জৰু কা গুলাম:
কেলিফোৰ্নিয়াৰৰ এহাল দম্পতিৰ এক অজীব কাহিনী ফেচবুকত পঢ়িবলৈ পালো। সঁচা ঘটনা হিচাবে
প্ৰকাশিত যদিও কাহিনী বুলিয়ে ধৰি ললো আৰু। বহুতো ভদ্ৰলোক-ভদ্ৰমহিলাৰ সৈতে আলোচনাৰ অন্তত
মই এই শেষ সিদ্ধান্তত উপনীত হবলৈ বাধ্য হলো। মুঠৰ ওপৰত কোনেও বিস্বাস নকৰে। তাতে ফেচবুকত
ওলোৱা কথা! কোনে বা সজায় পৰাই কাহিনীটো প'ষ্ট কৰিছে! আজিৰ ডিজিটেল ফটোশ্বপৰ জামানাত
কাকনো বিস্বাস কৰিবহে? এনেকুৱা সঁচা ঘটনা হেনো থাকিবই নোৱাৰে। এনে তেলিয়া স্বভাৱৰ মতা
মানুহ এজন এইখন পৃথিৱীতে থাকিব নোৱাৰে। হে বোলো হয় হয়। দম্পতি চিনিয়ৰ চিটিজেন। ষাঠি
বছৰীয়া লিয়োনাৰ গিৰিয়েক ৬৮ বছৰীয়া কেৰ’লে পত্নীক কোনোদিনে ব্ৰেকফাষ্ট কফি বনাব নিদিয়ে,
নিজে বনাই পত্নীক খুৱাই, কাপোৰ ধোৱা, ইস্ত্ৰি কৰা, বাচন-বৰ্তন ধোৱা-পোখলা কৰিবলৈও নিদিয়ে।
পত্নীৰ হাত জ্বলিব বুলি জাপ মাৰি আহি অভেনৰ পৰা নিজে খোৱা বস্তুবোৰ উলিয়াই। শোৱাৰ পৰত
বিছনা পাতিও নিজেই ঠিক ঠাক কৰি লয়। দুয়োৰে বিয়া ১৮ মাহ হও হও। প্ৰথমে পত্নীৰ কথাবোৰ
ভালেই লাগিছিল, কিন্তু লাহে লাহে নিজকে সৰু ‘কেচুৱা টাইপ ত্ৰিট’ কৰা যেন বোধ কৰিবলৈ
ধৰিলে আৰু বিবাহ বিচ্ছেদৰ বাবে আদালতৰ দ্বাৰস্থ হ’ল। লিয়োনাই ন্যায়াধীষৰ আগত কলে-
‘মই এনে মানসিক নিৰ্যাতন জীৱনত কেতিয়াও পোৱা নাছিলো। এক্কেবাৰে সহ্যৰ বাহিৰ হৈ গৈছে,
মোক দিভোৰ্চ লাগে।’
‘ইমানো জৰু কা গুলাম হ’ব নাপায় দেই। এই পাৰ্টিকুলাৰ হাচবেণ্ডজন মেনটেল হয় বে।’-
এজন বন্ধুৰ দৃঢ়মত। 'এনেকুৱা মক্কেল হাচবেণ্ড থাকে নেকি? সব বস্তুৰে এটা সীমা থাকেটো,
বেহুদ্দাই জোখতকৈ বেছি ভাল হবলৈ যোৱা বাবেই তাৰ এই অৱস্থা হ’ল। আৰে ইমানকৈ ভালৰি কোবাবলৈ
কিহে পাইছিল তাক?'
‘আব্বে মই নিজে প’ষ্ট কৰা নহয় দেই, শ্বেয়াৰহে কৰিছো।’- মই ততাতৈয়াকৈ জৱাব দিলো।
মোৰ আত্মসন্মানত লগা যেন লগা বাবেই জিকাৰ খাই উঠিলো। তাহাঁতে মই মক্কেলটোক চাপ’ৰ্ট
কৰা বুলিও ভাবিব পাৰে। মোৰ লগৰকেইটা যিহে, খাব নোপোৱা ঢেকুৰা কুকুৰবোৰৰ দৰে কামোৰো
কামোৰোকৈ থাকে।
মোৰ পত্নীৰ কথাই বেলেগ। প’ষ্টটো দেখাৰ পাছতে মন্তব্য কৰিলে- ‘দেখিছা কি...মা...ন
ভাল পায় পত্নীক!’ এটা দীঘল হুমুনিয়াহ! ‘মই যদি এনেকুৱা হাচবেণ্ড পালো হয়! মই কেতিয়াও
এনে মৰমীয়াল হাচবেণ্ডক নেৰিলো হয় দেই।’
‘তাৰমানে সব কাম-বন বাদ দি এইসোপা কৰি থাকিলেহে ভাল পাবা ন? তেতিয়াহে তোমাক অকৃত্ৰিমভাৱে
ভাল পোৱা বুজাব! হাৱা খাই বাছি থকাৰ মন আছে যদি কোৱা!’- মই কলো।
‘নাই, সেইটো কোৱা নাই। বাদ দিয়া তুমি তেনেকুৱা হবও নোৱাৰা।’
‘অ মোৰ বাহিৰে সব মতাবোৰেই পত্নীবোৰক ভাল পায়, কেয়াৰ লয়, ভাত বনাই খুৱাই।’- মোৰ
যিমান বন্ধু আছে সকলোৰে ওপৰত এটাই মন্তব্য-‘দেখিছা আজি নবদাক? কবিতাক কি...মা...ন ভাল
পায়!’ ‘দেখিছা মৃন্ময়দাক বাচ্ছাটো ৰশ্মীক লবই নিদিলে।’
‘তুমিটো কেতিয়াবা চাহ একাপ বনাই খুৱাব পাৰা।’
‘খুৱাইছিলো দেখোন এবাৰ, পাহৰিলা নেকি?’
‘যিহে চাহ বনাই খুৱাইছিলা! আচৰিত পত্নী দেই সেইজনী, ইমান ভাল হাচবেণ্ড পোৱাৰ পাছতো
শান্তি নাই, দিভোৰ্চ বিছাৰে?’- এইবাৰ গালে মুখে হাত দিলে।
‘পত্নী বোলা জন্তুটোক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি দিয়া, ভালপোৱা ঢালি বাকি দিলেও
কোনো লাভ নাই।’
'তুমিটো লাওপাট-কচুপাট।'
'তুমিটো লাওপাট-কচুপাট।'
এইবাৰ পুণৰ Whatsappত উটি ভাহি অহা এটা মেচেজ আমাৰ কলেজিয়া গ্ৰুপ গ্লোবেল আদ্দাত
প্ৰকাশ পালে। টুৰিয়া পিট নামৰ মডেল এজনিৰ কাহিনী। প্ৰায় ৬৪% পুৰি যোৱাৰ পাছতো জীয়াই
আছে আৰু কেমেৰাৰ সম্মুখতো ধৰা দিছে। কিন্তু বেছেৰীৰ অৱস্থা এতিয়া একেবাৰে বেয়ালগা,
পুণৰ মডেলিং কৰাৰ প্ৰশ্নই নুঠে, ইমানেই দহি খহি গৈছে। কিন্তু আচৰিত কথা হ’ল বয়ফ্ৰেণ্ড
জনে তাইক কেতিয়াও নেৰিলে। খোদ নিজৰ চাকৰি এৰি তেওঁক শুশ্ৰষা কৰি এনে অৱস্থালৈ আনিছে।
মেচেজটো পঠিয়াইছে এজন লৰা বন্ধুই (লৰা মানে এতিয়া চল্লিছৰ উৰ্ধৰ আদহীয়া হলেও লগৰবোৰৰ
মাজত লৰা)। লগে লগে গ্ৰুপৰ ছোৱালীকেইজনীয়ে মতপোষন কৰিলে:
’৯৯.৯৯% মতা এনেকুৱা হবই নোৱাৰে।’
‘মতাবোৰে চাকৰি বাদ দি তিৰোতাক শুশ্ৰষা কৰিব? পাৰিলে তিৰোতাজনিকে বাদ দিব’
‘মতা মানুহজনৰ নিশ্চয় কিবা স্বাৰ্থ আছিল, নহলে এনেকুৱা কৰিব জানো?’ এইজনিতকৈ আনজনি
বিজ্ঞ।
কিযে হ’ব? সকলো মহিলাৰ চিন্তাধাৰা এনেকুৱাই নেকি বাৰু? এনে সঁচা কাহিনীটোকো যদি
সন্দেহৰ চকুৰে চায় আমি কোন খেৰ কুটা? তেওঁলোকে কোনোপধ্যেই বিস্বাস কৰিব পৰা নাই। মই
বোলো হেৰৌ ভাৰতত হে থাকিব নোৱাৰে, বিদেশত পাৰে। মুখ খুলি নকও আৰু নহলে দেশদ্ৰোহী বুলি
পাকিস্তানলৈ যাবলৈ কব।
পিছে মোৰ মিচেচ জানো পিছুৱাই থাকিব? মই গ্ৰুপৰ মেচেজবোৰ চোৱাৰ আগেয়ে তেখেতেই চাই
নহয়। তেওঁ চেন্সৰ কৰি পাছ কৰাৰ পাছতহে মই চাব পাৰো। বিছনাৰ পৰা উঠাৰ লগে লগে তেওঁ মোক
কলে- ‘চোৱাচোন মানুহজনীৰ অৱস্থা, বেয়াই লাগে। কিন্তু তথাপিও মতা মানুহজনে তাইক এৰি
দিয়া নাছিল। মোৰটো এনে কিবা বেমাৰ এজাৰ হলে তুমি ফিৰিয়ে নাচাবা।’
‘এই ৰাতিপুৱাতে তোমাৰ হৈছে কি? কি কথা কি বতৰা একো নাজানোয়ে, মাৰিলাই নহয় কাট!
আৰু কি কোৱা হে? বিয়াৰ পাছৰে পৰা তোমাৰ AMC লোৱা নাই জানো? এনুয়েল ৰিপেয়াৰ এণ্ড মেনটেনেন্সে
কৰি আছো চোন! কোনটো বছৰ তোমাৰ বেমাৰ নোহোৱাকৈ গৈছে কোৱাচোন?’- এনেকৈ ফিটিং ৰিপ্লাই
দি মুখ বন্ধ নকৰিলে উপায় নাই। এই পাইৰেটেড mp3 চিডিখন এবাৰ অন হলে বন্ধ নহয়। সেইদিনা
মই মিচেচক ৰাতিপুৱা শোৱাপাতিৰ পৰা উঠাই কলো- ‘হেৰা উঠাহে, বলা যোগাসন কৰি আহোগৈ।’
‘কি হ’ল তোমাৰ? মই অলপ দেৰিকৈ শুলে তোমাৰ সহ্য নহয় হা? বাচ্ছাকেইটাৰ পৰীক্ষা শেষ
হৈছেহে, কেইদিনমানটো দেৰিলৈ শুবলৈ দিয়া, ইহঁতকেইটাৰ স্কুল খুলিলে সেই একেই ঘিচা-পিটা
ৰুটিন!’
‘নাই মই যোগাসনৰ বাবে যাবলৈহে লগ ধৰিছো!’
‘তাৰমানে এতিয়া কি মই মোটি হৈ গৈছো ন? মোক ভাল নলগা হৈছে!’
‘নাই অ, জানাই নহয় যোগা শৰীৰৰ বাবে কিমান উপকাৰি।’
‘তাৰমানে মই কি বেমাৰি?’
‘নাই নাই, হে বাদ দিয়া হে, যদি উঠিবলৈ মন নাই শুই থাকা দেই সোনজনী।’
‘অ মই এলেহুৱা তাৰমানে? গোটেই ঘৰখন কোনে চলাই আছে হা?’
‘কিনো কৈ আছা, মোক তুমি ভুল বুজিছা। মোৰ সেইটো মতলব নাছিল।’
‘অ মই তোমাক নুবুজো নহয় নে?’
‘চোৱা কিন্তু মই তেনেকৈ কোৱা নাই।’
‘অ মই মিছা কৈছো, মইটো মিছলীয়া নহয়নে?’
‘বাদ দিয়া হে, এই ৰাতিপুৱাই পুৱাই কথাবোৰ টানি আছা কিয়?’
‘অ মই কাজিয়াখোৰ তিৰোতা নহয় নে?’
‘এহ বাদ দিয়া, মইয়ো নাযাও দিয়া যোগা চোগা কৰিবলৈ।’
‘তুমি আচলতে যাবই বিছৰা নাছিলা, মোৰ ওপৰত দোখ জাপি দিবৰ বাবেই এই নাটকখন ৰচিলা।’
‘ঠিক আছে মই অকলেই যাও দিয়া, হলতো?’
‘তুমিটো অকলেই সকলোতে যাবলৈ বিছৰা, মোক কেতিয়াবা কৰোবালৈ লগ ধৰিছানে?’
‘চোৱা ভাই, মোৰ অস্বস্তি অনুভৱ হৈছে।’
‘চোৱা, তুমি কেৱল নিজৰ কথাই ভাৱা। মোৰ স্বাস্থ্যৰ কথা কোনোদিনেই নাভাবা, কতদিনৰ
পৰা কৈ আছো মোৰ বেমাৰবোৰৰ কথা, কিন্তু তোমাৰ কানসাৰ নাই।’
Who says women came out of man’s rib? In reality women came out man’s funny
bones.
No comments:
Post a Comment