কনভাৰ্ট
ৰুপী টু পাইচা
ডাঙৰজনী মাইনাক কষ্টেৰে, বহুতো
বাধা নেওচি ইংৰাজী মাধ্যমত পঢ়ুৱাই আছো। কিন্তু মোৰ জাতীয়তাবাদী (উগ্ৰ নহয়) বন্ধু মৃন্ময়ৰ
সৈতে হোৱা অন্তৰঙ্গ আলাপৰ পাছত গা-মন বেজবেজাই গ’ল।
‘কি কৰি আছ বে, এই ৰাতিখন শোৱা
নাই যে’- মৃন্ময়ে ৰাতি দুপৰত মাল খাই ফোন কৰিলে। প্ৰায়ে ৰাতি দুপৰত ফোন কৰি মোক বৈদ্য
ব’ৰ কৰে সি।
‘নকবি আৰু! মাইনাহঁতৰ ইউনিফ’ৰ্ম ইস্ত্ৰী কৰি আছো বে।’- মই কলো।
‘হা হা হা, ঠিকে আছে দোস্ত, অলপ
চলপ হেল্প কৰিবও লাগে বুজিছ, মোৰো সময় আহি আছে ৰ, আমাৰ কুহিকো স্কুলত দিয়াৰ সময় আহিল
নহয়।’
‘গম পাবি ৰ, এই জলাকলাবোৰ খালেহে বুজিবি দিল্লী কা লাড্ডু কি
কত কিয় বিখ্যাত।’
‘মই হলে তাইৰ ওপৰত অতিৰিক্ত প্ৰেচাৰ
নিদিও, পাৰিলে জাতীয় বিদ্যালয়তে দিম। ভাল হলে অসমীয়া মাধ্যমত পঢ়িও ভাল মানুহ হ’ব বুজিছ?’
‘কিন্তু আজিৰ এই প্ৰতিযোগিতাৰ
দিনত তিষ্ঠি থাকিব পাৰিব জানো?’
‘কিয় নোৱাৰিব? আমি কি অসমীয়া
মাধ্যমত পঢ়া নাছিলো? আমাৰ লগৰবোৰে চোন এতিয়া গৈ আমেৰিকা-ইউৰোপত কমপিত কৰি তিস্থি আছে।’
‘আৰে ভাই সেই দিন আৰু নাই, আমাক
মা-দেউতাই কোনো টেনচন নোলোৱাকৈ পঢ়ুওৱাইছিল, গমকে নাপালে কিনো পঢ়িছিলো। কিন্তু আজিৰ
প্ৰতিযোগিতাৰ দৌৰত তিষ্ঠি থাকিবলৈ হলে নিজেও টেনশ্বন লব লাগিব আৰু লৰা-ছোৱালীকো অত্যধিক
প্ৰেছাৰ দিব লাগিব। উপায় নাই, সময়ৰ সৈতে খোজ মিলাই চলিবই লাগিব।’
‘আই দ’ন্ট কেৱাৰ, বাই, গুড নাইট!’-
সি মোৰ যুক্তিযুক্ততাত আস্বস্ত নহ’ল।
আমাক মা-দেউতাই কেনেকৈ পঢ়ুৱাছিল
বিশেষকৈ মাহঁতে যে ভুকে নাপালে। কেতিয়া কুহিপাঠলৈ গছৰ আগৰ কুহিপাত পালোগৈ আমি নিজেও
গমকে নাপালো। দিনৰ দিনটো খেলা-ধুলা, ৰং ৰহইচ কৰিয়ে কটাইছিলো। কিন্তু আজি আৰু সেই দিন
নাই। লৰা-ছোৱালীক স্কুলত নামভৰ্তি কৰোৱাৰ আগৰে পৰা যিডালহে টেনশ্বন! তাহানিত মানুহে
দুৰ দুৰনিলৈ বাট কুৰি বাই পঢ়িবলগীয়া হোৱা বাবে শিক্ষাগ্ৰহন সহজলভ্য নাছিল। কেৱল ধনিক
শ্ৰেনীয়েহে কলিকতালৈ পঠিয়াই লৰা পঢ়ুৱাই ডাঙৰ মানুহ কৰিব পাৰিছিল। ছোৱালীক অৱশ্যে ধনীক
শ্ৰেনীটোৱেও পাৰিলেও পঢ়ুওৱাব বিছৰা নাছিল
যেন বোধ হয়। সময় সলনি হ’ল যদিও আজিও লৰা-ছোৱালীক পঢ়ুওৱাবৰ বাবে গেবাৰি খাটিব লাগে।
প্ৰপত্ৰখন লবলৈও লানি নিচিগা ভীৰত গোটেই ৰাতি বোন্দাপৰ দিব লাগে স্কুলগেটৰ সম্মুখত।
ইখনতকৈ সেইখন স্কুলৰ চৰা মাচুল। পঢ়ুওৱাব কেনেকৈ? স্কুল-কলেজ গণ্ডাই গণ্ডাই গঢ়ি উঠিলে
হ’ব কি? আজিও শিক্ষাব্যৱস্থা ধনীক শ্ৰেনীৰ বাবেহে সহজলভ্য হৈ আছে যেন লাগে। অৱশ্যে
সহজসাধ্য নহলেও, নাখাই নবৈ হলেও লৰা-ছোৱালীক শিক্ষা দিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰিবই
লাগিব। আমি যিমানে অসমীয়া মাধ্যমৰ সপক্ষে জাতীয়তাবাদী লেকচাৰ নামাৰো কিয় শেষত ইংৰাজী
মাধ্যমৰ বিদ্যালয়ে বাছি লবলগীয়া হয়। মইয়ো লগ-বন্ধুৰ সৈতে আগতে মাতৃভাষাৰ মাধ্যমেৰে
শিক্ষাগ্ৰহন কৰিব লাগে বুলি লেকচাৰ মাৰিছিলো। কিন্তু পৰিবেশ পৰিস্থিতিয়ে আমাকো বাধ্য
কৰিলে। প্ৰতিযোগিতাৰ উভতগোৰে নচা কলিকালত উপায় নাই। অৱশ্যে মই ঘৰুৱা পৰিস্থিতিৰ বশবৰ্তি
হৈহে তেনে কৰিবলৈ বাধ্য হলো।
আবেগিক হৈ পত্নীক এদিন কৈ পেলালো-
‘ডাঙৰ মাইনাৰ ক্ষেত্ৰত যি ভুল কৰিলো, সৰুজনীৰ ক্ষেত্ৰত সেই ভুল নকৰো, মই জাতীয় বিদ্যালয়তে
দিম। ইমান প্ৰেছাৰাইজ কৰিব নোৱাৰি আৰু!’
‘দিবলৈ মন আছে দিয়া, কিন্তু মইটো
অসমীয়া পঢ়ুওৱাব নোৱাৰিম। ডাঙৰ মাইনাই কোনটো ৰাইমচ জানে সেইটোৱে চোন তুমি নাজানা। কোনোদিনে
তাইৰ পঢ়া-শুনা চকু ফুৰাই চাইছানে?’- পত্নীৰ খাৰাংখাচ জৱাব। কথাষাৰ মই পাহৰিয়ে গৈছিলো।
তেওঁ ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰা, অসমীয়া পঢ়ুৱাব কেনেকৈ? ডাঙৰ মাইনাৰ অ, আ, ক, খ
খিনি পঢ়ুৱাওতে যিহে কষ্ট পায়! তেওঁ অসমীয়াত সঁচাকৈ দুৰ্বল। এপোৱা, দুপোৱা আদিও বুজি
নাপায়। শাক-পাচলি বজাৰ কৰিবলৈ গৈ এবাৰ যিখনহে কৰিলে!
‘বিলাহি কিমানকৈ দিছ?’- বজাৰলৈ
গৈ পাচলি বেপাৰিক মিচেচে সুধিলে।
‘পোৱা পোন্ধৰ বাইদো...’
‘টুৱেন্টি ফাইভ ৰুপিজতকৈ বেছি
নিদিও, দিঅ যদি দে...’
‘লওক বাইদেউ... কিমান দিম আধা
কিলো?’
‘বাইদেউ আপুনি কি কৈছে, এক পোৱাত
ফিফটিন ৰুপিজ, কেজিত নহয়।’- লগত যোৱা আমাৰ ড্ৰাইভাৰজনে ভুল সুধৰাই দিলে।
‘এহ হয় নেকি? তাৰমানে ই বেছি
কৈছে, বাদ দে ব’ল তেতিয়াহলে।’
তাৰপাছত ৰিক্সাত উঠি ঘৰলৈ বুলি
ৰাওনা। ‘ভাইয়া থোৰা আগে লেনা’- গন্তব্যস্থানৰ যি নাম কৈছিল সেই স্থান পোৱাৰ পাছত ৰিক্সাৱালাক
কলে।
‘অভি নেহি অউৰ থোৰা আগে’- অলপদুৰ
আগুৱাই গৈ পুণৰ কলে।
‘এ বাইদো, আৰো কিমেন জাবা লাগবু
ভালকে নকাই কে?’- ৰিক্সাৱালাই অধৈৰ্য্য হৈ কলে।
‘তই অসমীয়া বুলি আগতে কোৱা নাই
কিয়, এনেই হিন্দী খোপা কৈ মৰিছো মই! হবদে ৰাখ ইয়াতে।’
‘কিমান দিব লাগিব?’
‘বাইদো আপনাৰ পাই আৰো কি খুধিম,
ত্ৰিচ টকা দিলি হবো দক।’
‘ইংলিচত ক।’
‘বাইদো কি কয় হা, ইংলিচ জানলি
ৰিক্সা চলাবা লাগা হয়!’
উপায় নাই সৰু মাইনাকো ইংৰাজী
মাধ্যমতে দিব লগা হ’ল। কিন্তু দুয়োজনীকে একেলগে পঢ়ুওৱা যে অসম্ভৱ হৈ পৰিছে। দুজনীৰে
মাজত যিহে কাজিয়া! হিচাব নোহোৱা চাবজেক্ট, হ’মৱৰ্ক, তৃমাষিক পৰীক্ষাবোৰৰ মাজত সোমাই
মাকজনী ককবকাই মৰে। মাজে মাজে প্ৰজেক্টবোৰতো থাকেই। বেছিভাগ মাকেই কৰি দিব লাগে। এই
প্ৰজেক্টবোৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ কি উপকাৰ হয় নাজানো দেই। তাৰ মাজতে আজি বোলে খ্ৰীষ্টমাচৰ
ড্ৰেচ, কালি বোলে এনুৱেল দেৰ ফাংচনৰ ড্ৰেচ, শিশু দিৱস আৰু কতযে নতুন নতুন নাটক আৰু
টকাৰ খেল! মাকজনীয়ে বেলেগ কোনো কথা চিন্তাই কৰিব নোৱাৰা হৈছে। খিংখিঙিয়া হৈ পৰিছে মানুহজনী।
সেইটো তেখেতৰ দিপাৰ্টমেন্ট বুলি কৈয়েই মই হাত সাৰি আছো। কিন্তু কেইমাহমানৰ পৰা মোৰ
ওপৰতো কিছু দায়িত্বভাৰ অৰ্পন কৰিছে। ডাঙৰ মাইনাক অসমীয়া, হিন্দী, চাইন্স, মেথ্চ মাজে
মাজে দেখুওৱাই দিবলগীয়া হয়। বৰ ভাষ্ট ক’ৰ্চ। আমি এইট-নাইনত পোৱা বিষয়বোৰ ইহঁতৰ বাবে
ক্লাচ ফ’ৰতে অন্তৰ্ভুক্ত কৰিছে।
‘এৰা এই চেপটাৰটো মাইনাক বুজাই
দিয়া।’- মিচেচৰ নিৰ্দেশ।
‘হ’ল দিয়া আৰু, তুমি নাজানা নেকি?’-
মই মোবাইলত ফেচবুক টিপি টিপি খঙতে কলো।
‘নাজানো বুলি ভাৱিয়ে পঢ়ুওৱা
চোন, মইটো কোনো কাম-কাজে নলগা...’
‘অ বেটা চাও কি?’
‘কনভাৰ্ট ৰুপিজ ইনটু পাইচা...’
‘শুনা ওৱান ৰুপিত ১০০ পাইচা বুজিলা’
‘ওকে পাপা, ওৱান ৰুপিত ১০০ পাইচা,
বাপৰে ইমান বেছি? কিন্তু সেই দোকানীটোয়ে ওৱান ৰুপিত একো নাপায় বুলি কয় যে! সি একো নাজানে,
তাক মই কম ওৱান ৰুপিত ১০০ পাইচা’- মাইনাই কলে।
‘হ’ব দিয়া, চো ৭.৫ ৰুপিজত কিমান
পাইচা হ’ব?’
‘পাপা পাইচা কেনেকুৱা? কইনবোৰ
নেকি?’
‘অ পাইচা কইনচ হয় আৰু ৰুপিজবোৰ
পেপাৰৰ, ওকে!’
‘ওৱান ৰুপি, ফাইভ ৰুপি কইনবোৰ
কি পাইচা?’
‘নহয় সেইবোৰ ৰুপিজে হয়।’
‘তেতিয়াহলে পাইচা কোনবোৰ? ক’ত
আছে ওৱান, টু পাইচা...’
মাইনাক কেনেকৈ বুজাও এতিয়া?
এপইচা, পাঁচ পইচা, দহ পইচা, চাৰি অনা, আঠ অনা যে আজিকালি নচলে। এটকা-দুটকাৰে মুল্য
নোহোৱা হৈছে। ক’ৰ পৰা আনি দেখুৱাম সেইবোৰ? আমি সৰুতে পাঁচ পইচাতে লজেন্স খাইছিলো, দহ
পইচাত চানাচুৰ, কেচা বুট খাইছিলো, চাৰি অনাৰে বাছ ভাৰা দিছিলো। আমাৰ পকেট খৰচ আছিল
আঠ অনা। সেইবাবে আমি বুজিও পাইছিলো টকা-পইচা কি? কিন্তু আজিকালি টকাৰ মুল্য আছে জানো?
আজি বজাৰলৈ পাঁচশ টকা লৈ গলেও মোনাটো ভৰ্তি নহয়। মুল্যবৃদ্ধি! মুদ্ৰাস্ফিতি!
No comments:
Post a Comment