত সি নিজেই ফোন কৰিলে।
‘অই কি হ’ল, ক’ত তই এতিয়া?’- মই উদ্বিগ্নতাৰে সুধিলো।
‘আব্বে মই এতিয়া ঘৰ পাইছো ৰ, মই গাড়ীখন সোমাই থৈ তোক ফোন কৰি আছো হা।’- সি ফোপাই ফোপাই কলে কথাখিনি। যেন সি তামাম ভয় খাইছে!
‘আব্বে নকবি আৰু, মই বাটৰ কাষত তেনেকৈ বহি আছিলো আপোন পাহৰা হৈ আছিলো। তোৰ লগত কথা পাতি পাতি পেগ মাৰি আছিলো। হঠাৎ মোৰ ভৰি দুখন ঠাণ্ডা ঠাণ্ডা লাগিল, মই গুৰুত্ব দিয়া নাই। কিছুসময় পাছত মোৰ চকু পৰিল, ব’ম দীঘল এডাল সাপ মোৰ ভৰিৰ ওপৰেৰে পাৰ হৈ গৈ আছে। মই তিনি জাপ মাৰি পলাইছো। ভয়তে মোৰ জীও উৰি গৈছিল। মা কচম, বাচিলো কিবাকৈ আজি!’- সমগ্ৰ ঘটনা বিবৰি কৰে সি।
‘আৰু নেচাৰেল বাতাবৰণ বিছাৰি ফুৰ!’
‘আৰু এনেকৈ কলৈকো নাযাওঁ দেই, কানত ধৰিছো!’- প্ৰতিবাৰেই শপত খাই সি।
‘পিছে বটল, বুট চুট কি কৰিলি?’
‘ধুৰ, ক’ত পৰি ৰ’ল সেইবোৰ নাজানো? সেইবোৰলৈ চাবি? আব্বে কিবাকৈ স্কুটাৰখন যে লৈ আহিছো! মালৰ নিচা লগে লগে ফাটি গৈছে।’

Friday, 11 December 2015

গেং ৱাৰ

বলিউড ইষ্টাইল গেং ৱাৰ: 

এসময়ত অসম মুলুকত দাউদ ইব্ৰাহীম আৰু চোটা ৰাজন নামৰ দুই ‘জিগ্ৰী দোস্ত’ গেংষ্টাৰ আছিল। দুয়োজনেই সেইসময়ত মহাপ্ৰতাপি আছিল, একেলগে বহু কুকৰ্মৰে দুয়োজনে মাইবাপ মোগেম্ব’ক সন্তুষ্ট কৰিছিল। ‘মোগেম্ব’ খুচ হুৱা’ বুলি জানিলেই দুয়ো মহাসুখ লভিছিল। মোগেম্ব’ক সকলো ধৰণৰ বাহ্যিক ‘গেং ৱাৰ’ৰ পৰা দুয়ো একেলগেই সুৰক্ষা দিছিল। যতে ততে মোগেম্ব’ৰ গুনানুকীৰ্তন কৰি ফুৰিছিল- ‘মোগেম্ব’ চাৰ পুৰুষ নহয়, মহাপুৰুষ। তেওঁ পৰোপকাৰী, দুৰ্বলীক মাৰি ধনীক শ্ৰেনীক সহায় কৰে চাৰে। গৰিবী হাতাও, মানে গৰিবক হাতোৱাত সিদ্ধহস্ত চাৰ। উদালগুৰি আৰু বিটিএডিত বহুত গৰিবকে একেবাৰে হাটাই দিছিল চাৰে।’

এই যুটিয়ে গেংৱাৰত সকলো লোকেল গেংষ্টাৰক মহতিয়াই তহিলং কৰি ফুৰিছিল। মোগেম্ব’ই কোনো টেনচন নোলোৱাকৈ দহটাকৈ বছৰ অনাসায়ে অতিক্ৰম কৰিছিল। কেৱল দাউদ-ৰাজন জুটিয়ে সফলতা লাভ কৰিলে, তেওঁ মাজে মাজে জমাইছিল – ‘মোগেম্ব’ খুছ হুৱা, হে হে হে হে।’ মোগেম্ব’ক তেনেকৈ মুখ খুলিব দিয়া নাছিল ইহঁতে। তেওঁৰ গাত চেকা পৰাৰ আগতেই নিজৰ গাত গহি লৈছিল। কাৰণ মুখ খুলিলেই ‘দেহাটি’ মানুহৰ দৰে মোগেম্ব'ই যিহকে তিহকে কৈ পেলাই। হাজী মস্তান নামৰ আন এজন ডনৰ আবিৰ্ভাৱ হোৱাত মোগেম্বই কৈছিল- ‘কৌন হে য়ে হাজী মস্তান.,. কৌন হে কৌন হে... Who is Haji Mastan? ছোড়ো য়াৰ, ছোড়ো উচকো...।’ হাজী মস্তানেও নিজৰ ইলাকাত লাহে লাহে সাম্ৰাজ্য গঢ়িবলৈ লৈছিল।  মস্তান অপনে ইলাকে মে খুংখাৰ শ্বেৰ থা।

ইফালে দাউদহঁতৰ সহযোগী গেংষ্টাৰসকল বৈদ্যন জ্বলা জলিছিল। কিন্তু এই জুটিৰ আগত সিহঁত না-পাত্তা হৈ আছিল। ইফালে মোগেম্ব’ও কম মক্কেল আছিল নেকি? এই দুজনৰ বাহিৰে কোনো গেংষ্টাৰকে তেওঁ পাত্তা দিয়া নাছিল। চাম্ভা, কালিয়াহঁতৰ কোনোবাই মুৰ দাঙিলেও ৰাজনে তাহাঁতক নেস্ত-নাবুদ কৰি পেলাইছিল। এবাৰ চাম্ভাই বৰ বেছিকৈ চটফটাই আছিল। দিলে নহয় বাপ্পেকে চিবিআইৰ জালত পেলাই! চব্বকে মেনেজ কৰি থৈছে দুয়োটাই। ৰাজনটো মেনেজ মাষ্টাৰ হৈ পৰিছিল। কিন্তু এনে কাণ্ড কাৰখানাবোৰ গেংষ্টাৰসকলৰ হজম হোৱা নাছিল আৰু উচিত সময়লৈ অপেক্ষা কৰি নিজৰ নিজৰ কাম কৰি গৈছিল। অসমৰ চুকে কোনে দুয়ো দপদপাই ফুৰিছিল আৰু মোগেম্ব’ৰ সাম্ৰাজ্য সম্প্ৰসাৰিত কৰি আগবাঢ়ি গৈছিল। বহুতো লোকেল ডনে সেও মানি তেওঁলোকৰ শৰণাপন্ন হবলৈ বাধ্য হৈছিল। কেতিয়াবা হাজী মস্তান, গব্বৰ সিঙে মোগেম্ব’ৰ বিৰুদ্ধে মুৰ তুলিব বিছাৰিলেও ৰাজনে তাহাঁতক কঠোৰ হাতেৰে দমন কৰিছিল। ‘Divide & Rule’ কৌশলেৰে তাহাঁতৰ ফালৰ গেংষ্টাৰবোৰক মোগেম্ব’ৰ গিৰোহত চামিল কৰিছিল। গেংষ্টাৰসকলক লাগে কি? মাল পালেই হ’ল। যিফালে মাল বেছি পায় সেইফালেই বন্দুক ধৰি সাজু। গব্বৰ সিঙো কম বস্তু আছিল নেকি? লোকেল চেন্টি ফালি মোগেম্ব’ৰ আগতেই সমগ্ৰ অসমত ৰাজ কৰিছিল। ‘চিক্ৰেট গেৰিলা’ গঠন কৰি বহুতো লোকেলক মাৰি খাস্তাং কৰিছিল। এতিয়া আৰু সেই লোকেল চেণ্টি নাখাতে। কোনেও পাত্তাই নিদিয়া হ’ল সেইডালক। ৰাজনে মানুহজনক না-পাত্তা কৰি দিলে। বাৰে বাৰে তেতিয়া সুধিছিল – ‘কিতনে আদমী থে?’

‘চিৰ্ফ দো – ডাউদ অউৰ ৰাজন।’

‘য়ো দো অউৰ তুম ইতনে চাৰে, ফিৰভি ৱাপচ... ফিৰভি ৱাপচ... ফিৰভি ৱাপচ...’- এনেদৰেই আজিলৈকে বকি থাকে গব্বৰ সিঙে।

চোটা ৰাজন সকলো দিশতে বৰ আগৰনুৱা আছিল। সেয়ে আণ্ডাৰৱ’ৰ্ল্ডত তেওঁৰ শত্ৰু দিনক দিনে বাঢ়িবলৈ ধৰিছিল। মোগেম্ব’ৰো চোটা ৰাজন অধিক প্ৰিয় হৈ পৰিছিল। হঠাৎ ‘অজয় দেৱগন’ নামৰ হিৰো এজনে গেংষ্টাৰ ৰাজনৰ টেমা গৰম কৰিবলৈ লৈছিল। অজয়ে যতে ততে ৰাজনক ‘অপেন চেলেঞ্জ’ দি ফুৰিছিল। অজয়ে কেৱল ৰাজনৰ কুকিৰ্তিবোৰ উলিয়াই পুলিচ-কাচাৰীৰ কাষ চাপিছিল। চাল্লা অজয় নে ৰাজন কা নাক মে দম কৰ দিয়া থা। শেষত অজয় গৈ গব্বৰ সিঙৰো ওচৰ চাপিছিল। কিন্তু ৰাজনৰ পথ ৰুদ্ধ কৰিব পৰা নাছিল। আজিও অজয়ৰ ‘হিৰোগিৰি’ কমা নাই। ৰাজনৰ পিছ নেৰে কেতিয়াও, মৰতে দম তক! মাজে মাজে ডাউদকো কামুৰিবলৈ নেৰে।

ডাউদ ৰাজনৰ সৈতে মুখত মিলি থাকিলেও মোগেম্ব’ই তেওঁক অধিক দায়িত্ব দিয়া বিষয়তো তলে তলে হজম কৰিব পৰা নাছিল। দুয়োৰে চকু আছিল মোগেম্ব’ৰ কুৰ্চিৰ ওপৰত। ভিতৰি ভিতৰি দুয়োৰে মাজত শীতল যুদ্ধ আৰম্ভ হৈ গৈছিল। ইতিমধ্যে মোগেম্ব’ৰ বিদেশত শিক্ষাগ্ৰহন কৰি থকা আলাসৰ লাৰু ‘শক্তি কাপুৰ’ আহি অসম মুলুক পাইছিলহি। আও ললিতাকো অষ্ট্ৰেলিয়াৰ পৰা লৈ আহিছিল। বিয়াও পাতিছিল। বিয়াৰ পাছত এজন বিখ্যাত কবিয়ে গাইছিল- এখন বিয়া শেষ হ'ল, এখন বিয়া শেষ হ'ল। কাৰণ এই ছোটাডনৰ এমাহলৈ চলিছিল এখন ষ্টেডিয়ামত।লগে লগে ৰাজনৰ অংকত আউল লাগিছিল। ইফালে ডাউদে শক্তিক মোগেম্ব’ৰ সাম্ৰাজ্যৰ উত্তৰাধিকাৰী হিচাবে গ্ৰহন কৰি সকলো কুট কৌশল শিকাবলৈ ধৰিলে। বিশেষকৈ মতা মাছ আৰু মাইকী মাছৰ বিষয়ে বিশেষ জ্ঞান দিছিল। ডাউদৰ কথা হ’ল শক্তিৰ ব্ৰেইনত একো এডাল নাই, ইফালে সৰু লৰা। ইয়াক ‘প্ৰক্সি’ ডন পাতি নিজে চলাই যাব পাৰিব মোগেম্ব’ৰ সাম্ৰাজ্য। মোগেম্ব’ও ডাউদৰ প্ৰতি লাহে লাহে সহানুভুতিশীল হবলৈ ধৰিলে। কিন্তু ৰাজন হ’ল ডেম কেৱাৰ টাইপৰ গেংষ্টাৰ। নতুনকৈ মোগেম্ব’ৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত হোৱা গেংষ্টাৰসকলকলৈ ৰাজনে মোগেম্ব’ক কুৰ্চিচ্যুৎ কৰাৰ কৌশল ৰচনা কৰিবলৈ ধৰিলে। ৰাজন বুদ্ধিদ্বীপ্ত যদিও অলপতে জেক খোৱা টাইপৰ গেংষ্টাৰ আছিল। তেওঁ আগতে কাটি খুৱাই থোৱা নবীন প্ৰবীন সকলো গেংষ্টাৰে ৰাজনক জেক দিবলৈ ধৰিলে।

‘ভাই, মোগেম্ব’ কা আভি ৱো ৰুটবা নেহি ৰহা, আপ উনকা কুৰ্চি চিন চকতে হো। আপকে সিৱা ডন বননে লায়ক হে কৌন? অগৰ মাংগনে চে নেহি মিলটা হে তো চিন লো। হাম আপকে চাথ হে।’

‘হা হম চাথ হে...’ সবেই একেলগে জেক দিয়ে। তেঁৱো জেক খাই মোগেম্ব’ৰ বিৰুদ্ধে থিয় দিলে।

এবাৰ ৰাজন আছিল USAত। তেতিয়ালৈকে ডাউদক ৰাজনে নিজৰ বন্ধু বুলিয়ে ভাৱি আছিল, ডাউদৰ কু-অভিসন্ধি বুজা নাছিল। তাৰ পৰা মোবাইলত ফোন কৰিলে ডাউদলৈ – ‘আব্বে দোস্ত কেচা হে তু?’

‘থিক হু, আব্বে তু বতা কেইচা চল ৰহা তেৰা মস্তি?’- ডাউদে সুধিলে। ডাউদ তেতিয়া মোগেম্ব’ৰ কাষতে ৰৈ আছিল। ‘চাৰ ৰাজন কা ফোন হে, আপ থোৰা চুপ ৰহিয়ে। আপকো দিখা ৰহাহু উচকা আচলি চেহৰা।’ ডাউদে ফোনত হাত থৈ মোগেম্ব’ক ফুচফুচাই কলে। সেইবুলি কৈয়ে মোবাইল হেণ্ডচফ্ৰি কৰি দিলে।
‘অউৰ বতা চালা বুদ্ধা কেইচা হে, দিল কা দউৰা নেহি পৰা উচকো?’- ৰাজনে সুধিলে। ডাউদে লগে লগে মোগেম্ব’ক ইচাৰা কৰিলে, মোগেম্ব’ৰ টেমা চুতি গ’ল।
‘বুদ্ধা মতলব কৌন?’- ডাউদে ৰাজনৰ পৰা কথা উলিয়াবৰ বাবে বুজিও নোপোৱাৰ ভাও ধৰিলে।
‘তু সমঝা নেহি, মে হামাৰে মোগেম্ব’ কা বাত কৰ ৰহা হু, মোগেম্ব’ চালা বুদ্ধা, মৰা নেহি অভি টক? হা হা হা।’- ৰাজনৰ কথা শুনি মোগেম্ব’ৰ চকুলো নিগৰিল।
‘অউৰ তু যো শক্তিকো লেকে ঘুমতা ৰেহতা হে, য়ো ক্যা হমাৰা ৰাজকুমাৰ হে?’- ৰাজনে পুণৰ কতাক্ষ কৰিলে। ৰাজকুমাৰ হ’ল মোগেম্ব’ৰ মাইবাপ দিল্লীষ্ঠ লেডীডনৰ তনয়।

সি যি নহওক দাউদ-ৰাজনৰ বন্ধুত্বৰ জৱনিকা পৰিল। দুয়োৰে চকু কেৱল মোগেম্ব’ৰ কুৰ্চিত। ইফালে মোগেম্ব’ও এৰি দিয়া ভকত নহয়। নাওঁ বুৰিলেও টিঙৰ ননমা টাইপৰ ডন। লাহে লাহে তেওঁৰ ডাইল’গবোৰো সলনি হবলৈ ধৰিলে। তেওঁ কথাই কথাই ‘চোড়ো ইয়াৰ’, ‘also ঝুথ বোলকে কোই ফাইদা নেহি’ আৰু তাৰ পাছত ‘হে হে হে’ কৰা হ’ল। তেওঁ ৰাজনৰ ‘অপেন চেলেঞ্জ’ একচেপ্ত কৰিলে কাৰণ তেওঁলোকৰ অল-ইন-অল দিল্লীষ্ঠ মেডাম লেডিডনে তেওঁকে পচন্দ কৰে আৰু ৰাজনে যিমানে দপ দপাই নাথাকক বা যিমানে গেংষ্টাৰ তেওঁৰ ফলীয়া নকৰক কিয় মেডামে আলটিমেটলি তেওঁকে অসমৰ মাইবাপ কৰি ৰাখিব। মোগেম্ব’ই ভৱা মতেই কাম। ৰাজনৰ সকলো চেলেঞ্জকে মোগেম্ব’ই দুই ভৰিৰে মোহাৰিব ধৰিলে। ৰাজনক জেক দিয়াসকলেও তেওঁ শক্তিহীন হৈ অহা দেখি কাটি খাবলৈ ধৰিলে। ৰাজনে বুজিলে কলা সাম্ৰাজ্যৰ নীতি-নিয়ম। কিন্তু দাউদ চালু মাল। ৰাজনক ফুল গাদ্দাৰী কৰি শক্তিৰ লগত মিলি শক্তিখেলত নিজকে অটুট ৰাখিলে আৰু মোগেম্ব’ৰ মেইন গেংষ্টাৰ হৈ সাম্ৰাজ্য চলাই গ’ল।

ইফালে দিল্লীত আৱিৰ্ভাৱ হ’ল ইণ্টাৰনেচ’নেল ডন চাকালৰ। চাকালে একেচাতে দিল্লীৰ লেডী ডনক ওফৰাই পেলালে। ৰাজকুমাৰৰো অৱস্থা নোহোৱা হ’ল। ইণ্টাৰনেচ’নেল ডন চাকালে ইণ্টাৰনেচ’নেল টুৰ কৰি দুনিয়াখন ঘুৰি ফুৰে। ভাৰতত থাকিবলৈ বৰ এটা ভাল নাপায়। অকেজ’নেল ভিজিট দিয়ে মাজে মাজে অৱশ্যে। তেওঁৰ অনুপস্থিতিত অৰুন গউলি নামৰ ডনজনেই ভাৰতৰ কাম-কাজ চোৱা-চিতা কৰে। ইফালে ৰাজনে চেগ বুজি চাকালৰ ওচৰ চাপিল। গউলিহঁতৰ এতিয়া চকু মোগেম্ব’ৰ সাম্ৰাজ্যৰ ওপৰত। অৱশেষত ডাউদ আৰু ৰাজনৰ কুৰ্চিকলৈ টনা-আজোৰাত মোগেম্ব’ৰ সাম্ৰাজ্য ঠান-বান হৈ পৰিল। সময় যে কিমান নিষ্ঠুৰ! এসময়ৰ দুই জিগ্ৰি দোষ্ট এতিয়া 'জানি দুচমন'। দুয়োৰে মাইবাপো সলনি হ'ল। এতিয়া দুয়ো দুয়োৰে ইলাকাত ঘুচপেথ কৰি ফুল হামলা দিয়া আৰম্ভ কৰিছে। ৱালগাৰ হো! বহুধা বিভক্ত হৈ পৰিল অসমৰ গেংষ্টাৰসকল। এটা পক্ষত আছে চাকালৰ ৰাজনহঁত, আনটো পক্ষত মোগেম্ব’-ডাউদ। হাজী মস্তানেও সময়ৰ খৰ মাৰিবলৈ প্ৰস্তুত হৈছে। উপায় নাপায় মোগেম্ব’ই আজিকালি হাজী মস্তানক পাত্তা দিয়ে যদিও হাজী মস্তানৰ আজিকালি বহুত তাও বাঢ়িল। বহুতৰ দুয়োটাৰ মাজত ইলু ইলু হোৱা বুলিও কয়। কোনটো পক্ষত কোন থিয় দিয়ে তাকলৈ চাচপেন্স বৰকৰাৰ আছে। গব্বৰ সিঙৰ বহুকেইজন নামী লোকেল গেংষ্টাৰ চাকাল-ৰাজনৰ গেঙত চামিল হৈছে। কিন্তু এই গেংৱাৰত অসমৰ কি লাভ হ'ল। এতিয়া কলিজাই কৰে ঢিপিছ পিছ, বেমাৰ এনকেফেলাইটিছ, অসমখনক মেলেৰিয়াই খায়, ৰাজন-ডাউদৰ হাঁহাকাৰ, কান্দি-কাতি হুলস্থুল, কোন প্ৰকৃততে জিকিল, কোন হাৰিল, হিচাব দেখো নাই। অসমখনক মেলেৰিয়াই খায়!

Monday, 7 December 2015

ৰাণী লক্ষ্মী বাই

ৰাণী লক্ষ্মী বাই: 


I HATE YOU because
I love you more than me,
I LOVE YOU because
I cant live without you….

Whatsappত এই ফৰৱাৰ্ডেদ মেচেজটো পাই লগে লগে ভাৱিলো মিচেচলৈ পঠোৱাই উত্তম হ’ব। Whatsappত এই ফৰৱাৰ্ড ফৰৱাৰ্ড খেলখন বৰ বঢ়িয়া জমে দেই। নকল নবীচ! ক’ৰ ক’ৰ পৰা যে জমনিবোৰ পঠিয়াই থাকে নহয়, মা কচম বিদ্যা শপত বিদ্যা শপত! ভাৱিলে ROFL কৰিবৰ মন যায়। কোনটো নিজে লিখা আৰু কোনটো ফৰৱাৰ্ডেদ ধৰাই টান। মেচেজটো মিচেচলৈ ফৰৱাৰ্ড কৰিলো। অন্ততঃ ৰোমান্তিক কিবা এটা পঠিৱালো, নহলে বেছেৰীৰ সদায় কমপ্লেইন- ‘তুমি বিয়াৰ পাছত I LOVE YOU বুলি নোকোৱাই হলা, আজিকালি ৰোমান্টিক মিঠা মাত এষাৰো নিদিয়া হলা।’ ময়ো তেতিয়া তপককৈ কও- 'মতোভাপা, মতোভাপা মানে মই তোমাক ভাল পাওঁ।'
'থোৱা হে, মনত পেলাই দিয়াৰ পাছত কলে কি হব?'
'তোমাক ভাল নোপোৱাকৈ কি তোমাৰ সৈতে ১৫ বছৰ কটালো হা। মুখ ফুটাই এই শব্দকেইটা বিশেষকৈ ইংৰাজীত কৈ থাকিলেহে সঁচাকৈ ভালপোৱা বুজায় নেকি? হৃদয়ত ভালপোৱা থাকিলে নহয়?'

সাতটাকৈ লৰা-ছোৱালী জন্ম দিয়াৰ পাছতো এজনি পত্নীয়ে মুৰে কপালে হাত থৈ দুখ কৰে- 'মুঝে চচ্চা প্যাৰ নেহী মিলা।' তেন্তে সঁচা ভালপোৱা কেতিয়া পাব নাজানো দেই!

মই এই মেচেজটো ফৰৱাৰ্ড কৰি অলপ আস্বস্ত হলো। অন্ততঃ সুন্দৰ ৰোমান্তিক ভাৱ এটা প্ৰকাশ কৰিলো! ৰুমিয়ে বৰ সন্তোষ পাব। তাই অনলাইন নাই। অন্যান্য কামত মজগুল হলো। হঠাৎ এটা এলাৰ্ট!

‘What???’- মেচেজ পোৱাৰ পাছতে ওলোটাই ৰুমিৰ মোলৈ প্ৰশ্ন। বৈদ্য জকিছে যেন পাইছো! কিন্তু জকিল কিয় হে? ময়ে ইংৰাজী নুবুজা হলো নেকি বাৰু? মইটো এটা ঝাকাচ ৰোমান্তিক মেছেজ দিছিলো! এতিয়া মেচেজ চেচেজৰ জৱাব নিদিয়াকৈ থকাই ভাল হ’ব। নহলে মোৰো টেমাহে গৰম হ’ব, কাম-কাজত মন নবহিব। মোবাইলফোনৰ এইবোৰ হ’ল ডিমেৰিট্চ। যেতিয়াই তেতিয়াই মাতন্ত ঘাটি। যতে ততে যেতিয়া তেতিয়াই সহজে উপলব্ধ বাবেই শান্তি নোহোৱা হৈছে। 4G ভিডিঅ কলৰ জামানাত যে কি কৰিম তাকে ভাবি পাৰ পোৱা নাই। হিমালয় পৰ্বতত যদি ঋষি মুনি সবে মোবাইল লৈ গলহেঁতেন কোনোদিনে ধ্যানমগ্ন হোৱাই সম্ভৱ নহ’লহেঁতেন। ধ্যান বোলা শব্দটোৱো অভিধানত সংলগ্ন নহ'লহেঁতেন। মোৰ অলপ খঙো উঠিছে। ঘৰলৈ উভতি পোনে পোনে মিচেচৰ ওচৰ পালোগৈ। কিন্তু এয়া কি? মুখ এক পাচি কৰি বহি আছে। গাল ওফন্দি উঠিছে। কিনো জগৰ লগালো? মুখ ওফন্দাই থাকিলে মোৰ হলে বৰ অস্বস্তি অনুভৱ হয়। যিকোনো উপায়েৰে তেখেতক শান্ত কৰাই তেতিয়া মোৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈ পৰে। চেহ, এনিভাৰচাৰিৰ আগেয়ে অলপ ৱাৰ্ম আপ হৈ লব বিছাৰিছিলো। সব পণ্ড হৈ হ'ল। মই এনেও ৰোমান্তিক নোহোৱাৰ এটা বৰ বেয়া চেকাৰে কলুসিত হৈ আছো।
‘ৰোমান্তিক নহলেও বিপদ হলেও বিপদ, কিয় বা মানুহে বেয়া পালে গমকে নাপালো দেই!’- মই চেগ বুজি লাহেকৈ তপৰাই কৈ পেলালো বাপ্পেকে।
‘তুমি মোক বেয়া পোৱা, মই জানো, যেতিয়াই তেতিয়াই ফোন কৰি আমনি কৰো, এতিয়া মই মোটি হৈছো, লৰা-ছোৱালীৰ মাক হলো যেতিয়া বেয়া পোৱাই স্বাভাৱিক, বেলেগ বিছাৰি ললেই হ’ল, ব্লা ব্লা ব্লা!’- ৰুমীৰ এজ ইউজুৱেল কাট্চ।
‘হেৰৌ মইটো ভাল পাওঁ বুলিহে লিখিছো, তুমিয়ে চোন কোৱা ‘I Love You’ আজিকালি নোকোৱাই হলো বুলি’- মই খুউব নম্ৰ আৰু ৰোমান্তিক সুৰত কলো। এনেও জুইৰ আগত উধান পোৰা যাবই।
‘অ সেইবাবে কৈছা I Hate You বুলি হা?’- তেওঁ আৰু উগ্ৰমুৰ্তিহে ধৰিলে।
‘কতা মই ক’ত লিখিলো, তুমি কি পাছৰ খিনি পঢ়া নাই? অলপ মাথা ঠাণ্ডা কৰি লিখাবোৰ চাই বুজি খং কৰিবা বুজিছা। চোৱাচোন মই কি লিখিছো!’- মই মেচেজটো পুণৰ খুলি চাই কলো।
‘I Hate You বুলি কোৱাৰ পাছত, পাছৰখিনি পঢ়ি কিবা লাভ আছে জানো? তুমি কিয় মোক বেয়া পোৱা মই জানোৱেই নহয়। মোক এতিয়া আৰু সেইবোৰ পঢ়ি শুনাই মনত কষ্ট নিদিবা। এতিয়া অকলে কিছু সময় থাকিব বিছাৰিছো। I need sometime, please give some space.’- ৰুমীয়ে কথাখিনি কৈ দুৱাৰ বন্ধ কৰি ললে। মডাৰ্ণ ফেমিনিষ্ট নাৰীৰ অন্তৰত মোক্ষম আঘাট হানিলো নেকি বাৰু? কোনো পধ্যেই কথা শুনাৰ বাবে ৰাজি নহয়। কোনো বুজনি বা যুক্তিতৰ্কৰ অৱকাশ নাই। বাপৰে ইমান আনপ্ৰেদিক্টেবোল, ৰহষ্যময়ী! হে শিক্ষিত নাৰী, তোমাৰ মহিমা অপাৰ। হে দেৱী, তোমাক কিহেৰে পুজিম, কেনেকৈ সন্তুষ্ট কৰিম? কি কৰিলে মই সফল হ'ব পাৰিম? প্যাৰ মে কভি কভি এইচা হো যা তা হে, চোটিচি বাত কা ফচানা বন যা তা হে।

আচৰিত কথা দেই। মেচেজ নিজে নিলিখাকৈ কেৱল ফৰৱাৰ্ড কৰা কিমান বিপদ সঙ্কুল হব পাৰে তাকে ভাৱিহে পাৰ পোৱা নাই। চাল্লা এক মেছেজ পত্নীকো ক্যা সে ক্যা বনা দেতি হে। এওঁলোকক সন্তুষ্ট কৰা কোনোপধ্যে সম্ভৱ নহয়। বৰ এম্বিচিয়াচ তিৰি! হিন্দী টিভি চিৰিয়েলবোৰ চাই চাই আজিৰ মহিলাসমাজ নিজৰ আত্মসন্মান, নাৰীসত্বাকলৈ বৰ বেছি সচেতন হৈ পৰিছে নেকি বাৰু? তেওঁলোক এক্কেবাৰে ৰানী লক্ষ্মী বাই হৈ পৰিছে। কিন্তু কোনো শত্ৰুৰ সৈতে যুজিবলৈ নহয় নিজৰ স্বামীৰ সৈতে যুজিবলৈহে। পতীয়ে হনুমানৰ লেখিয়াকৈ বুকু ফালি দেখুৱালেও কাম নাই। মতাবোৰৰ উচ্চ ৰক্তচাপ তথা হাৰ্টৰ বেমাৰ বৃদ্ধিৰ এইটোও অন্যতম কাৰণ।
হিন্দী চিৰিয়েল চোৱা এই জাগ্ৰত নাৰীসকলক আচলতে সুখে কামোৰে নেকি বাৰু? মোক ৰুমীয়ে কয়- আমিটো ৰানী লক্ষ্মী বাই হে! মা- দেউতাৰ ঘৰত থকা দিনকেইটা মহাৰানীৰ দৰে কটাইছিলো। এটা কুটাৰ কামো কৰা নাছিলো। বিয়া হৈ আহিলো আন এখন ঘৰলৈ, নাম দিলে লখিমী বোৱাৰী মানে লক্ষ্মী। এতিয়া লৰা ছোৱালী জন্ম দিয়াৰ পাছত আমি হৈ পৰিলো তাহাঁতৰ আয়া অৰ্থাৎ বাই। নহয় জানো?
‘কত্বে মৰো অ!’
‘যতে মৰ মৰ!’