Friday, 11 December 2015

গেং ৱাৰ

বলিউড ইষ্টাইল গেং ৱাৰ: 

এসময়ত অসম মুলুকত দাউদ ইব্ৰাহীম আৰু চোটা ৰাজন নামৰ দুই ‘জিগ্ৰী দোস্ত’ গেংষ্টাৰ আছিল। দুয়োজনেই সেইসময়ত মহাপ্ৰতাপি আছিল, একেলগে বহু কুকৰ্মৰে দুয়োজনে মাইবাপ মোগেম্ব’ক সন্তুষ্ট কৰিছিল। ‘মোগেম্ব’ খুচ হুৱা’ বুলি জানিলেই দুয়ো মহাসুখ লভিছিল। মোগেম্ব’ক সকলো ধৰণৰ বাহ্যিক ‘গেং ৱাৰ’ৰ পৰা দুয়ো একেলগেই সুৰক্ষা দিছিল। যতে ততে মোগেম্ব’ৰ গুনানুকীৰ্তন কৰি ফুৰিছিল- ‘মোগেম্ব’ চাৰ পুৰুষ নহয়, মহাপুৰুষ। তেওঁ পৰোপকাৰী, দুৰ্বলীক মাৰি ধনীক শ্ৰেনীক সহায় কৰে চাৰে। গৰিবী হাতাও, মানে গৰিবক হাতোৱাত সিদ্ধহস্ত চাৰ। উদালগুৰি আৰু বিটিএডিত বহুত গৰিবকে একেবাৰে হাটাই দিছিল চাৰে।’

এই যুটিয়ে গেংৱাৰত সকলো লোকেল গেংষ্টাৰক মহতিয়াই তহিলং কৰি ফুৰিছিল। মোগেম্ব’ই কোনো টেনচন নোলোৱাকৈ দহটাকৈ বছৰ অনাসায়ে অতিক্ৰম কৰিছিল। কেৱল দাউদ-ৰাজন জুটিয়ে সফলতা লাভ কৰিলে, তেওঁ মাজে মাজে জমাইছিল – ‘মোগেম্ব’ খুছ হুৱা, হে হে হে হে।’ মোগেম্ব’ক তেনেকৈ মুখ খুলিব দিয়া নাছিল ইহঁতে। তেওঁৰ গাত চেকা পৰাৰ আগতেই নিজৰ গাত গহি লৈছিল। কাৰণ মুখ খুলিলেই ‘দেহাটি’ মানুহৰ দৰে মোগেম্ব'ই যিহকে তিহকে কৈ পেলাই। হাজী মস্তান নামৰ আন এজন ডনৰ আবিৰ্ভাৱ হোৱাত মোগেম্বই কৈছিল- ‘কৌন হে য়ে হাজী মস্তান.,. কৌন হে কৌন হে... Who is Haji Mastan? ছোড়ো য়াৰ, ছোড়ো উচকো...।’ হাজী মস্তানেও নিজৰ ইলাকাত লাহে লাহে সাম্ৰাজ্য গঢ়িবলৈ লৈছিল।  মস্তান অপনে ইলাকে মে খুংখাৰ শ্বেৰ থা।

ইফালে দাউদহঁতৰ সহযোগী গেংষ্টাৰসকল বৈদ্যন জ্বলা জলিছিল। কিন্তু এই জুটিৰ আগত সিহঁত না-পাত্তা হৈ আছিল। ইফালে মোগেম্ব’ও কম মক্কেল আছিল নেকি? এই দুজনৰ বাহিৰে কোনো গেংষ্টাৰকে তেওঁ পাত্তা দিয়া নাছিল। চাম্ভা, কালিয়াহঁতৰ কোনোবাই মুৰ দাঙিলেও ৰাজনে তাহাঁতক নেস্ত-নাবুদ কৰি পেলাইছিল। এবাৰ চাম্ভাই বৰ বেছিকৈ চটফটাই আছিল। দিলে নহয় বাপ্পেকে চিবিআইৰ জালত পেলাই! চব্বকে মেনেজ কৰি থৈছে দুয়োটাই। ৰাজনটো মেনেজ মাষ্টাৰ হৈ পৰিছিল। কিন্তু এনে কাণ্ড কাৰখানাবোৰ গেংষ্টাৰসকলৰ হজম হোৱা নাছিল আৰু উচিত সময়লৈ অপেক্ষা কৰি নিজৰ নিজৰ কাম কৰি গৈছিল। অসমৰ চুকে কোনে দুয়ো দপদপাই ফুৰিছিল আৰু মোগেম্ব’ৰ সাম্ৰাজ্য সম্প্ৰসাৰিত কৰি আগবাঢ়ি গৈছিল। বহুতো লোকেল ডনে সেও মানি তেওঁলোকৰ শৰণাপন্ন হবলৈ বাধ্য হৈছিল। কেতিয়াবা হাজী মস্তান, গব্বৰ সিঙে মোগেম্ব’ৰ বিৰুদ্ধে মুৰ তুলিব বিছাৰিলেও ৰাজনে তাহাঁতক কঠোৰ হাতেৰে দমন কৰিছিল। ‘Divide & Rule’ কৌশলেৰে তাহাঁতৰ ফালৰ গেংষ্টাৰবোৰক মোগেম্ব’ৰ গিৰোহত চামিল কৰিছিল। গেংষ্টাৰসকলক লাগে কি? মাল পালেই হ’ল। যিফালে মাল বেছি পায় সেইফালেই বন্দুক ধৰি সাজু। গব্বৰ সিঙো কম বস্তু আছিল নেকি? লোকেল চেন্টি ফালি মোগেম্ব’ৰ আগতেই সমগ্ৰ অসমত ৰাজ কৰিছিল। ‘চিক্ৰেট গেৰিলা’ গঠন কৰি বহুতো লোকেলক মাৰি খাস্তাং কৰিছিল। এতিয়া আৰু সেই লোকেল চেণ্টি নাখাতে। কোনেও পাত্তাই নিদিয়া হ’ল সেইডালক। ৰাজনে মানুহজনক না-পাত্তা কৰি দিলে। বাৰে বাৰে তেতিয়া সুধিছিল – ‘কিতনে আদমী থে?’

‘চিৰ্ফ দো – ডাউদ অউৰ ৰাজন।’

‘য়ো দো অউৰ তুম ইতনে চাৰে, ফিৰভি ৱাপচ... ফিৰভি ৱাপচ... ফিৰভি ৱাপচ...’- এনেদৰেই আজিলৈকে বকি থাকে গব্বৰ সিঙে।

চোটা ৰাজন সকলো দিশতে বৰ আগৰনুৱা আছিল। সেয়ে আণ্ডাৰৱ’ৰ্ল্ডত তেওঁৰ শত্ৰু দিনক দিনে বাঢ়িবলৈ ধৰিছিল। মোগেম্ব’ৰো চোটা ৰাজন অধিক প্ৰিয় হৈ পৰিছিল। হঠাৎ ‘অজয় দেৱগন’ নামৰ হিৰো এজনে গেংষ্টাৰ ৰাজনৰ টেমা গৰম কৰিবলৈ লৈছিল। অজয়ে যতে ততে ৰাজনক ‘অপেন চেলেঞ্জ’ দি ফুৰিছিল। অজয়ে কেৱল ৰাজনৰ কুকিৰ্তিবোৰ উলিয়াই পুলিচ-কাচাৰীৰ কাষ চাপিছিল। চাল্লা অজয় নে ৰাজন কা নাক মে দম কৰ দিয়া থা। শেষত অজয় গৈ গব্বৰ সিঙৰো ওচৰ চাপিছিল। কিন্তু ৰাজনৰ পথ ৰুদ্ধ কৰিব পৰা নাছিল। আজিও অজয়ৰ ‘হিৰোগিৰি’ কমা নাই। ৰাজনৰ পিছ নেৰে কেতিয়াও, মৰতে দম তক! মাজে মাজে ডাউদকো কামুৰিবলৈ নেৰে।

ডাউদ ৰাজনৰ সৈতে মুখত মিলি থাকিলেও মোগেম্ব’ই তেওঁক অধিক দায়িত্ব দিয়া বিষয়তো তলে তলে হজম কৰিব পৰা নাছিল। দুয়োৰে চকু আছিল মোগেম্ব’ৰ কুৰ্চিৰ ওপৰত। ভিতৰি ভিতৰি দুয়োৰে মাজত শীতল যুদ্ধ আৰম্ভ হৈ গৈছিল। ইতিমধ্যে মোগেম্ব’ৰ বিদেশত শিক্ষাগ্ৰহন কৰি থকা আলাসৰ লাৰু ‘শক্তি কাপুৰ’ আহি অসম মুলুক পাইছিলহি। আও ললিতাকো অষ্ট্ৰেলিয়াৰ পৰা লৈ আহিছিল। বিয়াও পাতিছিল। বিয়াৰ পাছত এজন বিখ্যাত কবিয়ে গাইছিল- এখন বিয়া শেষ হ'ল, এখন বিয়া শেষ হ'ল। কাৰণ এই ছোটাডনৰ এমাহলৈ চলিছিল এখন ষ্টেডিয়ামত।লগে লগে ৰাজনৰ অংকত আউল লাগিছিল। ইফালে ডাউদে শক্তিক মোগেম্ব’ৰ সাম্ৰাজ্যৰ উত্তৰাধিকাৰী হিচাবে গ্ৰহন কৰি সকলো কুট কৌশল শিকাবলৈ ধৰিলে। বিশেষকৈ মতা মাছ আৰু মাইকী মাছৰ বিষয়ে বিশেষ জ্ঞান দিছিল। ডাউদৰ কথা হ’ল শক্তিৰ ব্ৰেইনত একো এডাল নাই, ইফালে সৰু লৰা। ইয়াক ‘প্ৰক্সি’ ডন পাতি নিজে চলাই যাব পাৰিব মোগেম্ব’ৰ সাম্ৰাজ্য। মোগেম্ব’ও ডাউদৰ প্ৰতি লাহে লাহে সহানুভুতিশীল হবলৈ ধৰিলে। কিন্তু ৰাজন হ’ল ডেম কেৱাৰ টাইপৰ গেংষ্টাৰ। নতুনকৈ মোগেম্ব’ৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত হোৱা গেংষ্টাৰসকলকলৈ ৰাজনে মোগেম্ব’ক কুৰ্চিচ্যুৎ কৰাৰ কৌশল ৰচনা কৰিবলৈ ধৰিলে। ৰাজন বুদ্ধিদ্বীপ্ত যদিও অলপতে জেক খোৱা টাইপৰ গেংষ্টাৰ আছিল। তেওঁ আগতে কাটি খুৱাই থোৱা নবীন প্ৰবীন সকলো গেংষ্টাৰে ৰাজনক জেক দিবলৈ ধৰিলে।

‘ভাই, মোগেম্ব’ কা আভি ৱো ৰুটবা নেহি ৰহা, আপ উনকা কুৰ্চি চিন চকতে হো। আপকে সিৱা ডন বননে লায়ক হে কৌন? অগৰ মাংগনে চে নেহি মিলটা হে তো চিন লো। হাম আপকে চাথ হে।’

‘হা হম চাথ হে...’ সবেই একেলগে জেক দিয়ে। তেঁৱো জেক খাই মোগেম্ব’ৰ বিৰুদ্ধে থিয় দিলে।

এবাৰ ৰাজন আছিল USAত। তেতিয়ালৈকে ডাউদক ৰাজনে নিজৰ বন্ধু বুলিয়ে ভাৱি আছিল, ডাউদৰ কু-অভিসন্ধি বুজা নাছিল। তাৰ পৰা মোবাইলত ফোন কৰিলে ডাউদলৈ – ‘আব্বে দোস্ত কেচা হে তু?’

‘থিক হু, আব্বে তু বতা কেইচা চল ৰহা তেৰা মস্তি?’- ডাউদে সুধিলে। ডাউদ তেতিয়া মোগেম্ব’ৰ কাষতে ৰৈ আছিল। ‘চাৰ ৰাজন কা ফোন হে, আপ থোৰা চুপ ৰহিয়ে। আপকো দিখা ৰহাহু উচকা আচলি চেহৰা।’ ডাউদে ফোনত হাত থৈ মোগেম্ব’ক ফুচফুচাই কলে। সেইবুলি কৈয়ে মোবাইল হেণ্ডচফ্ৰি কৰি দিলে।
‘অউৰ বতা চালা বুদ্ধা কেইচা হে, দিল কা দউৰা নেহি পৰা উচকো?’- ৰাজনে সুধিলে। ডাউদে লগে লগে মোগেম্ব’ক ইচাৰা কৰিলে, মোগেম্ব’ৰ টেমা চুতি গ’ল।
‘বুদ্ধা মতলব কৌন?’- ডাউদে ৰাজনৰ পৰা কথা উলিয়াবৰ বাবে বুজিও নোপোৱাৰ ভাও ধৰিলে।
‘তু সমঝা নেহি, মে হামাৰে মোগেম্ব’ কা বাত কৰ ৰহা হু, মোগেম্ব’ চালা বুদ্ধা, মৰা নেহি অভি টক? হা হা হা।’- ৰাজনৰ কথা শুনি মোগেম্ব’ৰ চকুলো নিগৰিল।
‘অউৰ তু যো শক্তিকো লেকে ঘুমতা ৰেহতা হে, য়ো ক্যা হমাৰা ৰাজকুমাৰ হে?’- ৰাজনে পুণৰ কতাক্ষ কৰিলে। ৰাজকুমাৰ হ’ল মোগেম্ব’ৰ মাইবাপ দিল্লীষ্ঠ লেডীডনৰ তনয়।

সি যি নহওক দাউদ-ৰাজনৰ বন্ধুত্বৰ জৱনিকা পৰিল। দুয়োৰে চকু কেৱল মোগেম্ব’ৰ কুৰ্চিত। ইফালে মোগেম্ব’ও এৰি দিয়া ভকত নহয়। নাওঁ বুৰিলেও টিঙৰ ননমা টাইপৰ ডন। লাহে লাহে তেওঁৰ ডাইল’গবোৰো সলনি হবলৈ ধৰিলে। তেওঁ কথাই কথাই ‘চোড়ো ইয়াৰ’, ‘also ঝুথ বোলকে কোই ফাইদা নেহি’ আৰু তাৰ পাছত ‘হে হে হে’ কৰা হ’ল। তেওঁ ৰাজনৰ ‘অপেন চেলেঞ্জ’ একচেপ্ত কৰিলে কাৰণ তেওঁলোকৰ অল-ইন-অল দিল্লীষ্ঠ মেডাম লেডিডনে তেওঁকে পচন্দ কৰে আৰু ৰাজনে যিমানে দপ দপাই নাথাকক বা যিমানে গেংষ্টাৰ তেওঁৰ ফলীয়া নকৰক কিয় মেডামে আলটিমেটলি তেওঁকে অসমৰ মাইবাপ কৰি ৰাখিব। মোগেম্ব’ই ভৱা মতেই কাম। ৰাজনৰ সকলো চেলেঞ্জকে মোগেম্ব’ই দুই ভৰিৰে মোহাৰিব ধৰিলে। ৰাজনক জেক দিয়াসকলেও তেওঁ শক্তিহীন হৈ অহা দেখি কাটি খাবলৈ ধৰিলে। ৰাজনে বুজিলে কলা সাম্ৰাজ্যৰ নীতি-নিয়ম। কিন্তু দাউদ চালু মাল। ৰাজনক ফুল গাদ্দাৰী কৰি শক্তিৰ লগত মিলি শক্তিখেলত নিজকে অটুট ৰাখিলে আৰু মোগেম্ব’ৰ মেইন গেংষ্টাৰ হৈ সাম্ৰাজ্য চলাই গ’ল।

ইফালে দিল্লীত আৱিৰ্ভাৱ হ’ল ইণ্টাৰনেচ’নেল ডন চাকালৰ। চাকালে একেচাতে দিল্লীৰ লেডী ডনক ওফৰাই পেলালে। ৰাজকুমাৰৰো অৱস্থা নোহোৱা হ’ল। ইণ্টাৰনেচ’নেল ডন চাকালে ইণ্টাৰনেচ’নেল টুৰ কৰি দুনিয়াখন ঘুৰি ফুৰে। ভাৰতত থাকিবলৈ বৰ এটা ভাল নাপায়। অকেজ’নেল ভিজিট দিয়ে মাজে মাজে অৱশ্যে। তেওঁৰ অনুপস্থিতিত অৰুন গউলি নামৰ ডনজনেই ভাৰতৰ কাম-কাজ চোৱা-চিতা কৰে। ইফালে ৰাজনে চেগ বুজি চাকালৰ ওচৰ চাপিল। গউলিহঁতৰ এতিয়া চকু মোগেম্ব’ৰ সাম্ৰাজ্যৰ ওপৰত। অৱশেষত ডাউদ আৰু ৰাজনৰ কুৰ্চিকলৈ টনা-আজোৰাত মোগেম্ব’ৰ সাম্ৰাজ্য ঠান-বান হৈ পৰিল। সময় যে কিমান নিষ্ঠুৰ! এসময়ৰ দুই জিগ্ৰি দোষ্ট এতিয়া 'জানি দুচমন'। দুয়োৰে মাইবাপো সলনি হ'ল। এতিয়া দুয়ো দুয়োৰে ইলাকাত ঘুচপেথ কৰি ফুল হামলা দিয়া আৰম্ভ কৰিছে। ৱালগাৰ হো! বহুধা বিভক্ত হৈ পৰিল অসমৰ গেংষ্টাৰসকল। এটা পক্ষত আছে চাকালৰ ৰাজনহঁত, আনটো পক্ষত মোগেম্ব’-ডাউদ। হাজী মস্তানেও সময়ৰ খৰ মাৰিবলৈ প্ৰস্তুত হৈছে। উপায় নাপায় মোগেম্ব’ই আজিকালি হাজী মস্তানক পাত্তা দিয়ে যদিও হাজী মস্তানৰ আজিকালি বহুত তাও বাঢ়িল। বহুতৰ দুয়োটাৰ মাজত ইলু ইলু হোৱা বুলিও কয়। কোনটো পক্ষত কোন থিয় দিয়ে তাকলৈ চাচপেন্স বৰকৰাৰ আছে। গব্বৰ সিঙৰ বহুকেইজন নামী লোকেল গেংষ্টাৰ চাকাল-ৰাজনৰ গেঙত চামিল হৈছে। কিন্তু এই গেংৱাৰত অসমৰ কি লাভ হ'ল। এতিয়া কলিজাই কৰে ঢিপিছ পিছ, বেমাৰ এনকেফেলাইটিছ, অসমখনক মেলেৰিয়াই খায়, ৰাজন-ডাউদৰ হাঁহাকাৰ, কান্দি-কাতি হুলস্থুল, কোন প্ৰকৃততে জিকিল, কোন হাৰিল, হিচাব দেখো নাই। অসমখনক মেলেৰিয়াই খায়!

No comments:

Post a Comment