ৰাণী লক্ষ্মী বাই:
I HATE YOU because
I love you more than me,
I LOVE YOU because
I cant live without you….
Whatsappত এই ফৰৱাৰ্ডেদ মেচেজটো পাই লগে লগে ভাৱিলো মিচেচলৈ পঠোৱাই উত্তম হ’ব। Whatsappত এই ফৰৱাৰ্ড ফৰৱাৰ্ড খেলখন বৰ বঢ়িয়া জমে দেই। নকল নবীচ! ক’ৰ ক’ৰ পৰা যে জমনিবোৰ পঠিয়াই থাকে নহয়, মা কচম বিদ্যা শপত বিদ্যা শপত! ভাৱিলে ROFL কৰিবৰ মন যায়। কোনটো নিজে লিখা আৰু কোনটো ফৰৱাৰ্ডেদ ধৰাই টান। মেচেজটো মিচেচলৈ ফৰৱাৰ্ড কৰিলো। অন্ততঃ ৰোমান্তিক কিবা এটা পঠিৱালো, নহলে বেছেৰীৰ সদায় কমপ্লেইন- ‘তুমি বিয়াৰ পাছত I LOVE YOU বুলি নোকোৱাই হলা, আজিকালি ৰোমান্টিক মিঠা মাত এষাৰো নিদিয়া হলা।’ ময়ো তেতিয়া তপককৈ কও- 'মতোভাপা, মতোভাপা মানে মই তোমাক ভাল পাওঁ।'
'থোৱা হে, মনত পেলাই দিয়াৰ পাছত কলে কি হব?'
'তোমাক ভাল নোপোৱাকৈ কি তোমাৰ সৈতে ১৫ বছৰ কটালো হা। মুখ ফুটাই এই শব্দকেইটা বিশেষকৈ ইংৰাজীত কৈ থাকিলেহে সঁচাকৈ ভালপোৱা বুজায় নেকি? হৃদয়ত ভালপোৱা থাকিলে নহয়?'
সাতটাকৈ লৰা-ছোৱালী জন্ম দিয়াৰ পাছতো এজনি পত্নীয়ে মুৰে কপালে হাত থৈ দুখ কৰে- 'মুঝে চচ্চা প্যাৰ নেহী মিলা।' তেন্তে সঁচা ভালপোৱা কেতিয়া পাব নাজানো দেই!
মই এই মেচেজটো ফৰৱাৰ্ড কৰি অলপ আস্বস্ত হলো। অন্ততঃ সুন্দৰ ৰোমান্তিক ভাৱ এটা প্ৰকাশ কৰিলো! ৰুমিয়ে বৰ সন্তোষ পাব। তাই অনলাইন নাই। অন্যান্য কামত মজগুল হলো। হঠাৎ এটা এলাৰ্ট!
‘What???’- মেচেজ পোৱাৰ পাছতে ওলোটাই ৰুমিৰ মোলৈ প্ৰশ্ন। বৈদ্য জকিছে যেন পাইছো! কিন্তু জকিল কিয় হে? ময়ে ইংৰাজী নুবুজা হলো নেকি বাৰু? মইটো এটা ঝাকাচ ৰোমান্তিক মেছেজ দিছিলো! এতিয়া মেচেজ চেচেজৰ জৱাব নিদিয়াকৈ থকাই ভাল হ’ব। নহলে মোৰো টেমাহে গৰম হ’ব, কাম-কাজত মন নবহিব। মোবাইলফোনৰ এইবোৰ হ’ল ডিমেৰিট্চ। যেতিয়াই তেতিয়াই মাতন্ত ঘাটি। যতে ততে যেতিয়া তেতিয়াই সহজে উপলব্ধ বাবেই শান্তি নোহোৱা হৈছে। 4G ভিডিঅ কলৰ জামানাত যে কি কৰিম তাকে ভাবি পাৰ পোৱা নাই। হিমালয় পৰ্বতত যদি ঋষি মুনি সবে মোবাইল লৈ গলহেঁতেন কোনোদিনে ধ্যানমগ্ন হোৱাই সম্ভৱ নহ’লহেঁতেন। ধ্যান বোলা শব্দটোৱো অভিধানত সংলগ্ন নহ'লহেঁতেন। মোৰ অলপ খঙো উঠিছে। ঘৰলৈ উভতি পোনে পোনে মিচেচৰ ওচৰ পালোগৈ। কিন্তু এয়া কি? মুখ এক পাচি কৰি বহি আছে। গাল ওফন্দি উঠিছে। কিনো জগৰ লগালো? মুখ ওফন্দাই থাকিলে মোৰ হলে বৰ অস্বস্তি অনুভৱ হয়। যিকোনো উপায়েৰে তেখেতক শান্ত কৰাই তেতিয়া মোৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈ পৰে। চেহ, এনিভাৰচাৰিৰ আগেয়ে অলপ ৱাৰ্ম আপ হৈ লব বিছাৰিছিলো। সব পণ্ড হৈ হ'ল। মই এনেও ৰোমান্তিক নোহোৱাৰ এটা বৰ বেয়া চেকাৰে কলুসিত হৈ আছো।
‘ৰোমান্তিক নহলেও বিপদ হলেও বিপদ, কিয় বা মানুহে বেয়া পালে গমকে নাপালো দেই!’- মই চেগ বুজি লাহেকৈ তপৰাই কৈ পেলালো বাপ্পেকে।
‘তুমি মোক বেয়া পোৱা, মই জানো, যেতিয়াই তেতিয়াই ফোন কৰি আমনি কৰো, এতিয়া মই মোটি হৈছো, লৰা-ছোৱালীৰ মাক হলো যেতিয়া বেয়া পোৱাই স্বাভাৱিক, বেলেগ বিছাৰি ললেই হ’ল, ব্লা ব্লা ব্লা!’- ৰুমীৰ এজ ইউজুৱেল কাট্চ।
‘হেৰৌ মইটো ভাল পাওঁ বুলিহে লিখিছো, তুমিয়ে চোন কোৱা ‘I Love You’ আজিকালি নোকোৱাই হলো বুলি’- মই খুউব নম্ৰ আৰু ৰোমান্তিক সুৰত কলো। এনেও জুইৰ আগত উধান পোৰা যাবই।
‘অ সেইবাবে কৈছা I Hate You বুলি হা?’- তেওঁ আৰু উগ্ৰমুৰ্তিহে ধৰিলে।
‘কতা মই ক’ত লিখিলো, তুমি কি পাছৰ খিনি পঢ়া নাই? অলপ মাথা ঠাণ্ডা কৰি লিখাবোৰ চাই বুজি খং কৰিবা বুজিছা। চোৱাচোন মই কি লিখিছো!’- মই মেচেজটো পুণৰ খুলি চাই কলো।
‘I Hate You বুলি কোৱাৰ পাছত, পাছৰখিনি পঢ়ি কিবা লাভ আছে জানো? তুমি কিয় মোক বেয়া পোৱা মই জানোৱেই নহয়। মোক এতিয়া আৰু সেইবোৰ পঢ়ি শুনাই মনত কষ্ট নিদিবা। এতিয়া অকলে কিছু সময় থাকিব বিছাৰিছো। I need sometime, please give some space.’- ৰুমীয়ে কথাখিনি কৈ দুৱাৰ বন্ধ কৰি ললে। মডাৰ্ণ ফেমিনিষ্ট নাৰীৰ অন্তৰত মোক্ষম আঘাট হানিলো নেকি বাৰু? কোনো পধ্যেই কথা শুনাৰ বাবে ৰাজি নহয়। কোনো বুজনি বা যুক্তিতৰ্কৰ অৱকাশ নাই। বাপৰে ইমান আনপ্ৰেদিক্টেবোল, ৰহষ্যময়ী! হে শিক্ষিত নাৰী, তোমাৰ মহিমা অপাৰ। হে দেৱী, তোমাক কিহেৰে পুজিম, কেনেকৈ সন্তুষ্ট কৰিম? কি কৰিলে মই সফল হ'ব পাৰিম? প্যাৰ মে কভি কভি এইচা হো যা তা হে, চোটিচি বাত কা ফচানা বন যা তা হে।
আচৰিত কথা দেই। মেচেজ নিজে নিলিখাকৈ কেৱল ফৰৱাৰ্ড কৰা কিমান বিপদ সঙ্কুল হব পাৰে তাকে ভাৱিহে পাৰ পোৱা নাই। চাল্লা এক মেছেজ পত্নীকো ক্যা সে ক্যা বনা দেতি হে। এওঁলোকক সন্তুষ্ট কৰা কোনোপধ্যে সম্ভৱ নহয়। বৰ এম্বিচিয়াচ তিৰি! হিন্দী টিভি চিৰিয়েলবোৰ চাই চাই আজিৰ মহিলাসমাজ নিজৰ আত্মসন্মান, নাৰীসত্বাকলৈ বৰ বেছি সচেতন হৈ পৰিছে নেকি বাৰু? তেওঁলোক এক্কেবাৰে ৰানী লক্ষ্মী বাই হৈ পৰিছে। কিন্তু কোনো শত্ৰুৰ সৈতে যুজিবলৈ নহয় নিজৰ স্বামীৰ সৈতে যুজিবলৈহে। পতীয়ে হনুমানৰ লেখিয়াকৈ বুকু ফালি দেখুৱালেও কাম নাই। মতাবোৰৰ উচ্চ ৰক্তচাপ তথা হাৰ্টৰ বেমাৰ বৃদ্ধিৰ এইটোও অন্যতম কাৰণ।
হিন্দী চিৰিয়েল চোৱা এই জাগ্ৰত নাৰীসকলক আচলতে সুখে কামোৰে নেকি বাৰু? মোক ৰুমীয়ে কয়- আমিটো ৰানী লক্ষ্মী বাই হে! মা- দেউতাৰ ঘৰত থকা দিনকেইটা মহাৰানীৰ দৰে কটাইছিলো। এটা কুটাৰ কামো কৰা নাছিলো। বিয়া হৈ আহিলো আন এখন ঘৰলৈ, নাম দিলে লখিমী বোৱাৰী মানে লক্ষ্মী। এতিয়া লৰা ছোৱালী জন্ম দিয়াৰ পাছত আমি হৈ পৰিলো তাহাঁতৰ আয়া অৰ্থাৎ বাই। নহয় জানো?
‘কত্বে মৰো অ!’
‘যতে মৰ মৰ!’
No comments:
Post a Comment