মোৰ চেন্টি বন্ধু
‘হেল্লো’- ৰাতিদুপৰত মৃদুলৰ ফোন পায় অনিচ্ছাস্বত্বেও ধৰিলো। নহলে সি চেন্টি ফালি পাঁচটামান এছএমএছ পঠিয়াব। এতিয়া ফুল মুডত আছে সি।
‘হে... হেল... হেল্লো, শুন...।’- কোনো কথা বতৰা নাই, গাড়ীৰ চিডি প্লেয়াৰত চলি থকা গানটো মোকো শুনিবলৈ লগাই দিলে। ‘দিনৰ পোহৰ ৰংচঙীয়া! ভাল মানুহৰ সঙ্গ...’- উপায় নাই আৰু। এতিয়া এটাৰ পাছত আনটো ফেভাৰিট গান শুনাই থাকিব আৰু তাৰ সৈতে জড়িত স্মৃতি ৰোমন্থন কৰিব। যিটো কলি ভাল লাগে সেইটো সি নিজেই চিঞৰি চিঞৰি ৰিপিট কৰি থাকিব। এটা কথাকে কেইবাৰ ক’ব ঠিকনা নাই!
‘মই মদাহী! মই মদাহী! মই নদাহী! থাকো হাঁহি, থাকো হাঁহি, নাই মোৰ সঙ্গ... শুনিছ নে তই? কি গান বনাইছিল বে! মোক লৈয়ে লিখিছিল নেকি বে?’- তাৰ ভাল লগাখিনি যিমান পাৰে বাৰে বাৰে আওৰাই আছে আৰু চেন্টিত আত্মহাৰা হৈছে। মই ফোনটো হেণ্ডচফ্ৰি কৰি ওচৰতে থৈ শুনি আছো আৰু মাজে মাজে আওৰাই আছো – ‘অ’... ‘অ’... ‘অ’। হয়ভাৰ নিদিলেও বিপদ, তাৰ তেতিয়া চেন্টিত লাগিব। ‘মই মদ খাই আছো ন, তই ভাল মানুহ! পৰিয়ালক টাইম দিছ। তোৰ কথা কোৱাৰ মন নাই, সময় নাই। ক’ত পাত্তা দিবি? ভাল মানুহৰ সঙ্গ... ভাল মানুহৰ সঙ্গ! হা হা হা...।’ তাৰ পাছত ফোন ডিচকানেক্ট কৰি দিব আৰু তাক ফোন মাৰি থাকিলেও পোৱা নাযাব। তাৰ পাছত চেন্টি ফালি আৰু দুপেকমান বেছিকৈ গিলিব। তাৰপাছত ক’ত কি কৰে ঠিক নাই। মুড উঠিলে ঘৰৰ তললৈ আহি জকি মেলি ফোন মাৰি থাকিব আৰু মোকো তললৈ মাতিব। নহলে পল্টন বজাৰৰ ৰেলৱে ষ্টেচনলৈ গুচি যাব আৰু কোনোবা এখন বেন্সত বহি ট্ৰেজেডি ফালি থাকিব।
‘গানটো শুনাবৰ মন আছে যদি Whatsappত পঠিয়াই নিদিৱ’ কিয় বে? এনেকৈ কি শুনিম?’- গানটো শেষ হোৱাৰ পাছতে মই কলো। নহলে সিয়ে কৈ থাকিব, মোক কবলৈ নিদিয়ে। এতিয়া তাৰ ফেভাৰিট অইন এটা গান বিছৰাত ব্যস্ত।
‘আব্বে Whatsapp, Facebookৰ নৌতঙ্কিবোৰ মই কৰিব নোৱাৰো দেই। এইবোৰত তইয়ে লাগি থাক। মোৰ Facebook একাউন্টও নিজে খোলা নাই, তইয়ে খুলি দিছিলি। পাচৱ’ৰ্ডও নাজানো। আব্বে নিজৰ ফটোখন পঠিয়াবি তাৰ পাছত কোনে কি কমেন্ট দিছে চায় থাকিবি! বাচ্ছামী বুজিছ? এইবোৰ দেখিলে মোৰ হাঁহি উঠে। আমাৰ সেইবোৰ কৰাৰ বয়স নাই বুজিছ? দিনৰ পোহৰ ৰংচঙীয়া... ৰাতিৰ আন্ধাৰ গুমগুমীয়া...’- সি ফে’চবুক, হোটাচএপ একোৱে নকৰে, বৈদ্দ ব’ৰ পায়।
‘তই জাননে মই এতিয়া ক’ত? ক মই ক’ত আছো? তই কউ, কউ কউ, তই কউ’- তাৰ গতানুগতিক প্ৰশ্ন। এনেকুৱা প্ৰশ্ন কৰিবই সি।
‘নাজানো কেনেকৈ জানিম বে?’
‘শুন মই ফাৰ্ষ্ট এটা হাফ কিনিলো, লগতে এটা পানীবটল, কেচাবুট আৰু তাৰ পাছত গাড়ী চলাই চিধা পামহি পাৰ হৈ এতিয়া দ্বীপৰ বিলত, চাৰিওফালে হালধীয়া লাইট জ্বলি আছে। এতিয়া এজাক হাতী আহিব, মই তাকে চাবলৈ ৰৈ আছো। আহ কিযে মনোমোহা দৃশ্য! আহিবি নেকি ক? এইবোৰ নেচাৰেল চিন তহঁতে কত দেখা পাবি? তই বুলি নহয় আমাৰ কলেজৰ কোনেও দেখা নাই। হয় নে নহয় ক? কত গম পাইছনে তই আৰু মই যে মাছ কিনিছিলো, সেই পথাৰখনতে। পাৰিবি তই ৰাতি পথাৰত আহিবলৈ? তোৰ কলিজাই নাই। গাটচ লাগিব বুজিছ?’
‘তই নেচাৰেল চিনবোৰ উপভোগ কৰিবলৈ নিজে আননেচাৰেল হৈ আছ যে?’- মই কওঁ বুলি ভাবিও নকলো। তাৰ চেন্টিত লাগিব পাৰে, জোকাই লৈ লাভ নাই।
‘আব্বে আমাৰ কলেজৰ বেছিভাগেইটো ৰেডিমেড কুঁৱাৰ পানী খায় আছে। আমাৰ দৰে কুৱা খান্দি পানী খাওকচোন চাও, কেইটাই পাৰিছে? আব্বে বেলেগে খুন্দা কুঁৱাৰ পানী খাই খাই কি বুজিব হিহঁতে? আমাৰ দৰে নিজে কুঁৱা খান্দকচোন। ইয়াত বোলে কুঁৱা খান্দিছ পানী নোলাই, তাত খান্দিছ বোলে আইৰণ থকা পানী, কৰোবাত পানী ওলালেও খান্দিয়েই থাকিব লাগিব, খান্দিয়েই থাকিব লাগিব।’- সি যে বিজনেছ কৰি কিমান জ্বলাকলা খাইছে তাকে বুজাই আছে।
‘হয় দে বে, কি কৰিবি উপায় নাই।’
‘আমি হলো বংশৰ প্ৰথম কুঁৱা খন্দা মানুহ! কোনদিনা যে এই কুঁৱাৰ পৰা নিৰ্মল পানী ওলাব নাজানো আৰু।’- এতিয়া চেন্টি ফালিব আৰু।
তাৰ এই চেন্টি ফলা কাৰবাৰটোৰ বাবে কত যে লঘু লাঞ্চনা হৈছে তাৰ! সি সদায় প্ৰাকৃতিক ভাৱে থাকি ভাল পায়। ডাউন টু আৰ্থ মানুহ সি। সদায় হাৱাই চপ্পল পিন্ধিয়ে গোটেই গুৱাহাটী চলাথ কৰি ফুৰে। গুৱাহাটীৰ প্ৰতিখন ঠাই, প্ৰতিটো পথ-উপপথ চিনাকি তাৰ। কৃতিমতা বেয়া পায় সি। দুবছৰমান আগেয়ে এখন মাৰুটি ৮০০ লৈছে। তাৰ আগতে স্কুটাৰ লৈয়ে ঘুৰি ফুৰিছল। তেনেকুৱাই এটি সন্ধিয়া। এটা হাফ, পানীবটল, বুটলৈ উঠিলগৈ গুৱাহাটী মেডিকেল কলেজৰ পাহাৰৰ ওপৰৰ পথটোত। অলপ নিৰিবিলি ঠাইত সি স্কুটাৰখন ৰখাই, বটল খুলি বাটৰ দাতিতে বহিল আৰু বটল খুলি পেগ গিলিবলৈ ধৰিলে। তাৰ পাছত মোলৈ ফোন কৰি চেন্টি ফালি আছে- ‘তই জাননে, মোৰ দেউতাই কোনোদিনে এপইচাও কাৰো পৰা নাখালে। সদায় সত্য পথত চলিছিল। মোক চাকৰি কৰিবলৈ ইমানকৈ কলে, মই পাত্তাই নিদিলো। মইয়ে চব জানো বুলি ভাবিছিলো যে! জামচেডপুৰৰ পৰা চাকৰি এৰি গুচি আহিলো। এতিয়া কি? হেৰি লাল!’
‘মোৰো একেই অৱস্থা বুজিছ। আমি চাকৰি নকৰি বহুত ভুল কৰিছো।’
‘আব্বে আজি মোৰ হেৰি লাল বুজিছ, বৈদ্য পেৰিলে বে? ব’ম চুতিয়া বে মানুহবোৰ।’- কোনোবা কাষ্টমাৰে আজি তাক কিবা শুনাইছে আৰু সেইবাবেই চেন্টি।
‘আব্বে আব্বে আব্বে মৰিলো অই, অ মা...মা... টোত টোত টোত!’- তাৰ প্ৰচণ্ড চিঞৰ আৰু ফোন দিচকানেক্ট। মোৰ টেনশ্বন হ’ল। কিবা হ’ল তাৰ? মই বাৰে বাৰে ফোন কৰি আছো, কিন্তু সি নুঠাই। আধাঘন্টামানৰ মুৰত সি নিজেই ফোন কৰিলে।
‘অই কি হ’ল, ক’ত তই এতিয়া?’- মই উদ্বিগ্নতাৰে সুধিলো।
‘আব্বে মই এতিয়া ঘৰ পাইছো ৰ, মই গাড়ীখন সোমাই থৈ তোক ফোন কৰি আছো হা।’- সি ফোপাই ফোপাই কলে কথাখিনি। যেন সি তামাম ভয় খাইছে!
‘আব্বে নকবি আৰু, মই বাটৰ কাষত তেনেকৈ বহি আছিলো আপোন পাহৰা হৈ আছিলো। তোৰ লগত কথা পাতি পাতি পেগ মাৰি আছিলো। হঠাৎ মোৰ ভৰি দুখন ঠাণ্ডা ঠাণ্ডা লাগিল, মই গুৰুত্ব দিয়া নাই। কিছুসময় পাছত মোৰ চকু পৰিল, ব’ম দীঘল এডাল সাপ মোৰ ভৰিৰ ওপৰেৰে পাৰ হৈ গৈ আছে। মই তিনি জাপ মাৰি পলাইছো। ভয়তে মোৰ জীও উৰি গৈছিল। মা কচম, বাচিলো কিবাকৈ আজি!’- সমগ্ৰ ঘটনা বিবৰি কৰে সি।
‘আৰু নেচাৰেল বাতাবৰণ বিছাৰি ফুৰ!’
‘আৰু এনেকৈ কলৈকো নাযাওঁ দেই, কানত ধৰিছো!’- প্ৰতিবাৰেই শপত খাই সি।
‘পিছে বটল, বুট চুট কি কৰিলি?’
‘ধুৰ, ক’ত পৰি ৰ’ল সেইবোৰ নাজানো? সেইবোৰলৈ চাবি? আব্বে কিবাকৈ স্কুটাৰখন যে লৈ আহিছো! মালৰ নিচা লগে লগে ফাটি গৈছে।’
No comments:
Post a Comment